পাকিস্তানত কেনেকৈ হিন্দু যুৱতীক ধৰ্মান্তৰিত কৰা হয়?
দিনক দিনে পাকিস্তানত বৃদ্ধি পাইছে হিন্দুৰ ওপৰত অত্যাচাৰ। চুবুৰীয়া ৰাষ্ট্ৰখনত যেন সুৰক্ষিত নহয় কোনো হিন্দু যুৱতী। অপহৰণ, বলপূৰ্বক বিবাহ আদি যে সামান্য কথা।
অপহৰণ, ধৰ্মান্তৰকৰণ, বলপূৰ্বক বিবাহ আদিৰ ঘটনা পাকিস্তানত প্ৰায়ে দেখা যায়। দেশখনত হিন্দু হোৱা অপৰাধ নেকি? পাকিস্তানত হিন্দু জনসংখ্যা কমিছে নেকি? বছৰ বছৰ ধৰি পাকিস্তানত হিন্দুৰ ওপৰত অত্যাচাৰ চলি আহিছে। হিন্দু যুৱতী যেন সুৰক্ষিত নহয় চুবুৰীয়া ৰাষ্ট্ৰখনত। এনে পৰিস্থিতিত বহু হিন্দু দল সংগঠন আদিয়ে এই অত্যাচাৰৰ বিৰুদ্ধে মাত মাতি এয়া বন্ধ কৰাৰ চেষ্টা চলাই আহিছে।
১৯ ডিচেম্বৰ ২০২৪… পাকিস্তানৰ সিন্ধ প্ৰদেশৰ কাছমোৰ জিলাৰ আশা নামৰ এগৰাকী হিন্দু যুৱতীক বলপূৰ্বকভাৱে ধৰ্মান্তৰিত কৰা হয়। এই ধৰ্মান্তৰণৰ অভিযোগ উত্থাপন হৈছে মিয়া মিঠ্ঠুৰ বিৰুদ্ধে। মিয়া মিঠঠু হৈছে পাকিস্তানত ধৰ্মান্তৰণ প্ৰক্ৰিয়া চলাই থকা চক্ৰৰ মাষ্টাৰমাইণ্ড। অভিযোগ অনুসৰি হাজাৰ হাজাৰ হিন্দু যুৱতীক তেওঁ ধৰ্মান্তৰিত কৰিছে। জানিব পৰা মতে তেওঁ পাকিস্তানত হিন্দু কন্যাসকলক বলপূৰ্বক ধৰ্মান্তৰিত কৰা এগৰাকী কুখ্যাত মৌলৱী। পাকিস্তানী টিভি চেনেল “নিউজ ৯২′′ৰ দাবী যে ২০১৭ চনৰ ছেপ্টেম্বৰ মাহলৈকে কেৱল পীৰ হাফিজ গুলাম মহম্মদ সোহো ওৰফে “বাবা ছাই”য়ে ১৮ হাজাৰতকৈ অধিক হিন্দুক বলপূৰ্বকভাৱে ধৰ্মান্তৰিত কৰিছে।
২০১৯ ৰ পৰা ২০২৩ লৈ
তথ্য অনুসৰি জানিব পৰা মতে,২০১৯ চনৰ পৰা ২০২৩ চনলৈ ১৭৭৪ তকৈ অধিক হিন্দুক ধৰ্মান্তৰিত কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, কেৱল মিয়া মিঠঠুয়ে নহয় পাকিস্তানত আৰু বহু এনেলোক আছে যিয়ে এই ধৰ্মান্তৰিত কৰাৰ কাম কৰে। পাকিস্তানৰ আটাইতকৈ বিপদজনক “বাবা ছাই” এনে এজনলোক যিয়ে বলপূৰ্বকভাৱে হাজাৰ হাজাৰ হিন্দু লোকক মুছলমানলৈ ধৰ্মান্তৰিত কৰে। তেওঁ পাকিস্তানৰ সিন্ধৰ সুজাৱাল জিলাৰ মিৰপুৰ বাথোৰোত অৱস্থিত এটা দৰগাহ “সত্যনী শ্বৰীফ” চলায়। এই স্থানটো পাকিস্তানৰ ধৰ্ম পৰিবৰ্তন কৰাৰ মূল স্থান বুলি ক’ব পাৰি।
পাকিস্তানত হিন্দুক অত্যাচাৰ
পাকিস্তানৰ সংবাদ মাধ্যম “নিউজ ৯২”ৰ এক প্ৰতিবেদন অনুসৰি ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত চৌহৰ জামালিৰ নামৰ ঠাইৰ দৰগাহ শ্বাহ ইয়াকিক গাঁৱৰ প্ৰায় ২৫০ জনলোকে একেলগে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। পাকিস্তানৰ গৰিষ্ঠসংখ্যক হিন্দু (৪৫ লাখতকৈ অধিক) দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰি আহিছে। প্ৰজন্মৰ পাছত পাছত প্ৰজন্ম এই লোকসকলে শ্ৰমিক হিচাপে কাম কৰি আহিছে। কেৱল মাত্ৰ হিন্দু হোৱা বাবে জমিদাৰ, ব্যৱসায়ীসকলে তেওঁলোকৰ ওপৰত বিভিন্ন অভিযোগ জাপি দিয়ে আৰু পৰৱৰ্তী সময়ত তেওঁলোক জেল যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।
২০১৯ – ২০২৩ চনত সিন্ধৰ বিভিন্ন স্থানত মুঠ ১৭৭৪ জনতকৈ অধিকলোকক ইছলামলৈ ধৰ্মান্তৰিত কৰা হৈছিল। হিন্দুসকলৰ অৱস্থা এনে আহি পৰে যে ইছলাম গ্ৰহণ কৰা, জিজিয়া দিয়া, নিৰ্বাসিত হোৱা বা হত্যা কৰা আদিৰ বাহিৰে আন কোনো বিকল্প নাথাকে। ইছলামসকলৰ ওপৰত এনে অত্যাচাৰ বছৰ বছৰ ধৰি চলি আছে।
অপহৰণ
এইবোৰৰ সমান্তৰালকৈ দেশখন বৃদ্ধি পাইছে হিন্দুলোকৰ অপহৰণ কাণ্ড। বিশেষকৈ হিন্দু যুৱতীসকলক অপহৰণ কৰি তেওঁলোকক ধৰ্মান্তৰকৰণ বা বিবাহ কৰাবলৈ বাধ্য কৰায়। দেশখনৰ পৰিস্থিতি এনেকুৱা যে তাত হিন্দু থকা ভয়ংকৰ হৈ পৰিছে। কেৱল এয়াই নহয়, পাকিস্তানত হিন্দুৰ ওপৰত আৰু বিভিন্ন ধৰণে অত্যাচাৰ চলে। ইয়াৰোপৰি এই লেখাটোত বিশেষকৈ সিন্ধ প্ৰান্তৰ কথা উল্লেখ কৰা হৈছে। সমগ্ৰ পাকিস্তানৰ বিভিন্ন স্থানত এই বলপূৰ্বৰ ধৰ্ম পৰিবৰ্তন কৰাৰ কাম চলি থাকে।