5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আফগানিস্তানৰ ওপৰত পাকিস্তানৰ বিমান আক্ৰমণ, শিশু মহিলাসহ ১৫ ৰো অধিক মৃত্যু…

ৰাছিয়া- ইউক্ৰেইন, ইজৰাইল-গাজাৰ মাজত চলি থকা যুদ্ধৰ মাজতে আন এক খবৰ পোহৰলৈ আহিছে। মঙলবাৰে নিশা আফগানিস্তানৰ ওপৰত বিমান আক্ৰমণ সংঘটিত কৰে পাকিস্তানে। এই আক্ৰমণত বহুলোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হয়। ঘটনাস্থলীত এতিয়া চলি আছে উদ্ধাৰ অভিযান।

আফগানিস্তানৰ ওপৰত পাকিস্তানৰ বিমান আক্ৰমণ, শিশু মহিলাসহ ১৫ ৰো অধিক মৃত্যু…
প্ৰতীকি ফটোImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 25 Dec 2024 10:21 AM

মঙলবাৰে নিশা আফগানিস্তানৰ কেইবাটা অঞ্চলত পাকিস্তানে চলাই বিমান আক্ৰমণ। আফগানিস্তানৰ পাক্তিকা প্ৰদেশৰ বৰমালা জিলাত সংঘটিত হোৱা এই বিমান আক্ৰমণত শিশু মহিলাসহ কমেও ১৫ জন লোক নিহত হয় লগতে আহত হয় বহুতো। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি মঙলবাৰে নিশা সংঘটিত হোৱা এই আক্ৰমণত লমনকে ধৰি ৭ খন গাঁৱক লক্ষ্য কৰি লোৱা হয়। এই ঘটনাত এটা পৰিয়ালৰে ৫ জনকৈ সদস্যৰ মৃত্যু হয়। স্থানীয়লোকৰ মতে পাকিস্তানী জেট বিমানে এই আক্ৰমণ সংঘটিত কৰিছে।

জানিব পৰা মতে , এই আক্ৰমণৰ ফলত বৰমালৰ মুৰগবজাৰ গাঁও ধ্বংস হৈ গৈছে যাৰ ফলত মানৱীয় সংকট বৃদ্ধি পাইছে। এই বিমান আক্ৰমণৰ পাছতেই অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। আফগানিস্তানৰ মন্ত্ৰালয়ে কৈছে যে, নিজৰ ভূমি আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰাটো বৈধ অধিকাৰ। এই আক্ৰমণ গৰিহনাৰ যোগ্য বুলি উল্লেখ কৰি তেওঁলোকে কয় যে, ঘটনা সংঘটিত হোৱা স্থানত সৰ্বাধিক ৱাজিৰিষ্টান শৰণাৰ্থী আছিল। অৱশ্য বৰ্তমানলৈ পাকিস্তানে আনুষ্ঠানিকভাৱে এই আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰা নাই। কিন্তু সামৰিক বাহিনীৰ ঘনিষ্ঠ নিৰাপত্তাৰক্ষীৰ সূত্ৰই সীমান্তৰ ওচৰৰ তালিবানৰ স্থানসমূহক লক্ষ্য কৰি আক্ৰমণ কৰা বুলি মত প্ৰকাশ কৰিছে।

তথ্য অনুসৰি বিগত কেইটামান দিন পাকিস্তান তালিবান বা তেহৰিক-ই-তালিবান পাকিস্তানে (টিটিপি)য়ে পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰিছে। পাকিস্তানে দাবী কৰিছে যে আফগান তালিবানে এই সন্ত্ৰাসবাদীসকলক আশ্ৰয় দি আহিছে। তাৰ পাছতে তালিবান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ ইনায়াতুল্লাহ খাৱাৰজামীয়ে পাকিস্তানৰ দাবী খণ্ডন কৰি কয় যে পাকিস্তানৰ বিমান আক্ৰমণত সাধাৰণ নাগৰিক আৰু ৱাজিৰিষ্টানৰ শৰণাৰ্থীহে নিহত হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, ৱাজিৰিষ্টান শৰণাৰ্থী হৈছে পাকিস্তানৰ জনজাতীয় অঞ্চলত সামৰিক অভিযানৰ বাবে স্থানচ্যুত হোৱা সাধাৰণ নাগৰিক।

ইনায়াতুল্লাহ খাৱাৰজামীয়ে কয় যে, এই আক্ৰমণত বহু শিশু আৰু মহিলাৰ মৃত্যু হৈছে। এতিয়ালৈকে আঘাতপ্ৰাপ্ত বা মৃত্যু হোৱাৰ নিশ্চিত সংখ্যা কোৱা টান। বৰ্তমানলৈ ১৫ শিশু মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে। ঘটনাস্থলীত অনুসন্ধান অব্যাহত আছে আৰু পাছলৈ এই মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ বিপৰীতে পাকিস্তানে দাবী কৰে যে টিটিপিৰ বহু সদস্য আফগানিস্তানলৈ পলায়ন কৰিছে আৰু তালিবানৰ সহায়ত তেওঁলোকে আশ্ৰয় লৈ আছে। টিটিপিৰ বাবে পাকিস্তান আৰু আফগানিস্তানৰ মাজত যোৱা কেইটামান দিন ধৰি উত্তেজনা বৃদ্ধি পাইছে। তাৰ মাজতে কালি নিশা পাকিস্তানে এই আক্ৰমণ চলায়। গতিকে এই আক্ৰমণৰ প্ৰত্যুত্তৰ আফগানিস্তানে কেনেকৈ দিয়ে সেয়া সময়ত হ’ব লক্ষণীয়।

Latest News