News9 Global Summit: একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিল বিজেপি… জাৰ্মানীত মোদীৰ সাফল্যৰ কথা ক’লে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে
News9 Global Summit Germany: জাৰ্মানীত আৰম্ভ হৈছে দেশৰ ১ নম্বৰ নিউজ নেটৱৰ্ক TV9 ৰ নিউজ৯ গ্ল’বেল ছামিট। ইয়াত উপস্থিত হৈ দেশৰ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নিজৰ মতামত ব্যক্ত কৰে। তেওঁ চৰকাৰৰ সাফলতাৰ হিচাপ দিয়ে আৰু পৰিৱৰ্তিত বিশ্ব পৰিৱেশৰ বিষয়েও কয়।
জাৰ্মানীত আৰম্ভ হৈছে দেশৰ ১ নম্বৰ নিউজ নেটৱৰ্ক টিভি৯ৰ নিউজ৯ গ্ল’বেল ছামিট। এই সন্মিলনত দেশৰ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ‘ভাৰত আৰু জাৰ্মানীৰ বহনক্ষম উন্নয়নৰ বাবে ৰোডমেপ’ সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে। তেওঁ ভাষণত কয়, জাৰ্মানী আৰু ভাৰতৰ সকলো জনসাধাৰণক ধন্যবাদ। ভাৰতৰ হৈ মই জাৰ্মানীৰ জনসাধাৰণক আদৰণি জনাইছোঁ। যোৱা ৫ বছৰত বিশ্বত তিনিটা ডাঙৰ অসুবিধা দেখা গৈছে। ইয়াৰে Covid আৰু বিশ্বৰ বিভিন্ন দেশৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল।
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, ২০২৪ চনত গণতান্ত্ৰিক দেশসমূহৰ নিৰ্বাচন দেখা গৈছে। ভাৰততো ৬ মাহ আগতে নিৰ্বাচন অনুষ্ঠিত হৈছিল। ভাৰতত ৯৬.৮ কোটি ভোটাৰ আছে। এইটো আছিল বিশ্বৰ আটাইতকৈ ডাঙৰ নিৰ্বাচন। এতিয়া ডিজিটেল যুগৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে বিশ্ব। প্ৰযুক্তিৰ প্ৰতি ভাৰত অতি সচেতন। ইয়াৰ ফলত ভাৰতৰ লোকসভা নিৰ্বাচনৰ ফলাফল মাত্ৰ ৫ ঘণ্টাৰ ভিতৰতে ঘোষণা কৰা হ’ল।
মোদী চৰকাৰৰ নীতিৰ ওপৰত মানুহৰ বিশ্বাস আছে
অশ্বিনী বৈষ্ণৱে কয়, এই পৰিৱৰ্তিত বিশ্বব্যাপী ডিজিটেল পৰিৱেশৰ মাজতে ডাঙৰ কথাটো হ’ল ভাৰতীয় জনতা পাৰ্টি তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিছে। ইয়াৰ দ্বাৰা মোদী চৰকাৰৰ নীতি আৰু আঁচনিৰ ওপৰত মানুহৰ আস্থা প্ৰকাশ পায়। ভাৰতৰ জনসাধাৰণে স্থিতিশীলতাৰ বাবে ভোট দিলে। দহ বছৰ আগতে যেতিয়া মোদী ডাঙৰীয়া ক্ষমতালৈ আহিছিল, তেতিয়া জিডিপিৰ হিচাপত ভাৰত আছিল দশম বৃহত্তম অৰ্থনীতি। সেই সময়ত প্ৰতিষ্ঠানৰ প্ৰতি মানুহৰ আস্থা কম আছিল। জিডিপিৰ ফালৰ পৰা এটা দশকৰ ভিতৰত ভাৰতবৰ্ষ এতিয়া পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি। ২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব।
আজি আমি দ্ৰুতগতিত আগবাঢ়িছোঁ…
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, আজি আমি দ্ৰুতগতিত আগবাঢ়িছোঁ, মুদ্ৰাস্ফীতিয়ো নিয়ন্ত্ৰণত আছে। চৰকাৰৰ বেলেন্স শ্বীট যথেষ্ঠ ভাল। Covid সময়ছোৱাৰ পিছত ভাৰতে বিনিয়োগৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। মই আপোনালোকক ক’ব বিচাৰিছো যে, আজি ভাৰতৰ সফলতা কেৱল হঠাতে হোৱা নহয়। এয়া মোদী চৰকাৰৰ চিন্তা আৰু কৌশলৰ ফল। এই বৃদ্ধিৰ আছে মূল চাৰিটা বিন্দু, ইয়াৰ প্ৰথম কথা হ’ল ভৌতিক, সামাজিক আৰু ডিজিটেল আন্তঃগাঁথনিত বিনিয়োগ। দ্বিতীয়টো কথা হ’ল বৃহৎ পৰিসৰত বৃদ্ধিৰ কাৰ্যসূচীত কাম কৰা আৰু তৃতীয়টো হ’ল উৎপাদন আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়া। চতুৰ্থ কথাটো হ’ল আইনী আৰু অভিযোগৰ গাঁথনি সৰলীকৰণ।
ভাৰত জাৰ্মানীৰ সম্পৰ্কত কি ক’লে অশ্বিনী বৈষ্ণৱ?
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, নিশ্চিতভাৱে বহু গুৰুত্বপূৰ্ণ কথা আছে য’ত ভাৰত আৰু জাৰ্মানীৰ মিল আছে। আগন্তুক যাত্ৰা ভাল হ’ব বুলি মই নিশ্চিত। মই ভাবো ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ ক্ষেত্ৰত বহুত কথা আছে, ইনফিনিয়নৰ সৈতে আমাৰ সঠিক আলোচনা হৈছিল। আমি একেলগে আৰু বহুতো কাম কৰিব পাৰোঁ।