উত্তপ্ত মুছলিম দেশ! ছিয়া- চুন্নীৰ মাজৰ সংঘৰ্ষত ৪৯ জন নিহত, কিহৰ বাবে এই বিবাদ?
ছিয়াসকল মুঠ জনসংখ্যাৰ প্ৰায় ১৫ শতাংশ। একে সময়তে ৯৬ শতাংশতকৈ অধিক মুছলমান জনসংখ্যা থকা এই দেশত প্ৰায় ৮০ শতাংশ চুন্নী।এটুকুৰা মাটিক লৈ দুটা ফৈদৰ মাজত আৰম্ভ হোৱা বিবাদ ৰক্তাক্ত হৈ পৰিছে।
এটুকুৰা মাটিক লৈ দুটা ফৈদৰ মাজত আৰম্ভ হোৱা বিবাদ ৰক্তাক্ত হৈ পৰিছে। এসপ্তাহ ধৰি চলি থকা এই সংঘৰ্ষত এতিয়ালৈকে ৪৯ জনলোকৰ মৃত্য়ু হোৱাৰ লগতে ১৮০ জনৰো অধিক আহত হৈছে। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত এটুকুৰা মাটিৰ বাবে এই বিবাদ আৰম্ভ হৈছে। ৰাষ্ট্ৰখন খাইবাৰ পাখতুনখোৱাৰ কুৰৰাম জিলাত বিগত কেইবাটা দিন ধৰি এই বিবাদ অব্যাহত আছে।
পাকিস্তানী সংবাদ মাধ্যমৰ তথ্য অনুসৰি বশেৰাৰ পৰা আৰম্ভ হোৱা এই সংঘাত পৰৱৰ্তী সময়ত পীৱৰ, টাংগী, বালিশখেল, খাৰ কিল্লে, মকবাল, কুঞ্জ আলিজাই আৰু পাৰা চামকানি অঞ্চললৈ বিয়পি পৰিছে।জানিব পৰা মতে যোৱা বুধবাৰে এই ভূমি বিবাদক লৈ এজন ব্যক্তিয়ে গুলীচালনা কৰে, তাৰ পিছত সংঘাত তীব্ৰতৰ হৈ পৰে। এতিয়াও এই সংঘাত শাম কটাৰ নাম লোৱা নাই।
পাকিস্তানী সংবাদ মাধ্যমৰ মতে, আফগানিস্তানৰ সীমান্তৱৰ্তী জনজাতীয় অঞ্চল আপাৰ কুৰ্ৰমত চুন্নী আৰু ছিয়া জনজাতিৰ মাজত কেইবাদিনো ধৰি সংঘাত অব্যাহত আছে। দুয়োপক্ষই মৰ্টাৰ আৰু ৰকেট চালিত গ্ৰেনেডকে ধৰি গধুৰ অস্ত্ৰ ব্যৱহাৰ কৰি সংঘৰ্ষ আৰু অধিক বেয়ালৈ ঢাল খোৱাইছে। যাৰ বাবে এতিয়ালৈকে এই সংঘাতত ৪৯ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৮০ জনৰো অধিক আহত হৈছে।
কিছু অঞ্চলত সংঘৰ্ষ কিছু শাম কাটিলেও এতিয়াও কিছুমান অঞ্চলত অব্যাহত আছে। অঞ্চলসমূত শান্তি স্থাপনৰ বাবে আৰক্ষীৰ, নিৰাপত্তাৰক্ষী জোৱান মোতায়েন কৰিছে।
তথ্য অনুসৰি ৩০ একৰ ভূমিৰ বাবে চুন্নী আৰু ছিয়া মুছলিমসকলৰ মাজৰ এই সংঘৰ্ষ অতি পুৰণি। দশক দশক ধৰি এই জনগোষ্ঠীয়ে ৩০ একৰৰ মাটিখিনিক লৈ সংঘৰ্ষত লিপ্ত হৈ আহিছে। এই মাটিখিনিৰ স্বত্বাধিকাৰিৰ অধিকাৰৰ বাবে কুৰ্ৰম দিলাৰ বুশেহৰা গাঁৱৰ দুটা জনগোষ্ঠী গুলাব মিল্লী খেল (ছিয়া) আৰু মদগী কলে (চুন্নী) সকলৰ মাজত কেইবা দশক ধৰি সংঘৰ্ষ চলি আহিছে। ভূমি বিবাদক লৈ প্ৰায়ে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি থাকে।
ইয়াৰোপৰি কবায়লী পৰিষদ (জিৰগা)ৰ সদস্যই এই বিবাদ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই আহিছে। বিগত বৰ্ষতো এই মাটিখিনিক লৈ সংঘাতৰ সৃষ্টি হৈছিল কিন্তু পাছলৈ এক চুক্তি ৰূপায়ন কৰি সকলো শান্ত কৰা হৈছিল। কিন্তু প্ৰায় ১ বছৰ পাছত পুনৰ এই বিবাদে গা কৰি উঠে।
যোৱা বছৰ স্বাক্ষৰিত চুক্তিত সিদ্ধান্ত লোৱা হৈছিল যে ৰাজহ বিভাগৰ নথি-পত্ৰৰ ভিত্তিত এই ভূমি বিবাদ নিষ্পত্তি কৰা হ’ব। কবায়লী পৰিষদ (জিৰগা)ৰ সদস্যসকলে নথি-পত্ৰৰ ভিত্তিত সিদ্ধান্ত লয় যে বিবাদিত ভূমি গুলাব মিলি খেল (ছিয়া সম্প্ৰদায়) ৰ। অৱশ্যে কোৱা হৈছিল যে তৃতীয় পক্ষই এই মাটি ব্যৱহাৰ কৰিব আৰু বিনিময়ত গুলাব মিলি খেলক নিৰ্দিষ্ট পৰিমাণৰ ধন দিব । লগতে সিদ্ধান্ত লৈছিল এবছৰ পাছত গুলাব মিল্লি খেলে জনাব সেই মাটি ঠিকা দিবনে ব্যৱহাৰ কৰিব। এবছৰ সম্পূৰ্ণ হোৱাৰ পিছত যেতিয়া গুলাব মিল্লি খেলে এই মাটিৰ মালিকীস্বত্ব দাবী কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া এই বিষয়ত আনটো পক্ষৰ লগত আকৌ সংঘৰ্ষৰ আৰম্ভ হয়।
২০০৯ চনৰ পিউ ৰিচাৰ্চৰ প্ৰতিবেদন অনুসৰি পাকিস্তানৰ ছিয়াসকল মুঠ জনসংখ্যাৰ প্ৰায় ১৫ শতাংশ। একে সময়তে ৯৬ শতাংশতকৈ অধিক মুছলমান জনসংখ্যা থকা এই দেশত প্ৰায় ৮০ শতাংশ চুন্নী। পাকিস্তানৰ ছিয়া আৰু চুন্নী সম্প্ৰদায়ৰ মাজৰ সংষৰ্ষ বহু পুৰণি। মানৱ অধিকাৰ সংগঠনৰ মতে ২০০১ চনৰ পৰা পাকিস্তানত বিভিন্ন সংঘৰ্ষত ২৫০০ৰো অধিক ছিয়া নিহত হৈছে।