5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পাকিস্তানত যাত্ৰীবাহী বাহনত সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ, ৪০জন লোক নিহত, আহত ২৫গৰাকী

পাকিস্তানৰ লৱাৰ কুৰমত যাত্ৰীভৰ্তি বাহনত আক্ৰমণ সন্ত্ৰাসবাদীৰ। গুলীচালনাত কমেও ৪০জন লোক নিহত হৈছে। ইয়াৰ উপৰিও কমেও ২৫জন লোক আহত হৈছে। বাহনখনত আছিল কেইবাগৰাকীও মহিলাসহ এগৰাকী আৰক্ষী বিষয়া।

পাকিস্তানত যাত্ৰীবাহী বাহনত সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ, ৪০জন লোক নিহত, আহত ২৫গৰাকী
পাকিস্তানত যাত্ৰীবাহী বাহনত সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ
trishna-kalita
Trishna Kalita | Updated On: 21 Nov 2024 18:23 PM

পাকিস্তানত সংঘটিত হৈছে আন এক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। পাকিস্তানৰ লৱাৰ কুৰমত যাত্ৰীভৰ্তি বাহনত আক্ৰমণ সন্ত্ৰাসবাদীৰ। গুলীচালনাত কমেও ৪০জন লোক নিহত হোৱাৰ লগতে ২৫জনৰো অধিক লোক আহত হৈছে। বাহনখনত আছিল কেইবাগৰাকীও মহিলাসহ এগৰাকী আৰক্ষী বিষয়া। বাহনখন পাৰাচিনাৰৰ পৰা পেছাৱাৰলৈ গৈ আছিল। এই সময়তে উচাট অঞ্চলত সন্ত্ৰাসবাদীয়ে বাহনখন আক্ৰমণ কৰে।

জানিব পৰা মতে ৮জন আহত লোকক মাণ্ডোৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। পাকিস্তানৰ মন্ত্ৰী মহছিন নকভিয়ে এই আক্ৰমণ সন্দৰ্ভত এটা বিবৃতি প্ৰকাশ কৰে। তেওঁ কয় যে এই আক্ৰমণটো বৰ দুখজনক। প্ৰাণ হেৰুওৱাৰ বাবে আমি দুখিত। সন্ত্ৰাসবাদীসকলে কাপুৰুষৰ দৰে কাম কৰিছে। আমাৰ প্ৰতিশ্ৰুতি দিছোঁ চৰকাৰে এই আক্ৰমণত জড়িতসকলক এৰি নিদিয়ে।

লৱাৰ কুৰমত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যক্ষদৰ্শীসকলে এই হৃদয়বিদাৰক কাহিনী বৰ্ণনা কৰিছে। প্ৰত্যক্ষদৰ্শীসকলে কৈছে যে, সন্ত্ৰাসবাদীসকলে বাহনখনলৈ লক্ষ্য কৰি  নিৰ্বিচাৰভাৱে গুলীচালনা কৰিছিল। যাৰ বাবে বাহনখনৰ আৰোহীসকলে নিজক ৰক্ষা কৰিবলৈ সুযোগ নাপালে। মানুহবোৰে কিবা বুজি পোৱাৰ আগতে, তাত মৃতদেহৰ দ’মৰ সৃষ্টি  হৈছিল।

আক্ৰমণকাৰীক শাস্তি দিয়া হ’ব: জাৰ্দাৰী

ৰাষ্ট্ৰপতি আচিফ আলী জাৰ্দাৰীয়ে কুৰম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত শোক প্ৰকাশ কৰিছে। তেওঁ কৈছে, “নিৰীহ যাত্ৰীসকলক আক্ৰমণ কৰাটো কাপুৰুষবাদী আৰু অমানৱীয় কাম। যিসকলে নিৰীহলোকৰ ওপৰত এই আক্ৰমণ চলাইছে তেওঁলোকক শাস্তি দিয়া হ’ব। শোকসন্তপ্ত পৰিয়াললৈ আমাৰ সমবেদনা।”  জাৰ্দাৰীয়ে  আঘাতপ্ৰাপ্তসকলক সময়মতে চিকিৎসা প্ৰদান কৰা হ’ব আৰু আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱা নিৰ্দেশ দিছে।

নাগৰিকক লক্ষ্য কৰাটো কায়ৰতাপূৰ্ণ কাম

পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ বিলাৱাল ভুট্টো জাৰ্দাৰীয়েও যাত্ৰীবাহী বাহনৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিছিল। তেওঁ কয়, “কুৰম জিলাত নিৰীহ নাগৰিকসকলক লক্ষ্য কৰাটো অতি নিন্দনীয় আৰু নিষ্ঠুৰ। আক্ৰমণত জড়িতসকলক আইনক আওতালৈ অনা হ’ব। আইন-শৃংখলা বজাই ৰখাটো চৰকাৰৰ প্ৰথম দায়িত্ব।”

Latest News