শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দেশ চলাবলৈ নাই ধন! ঘৰত বাঘ-সিংহ পালনৰ অনুমতি পাকিস্তান চৰকাৰৰ…

পাকিস্তান চৰকাৰে পোহনীয়া জন্তুৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে সিংহ আৰু চিতাক । এই জন্তুবোৰক ঘৰত ৰাখিবলৈ অনুমতি প্ৰদান কৰিছে চৰকাৰে। অৱশ্যে এনে জন্তুবোৰ ৰখাৰ ক্ষেত্ৰত মানি চলিব লাগিব বহু নিয়ম।

দেশ চলাবলৈ নাই ধন! ঘৰত বাঘ-সিংহ পালনৰ অনুমতি পাকিস্তান চৰকাৰৰ…
বাঘ-সিংহ (প্ৰতীকি ফটো)
trishna-kalita
Trishna Kalita | Published: 18 Jan 2025 15:45 PM

দেশ চলাবলৈ অভাৱ হৈছে ধনৰ! ক্ৰমাৎ বেয়াৰ ফালে গৈছে পাকিস্তানৰ অৰ্থনৈতিক পৰিস্থিতি। এনে পৰিস্থিতিত চৰকাৰে ধন উপাৰ্জনৰ নতুন আৰু অদ্ভুত উপায় বিচাৰি উলিয়াইছে। পাকিস্তানে ইতিমধ্য়ে চীনলৈ গাধ ৰপ্তানি কৰি আহিছে।  এতিয়া আকৌ জন্তুৰ পৰা ধন উপাৰ্জন কৰাৰ পাকিস্তানৰ ভোক আধিক বৃদ্ধি পাইছে। যাৰ পাকিস্তান চৰকাৰে  ধনৰ বিনিময়ত বিপদজনক বন্য জন্তুবোৰক পালন কৰিবলৈ অনুমতি দিয়া আৰম্ভ কৰিছে।

এতিয়া যিকোনো ব্যক্তিয়ে চৰকাৰী কোষাগাৰত ৫০ হাজাৰ টকা জমা দি সিংহ, চিতা আৰু বাঘৰ দৰে বন্য জন্তু তেওঁলোকৰ ঘৰত ৰাখিব পাৰে। অৰ্থাৎ মাত্ৰ ৫০ হাজাৰ টকাত পাকিস্তান চৰকাৰে সিংহ, চিতা আৰু বাঘক পোহনীয়া জন্তু বনোৱাৰ পথ পৰিষ্কাৰ কৰিছে।

ইয়াৰ বাবে, পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ চৰকাৰে সলনি কৰিছে নিয়ম।  এই নিয়ম অনুসৰি  ঘৰত প্ৰতিপালন কৰা এই বন্য জন্তুবোৰৰ ফটো আৰু ভিডিঅ’ ছচিয়েল মিডিয়াত পোষ্ট কৰিব নোৱাৰিব। তাৰ উপৰিও জন্তুবোৰক চহৰৰ সীমাৰ পৰা অলপ আঁতৰত ৰাখিব লাগিব।

পাকিস্তানে হয়তো এই নিয়মৰ আঁৰত ধন উপাৰ্জন উপায উলিয়াইছে। কিন্তু পৃথিৱীৰ বহুতো দেশত ঘৰত বন্য জন্তু ডাঙৰ-দীঘল কৰাটো এটা ফেশ্বন হৈ পৰিছে। চৌদি আৰৱ আৰু ইউএই-ৰ দৰে দেশত মানুহে প্ৰায়ে এনে জন্তুবোৰ তেওঁলোকৰ ঘৰত ৰাখে। আমেৰিকাৰ কিছুমান ৰাজ্যত চিতা পালন কৰাৰ প্ৰৱণতা আছে।

ছ’চিয়েল মিডিয়াত ফটো পোষ্ট কৰাত নিষেধাজ্ঞা

যদিও পাকিস্তানৰ পঞ্জাৱ চৰকাৰে বন্য জন্তুক পোহনীয়া জন্তু হিচাপে ৰাখিবলৈ অনুমতি দিছে, কিন্তু সামাজিক মাধ্যমত সেইবোৰৰ ভিডিঅ’ আৰু ফটো আপলোড কৰাত কঠোৰভাৱে নিষিদ্ধ কৰিছে। ইয়াৰ লগতে এই বিপদজনক জন্তুবোৰ ৰাখিবলৈ কিছুমান নিয়মো নিৰ্ধাৰণ কৰা হৈছে। টিকটক বা অন্যান্য সামাজিক মাধ্যমপ প্লেটফৰ্মত জন্তুবোৰ দেখুওৱাৰ ওপৰত  আৰোপ কৰা হৈছে কঠোৰ নিষেধাজ্ঞা। যিসকলে এই নিয়ম উলংঘা কৰে তেওঁলোকৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা।

Latest News