পাকিস্তানৰ আজৱ প্ৰথা! ৪ বছৰীয়া কন্যাক বিয়া দিয়ে ৬০ বছৰীয়া বৃদ্ধৰ সৈতে…
পৰম্পৰা তথা প্ৰথাৰ নামত একাংশ লোকে জঘন্য কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে। এনে এক প্ৰথা পাকিস্তানত প্ৰচলিত আছে। যাৰ অধীনত ৪ বছৰীয়া শিশুক ৬০ বছৰীয়া বৃদ্ধৰ সৈতে বিয়া দিয়া হয়।

পাকিস্তান
বিশ্ব যিমানেই আধুনিকতাৰ পিনে গতি নকৰক কিয়, আজিও এনে বহু সম্প্ৰদায় বা একাংশ লোক আছে যিয়ে শতিকা পুৰণি ৰীতি নীতি অনুসৰণ কৰি আহিছে। কিছুমান মানুহে নিবিচাৰিলেও সেই নিৰ্দিষ্ট অঞ্চলটোৰ সামাজিক ক্ষেত্ৰখনৰ বাবে এই নিয়ম পালন কৰিবলগীয়া হয়। এনে এক প্ৰথা পাকিস্তানত বছৰ বছৰ ধৰি চলি আহি আছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। পাকিস্তানৰ পঞ্জাৱ আৰু খাইবেৰ পখতুনখোৱাৰ কিছু দূৰ্গম গাঁৱত ৱানী আৰু স্বৰা নামৰ এটা পৰম্পৰা পালন কৰা হয়, যাৰ কথা শুনিলে আপোনাৰ আত্মা কঁপি উঠিব।
‘ৱানী’ এক পাষ্টো শব্দ যি বনেৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ তেজ। এই প্ৰথা পালন কৰা লোকসকলৰ মতে দুই পক্ষৰ মাজত শত্ৰুতা শেষ কৰাৰ ই এটা উপায়। এই প্ৰথাৰ অধীনত এটা গোটৰ মানুহে অন্য এটা গোটৰ কোনো জ্যেষ্ঠ লোকৰ লগত নিজৰ সন্তানক বিয়া দিয়ে। এই প্ৰথাত ছোৱালীৰ বয়স ৪ ৰ পৰা ১৪ বছৰ আৰু পুৰুষৰ বয়স ২৫ ৰ পৰা ৬০ বছৰৰ ভিতৰত হ’ব লাগে।
এই জনগোষ্ঠীসমূহে শত্ৰুতাৰ বিনিময়ত নিজৰ কন্যাক অন্য গোটৰ লগত বিয়া দিয়ে। তেওঁলোকৰ মতে এনে কৰিলে দুই সমূদায়ৰ মাজত কাজিয়া নহয়। দুটা জনগোষ্ঠীৰ শত্ৰুতা শেষ কৰিবলৈ এই প্ৰথা গ্ৰহণ কৰা হয়। হত্যা, জিনা, ঋণ পৰিশোধ, অপহৰণ বা অপহৰণৰ ক্ষতিপূৰণ আদি অপৰাধ নিষ্পত্তি কৰিবলৈ এই প্ৰথা প্ৰচলিত।
কাজিয়া কৰাৰ পৰিৱৰ্তে কন্যাক বিয়া দি তেওঁলোকে বিবাদৰ সমাধান কৰে। একাংশৰ মতে, প্ৰায় ৪০০ বছৰ আগতে মিয়ানৱালীৰ দুটা পষ্টুন জনগোষ্ঠীৰ মাজত ৰক্তাক্ত যুদ্ধৰ সময়ত এই প্ৰথা আৰম্ভ হৈছিল। আচৰিত কথা এয়াই যে, আজিৰ আধুনিক যুগতো প্ৰধাৰ নামত এই জঘন্য কাণ্ড, অপৰাধ সংঘটিত হৈ আহিছে।
৪ বছৰীয়া শিশু আৰু ৬০ বছৰীয়া বৃদ্ধ
এই প্ৰথাত ৪ বছৰীয়া এটি শিশুত ৬০ বছৰীয়া এজন বৃদ্ধৰ সৈতে বিয়া কৰাই দিয়া হয়। এনে প্ৰথাৰ বাবে ধ্বংস হৈ গৈছে বহু কন্যাৰ জীৱন। বহু মানৱ অধিকাৰ সংগঠনে এই প্ৰথাৰ বিৰুদ্ধে কাম কৰি আছে যদিও সফল হ’ব পৰা নাই। পাকিস্তান চৰকাৰেও এই প্ৰথা বন্ধ কৰাৰ চেষ্টা চলাই আছে, কিন্তু একাংশ লোকে এতিয়াও এই পৰম্পৰা তথা মানি চলি আছে। বহু আন্তঃৰাষ্ট্ৰীয় সংগঠনে ইয়াৰ বিৰোধিতা কৰি কৈছে যে এই প্ৰথাই মানৱ অধিকাৰ উলংঘা কৰি আছে।