শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইউক্ৰেইন বা তালিবান নহয়, ড’নাল্ড ট্ৰাম্পৰ আমেৰিকাৰ ওপৰত প্ৰতিশোধ লোৱাৰ ভাবুকি এগৰাকী মহিলাৰ

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ ভগ্নীয়ে ভাবুকি প্ৰদান কৰিছে আমেৰিকাক। আকৌ এবাৰ  উত্তৰ কোৰিয়াৰ পৰা সতৰ্কবাণী লাভ কৰিছে আমেৰিকাই।  কিম যো জঙে এক বিবৃতিত উত্তৰ কোৰিয়া প্ৰতি আমেৰিকাই শত্ৰু দেশৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ।

ইউক্ৰেইন বা তালিবান নহয়, ড’নাল্ড ট্ৰাম্পৰ আমেৰিকাৰ ওপৰত প্ৰতিশোধ লোৱাৰ ভাবুকি এগৰাকী মহিলাৰ
কিম জং উনৰ কনিষ্ঠ ভগ্নী কিম যো জং
trishna-kalita
Trishna Kalita | Updated On: 04 Mar 2025 13:22 PM

বৰ্তমান সময়ত দ্ৰুত অৱনতি ঘটিছে ইউক্ৰেইনৰ সৈতে আমেৰিকাৰ সম্পৰ্ক। ইফালে প্ৰতিদিনে আফগানিস্তানৰ তালিবানৰ পৰা সতৰ্কবাণী লাভ কৰিছে আমেৰিকাই।  আমেৰিকাক একেবাৰেই পচন্দ নকৰে উত্তৰ কোৰিয়াৰ নেতা কিম জঙে। যাৰ বাবে  প্ৰতিদিনে আমেৰিকাক ভাবুকি প্ৰদান কৰা দেখা যায়। আকৌ এবাৰ  উত্তৰ কোৰিয়াৰ পৰা সতৰ্কবাণী লাভ কৰিছে আমেৰিকাই।  কিন্তু এইবাৰ এই সতৰ্কবাণী কিম জঙে নহয় তেওঁৰ ভগ্নী কিম যো জঙেহে দিছে।

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ ভগ্নীয়ে ভাবুকি প্ৰদান কৰিছে আমেৰিকাক। তেওঁ দক্ষিণ কোৰিয়াত আমেৰিকাৰ বিমানবাহী জাহাজ আৰু অন্যান্য সামৰিক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ ভাবুকি দিয়ে। কিম যো জঙে আমেৰিকা আৰু ইয়াৰ অনুৰাগীসকলক উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰে। কিম যো জঙৰ এই সতৰ্কবাণীৰ অৰ্থ হ’ল উত্তৰ কোৰিয়াই সম্ভৱতঃ অস্ত্ৰ পৰীক্ষা ত্বৰান্বিত কৰিব। আমেৰিকাৰ বিৰুদ্ধে তেওঁ নিজৰ সংঘাতপূৰ্ণ স্থিতি বজাই ৰাখিব। অৱশ্যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কূটনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে কিম জং উনৰ সৈতে যোগাযোগ কৰিব বুলি কৈছে।

কিম যো জঙে আমেৰিকাই দক্ষিণ কোৰিয়ালৈ এয়াৰক্ৰাফ্ট প্ৰেৰণ কৰাটো সামৰিক প্ৰৰোচনাৰ কাম বুলি অভিহিত কৰিছে। লগতে এনে কাৰ্যই উত্তৰ কোৰিয়াৰ পাৰমাণৱিক সম্প্ৰসাৰণ অব্যাহত ৰখাৰ ন্যায্যতা প্ৰদান কৰে বুলিও উল্লেখ কৰে। আমেৰিকাই দক্ষিণ কোৰিয়াৰ বুছান বন্দৰলৈ USS কাৰ্ল ভিনছনমিটজ শ্ৰেণীৰ এয়াৰক্ৰাফ্ট প্ৰেৰণ কৰিছে। তাৰ পিছত পুনৰ দুয়োখন দেশৰ মাজত সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিম জঙৰ ভগ্নীয়ে এই পদক্ষেপক ‘সংঘাতৰ ব্যাপক নীতি’ৰ অংশ বুলি অভিহিত কৰিছে।

 

উত্তৰ কোৰিয়াৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিঃ কিম যো জং

চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কিম যো জঙে এক বিবৃতিত উত্তৰ কোৰিয়া প্ৰতি আমেৰিকাই শত্ৰু দেশৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে কোৰিয়া উপদ্বীপত আমেৰিকাৰ কৌশলগত সম্পদ নিয়োগ কৰাটো উত্তৰ কোৰিয়াৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি। উত্তৰ কোৰিয়াই নিজৰ নিৰাপত্তাৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰিছে। দেওবাৰে আমেৰিকাৰ বিমানবাহী জাহাজ ইউ এছ এছ কাৰ্ল ভিনছন আৰু ইয়াৰ ‘ষ্ট্ৰাইক’ গোট দক্ষিণ কোৰিয়াত উপস্থিত হয়। ইয়াৰ পিছত পোহৰলৈ আহিছে কিম যো জঙৰ এই প্ৰতিক্ৰিয়া।

কিম জং উনৰ কনিষ্ঠ ভগ্নী কিম যো জং। মূল সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাত তেওঁক অন্তৰ্ভুক্ত কৰা হৈছে। ২০১৮ চনৰ শীতকালীন অলিম্পিক গেমছত ভাতৃৰ স্থানত জঙে দেশৰ নেতৃত্ব দিছিল। ইয়াৰ পিছত শাসকীয় দলত তেওঁৰ মৰ্যাদা আৰু বৃদ্ধি পালে। একনায়কত্ববাদী কিমৰ ভগ্নীৰ ওপৰত আছে সম্পূৰ্ণ আস্থা।

দক্ষিণ কোৰিয়াৰ নৌসেনা

আমেৰিকাই উত্তৰ কোৰিয়াৰ শত্ৰু দক্ষিণ কোৰিয়াক অহৰহ সহায় কৰি আছে আৰু সামৰিক সহায় আগবঢ়াই আহিছে। ইফালে দক্ষিণ কোৰিয়াৰ নৌসেনাই এই নিয়োগক শক্তিৰ কৌশলগত প্ৰদৰ্শন বুলি অভিহিত কৰিছে। যিয়ে বৰ্ধিত আঞ্চলিক উত্তেজনাক প্ৰতিফলিত কৰিছে। এই শেহতীয়া ঘটনাৰ প্ৰতি কিম জং উনে নিজেই কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষ্যণীয়।