Pakistan Train Hijack: পাকিস্তানত হাইজেক ৰে’লৰ পৰা ১০৪ জন পণবন্দীক উদ্ধাৰ, নিহত ১৬ জন সন্ত্ৰাসবাদী…সবিশেষ জানক
পাকিস্তানৰ জাফৰ এক্সপ্ৰেছ ৰে’লখন হাইজেক কৰি যাত্ৰীসকলক পণবন্দী কৰে বেলুচ লিবাৰেচন আৰ্মীয়ে। ইয়াৰ পাছতে পাকিস্তানী সেনাই মুকলি কৰিছে ১০৪ জন পণবন্দীক। ইফালে এই গুলীচালনাৰ সময়ত নিহত হৈছে বহু জোৱান লগতে বিএলএ যোদ্ধা। আজিলৈকে পাকিস্তানৰ ওপৰত এয়া বিএলএৰ আটাইতকৈ ডাঙৰ আক্রমণ৷

পাকিস্তানত ৰে'ল হাইজেক
বেলুচ লিবাৰেচন আৰ্মীয়ে সংঘটিত কৰিছে পাকিস্তানৰ আটাইতকৈ ডাঙৰ হাইজেক। পণবন্দী কৰি ৰখা হৈছিল ৰে’লত থকা পাকিস্তান সেনাৰ ১৪০ জোৱানক । এই পৰ্যন্ত বেলুচ বিদ্ৰোহীয়ে দাবী কৰিছে যে, পাকিস্তানৰ ৩০ জন জোৱান নিহত হৈছে। ইফালে পাকিস্তান সেনাই বৃহৎ পদক্ষেপ গ্ৰহণ কৰি ১০৪ জন পণবন্দীক উদ্ধাৰ কৰে। বৰ্তমানো চলি আছে উদ্ধাৰ অভিযান। বিএলএ আৰু আৰ্মীৰ মাজত অব্যাহত আছে গুলীচালনা।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিএলএৰ পণবন্দী কৰি ৰখা ১০৪ জন লোকক নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিছে। উদ্ধাৰ হোৱাসকলৰ ভিতৰত আছে ৫৮জন পুৰুষ, ৩১গৰাকী মহিলা আৰু ১৫টা শিশু।
তদুপৰি বাকী থকা যাত্ৰীসকলক নিৰাপদে উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে নিৰাপত্তা বাহিনী । এই পৰ্যন্ত সেনাৰ অভিযানত ১৪ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি নিৰাপত্তা বাহিনীৰ এই কার্যৰ বাবে সন্ত্ৰাসবাদীসকল সৰু সৰু গোটত বিভক্ত হৈছে। ইফালে আহত যাত্ৰীসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে অঞ্চলটোলৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰা হৈছে।
জানিব পৰা মতে মঙলবাৰে জাফৰ এক্সপ্ৰেছ পাকিস্তানৰ কুৱেটাৰ পৰা পেছাৱৰ অভিমুখে ৰাওনা হয় আৰু বোলান পোৱাৰ লগে লগে BLAয়ে ৰে’লখনত আক্ৰমণ কৰে। বোলানৰ সমীপত ৰে’লখন হাইজেক কৰে BLAয়ে। ৰে’লখনত ৪৫০ জনতকৈ অধিক যাত্ৰী আছিল। বাকীসকল যাত্ৰীক মুকলি কৰি দি পাকিস্তান সেনাৰ ১৪০ জন জোৱানক পণবন্দী কৰি ৰখা হৈছিল। পাকিস্তানে এয়াৰ ষ্ট্ৰাইক কৰিবলৈ সাজু হৈছিল যদিও বেলুচ যোদ্ধাসকলে ভাবুকি দিছিল যে যদি এয়াৰ ষ্ট্ৰাইক হয় তেন্তে ১৪০ জন জোৱানৰ আটাইকেইজন জোৱান নিহত হ’ব। আজিলৈকে পাকিস্তান সেনাবাহিনীৰ ওপৰত বেলুচ বিচ্ছিন্নতাবাদীৰ অন্যতম বৃহৎ আক্ৰমণ।
ৰে’লপথ উৰুৱাই ৰখা দিয়া হৈছিল জাফৰ এক্সপ্ৰেছ। ইয়াৰ পিছত ৰে’লখন সুৰংগটোৰ ভিতৰলৈ লৈ যোৱা হ’ল। ৰে’লখনত পাকিস্তান সেনা, আৰক্ষী, সন্ত্ৰাসবাদ বিৰোধী বাহিনী (এ টি এফ) আৰু আন্তঃসেৱা চোৰাংচোৱা (আই এছ আই)ৰ সক্ৰিয় কৰ্তব্যৰত কৰ্মী আছিল। আটাইকেইজনেই ছুটীত পঞ্জাৱলৈ গৈ আছিল। বেলুচ যোদ্ধাই তেওঁলোকক লক্ষ্য কৰি আক্ৰমণ কৰে। বিএলএৰ ছুইচাইড ইউনিট মজিদ ব্ৰিগেডে চলাইছে এই অভিযান। বছৰ বছৰ ধৰি বেলুচিস্তানৰ এখন সুকীয়া দেশৰ বাবে যুঁজি আহিছে BLAয়ে। আগতীয়াকৈ কৰা হৈছিল এই আক্ৰমণৰ পৰিকল্পনা ।
কিছুদিন পূৰ্বে বেলুচ গোটে পাকিস্তান আৰু চীনৰ বিৰুদ্ধে নতুন আক্ৰমণৰ কথা ঘোষণা কৰিছিল। শেহতীয়াকৈ বেলুচ যোদ্ধাসকলে সিন্ধী বিচ্ছিন্নতাবাদী গোটৰ সৈতে কৰা যুদ্ধভ্যাসৰ অন্ত পেলাইছে।
এতিয়া পাকিস্তান সেনাৰ বিৰুদ্ধে একত্ৰিত হৈছে বিদ্ৰোহী সংগঠন। সিন্ধী আৰু বেলুচ সংগঠনৰ একত্ৰিত হোৱাটোৱে পাকিস্তানৰ চিপিইচি প্ৰকল্পৰ প্ৰতি সৃষ্টি কৰিছে ডাঙৰ প্ৰত্যাহ্ববানৰ।
বিগত মাহত BRAS অৰ্থাৎ বেলুচ ৰাজী আজোই সংগৰৰ এখন সভা অনুষ্ঠিত হৈছিল। এই বৈঠকত বেলুচ লিবাৰেশ্যন আৰ্মী, বেলুচিস্তান লিবাৰেচন ফ্ৰণ্ট, বেলুচ ৰিপাব্লিকান গাৰ্ড, সিন্ধী লিবাৰেচন অৰ্গেনাইজেচন, সিন্ধু দেশ বিপ্লৱী সেনাৰ কমাণ্ডাৰসকলে অংশগ্ৰহণ কৰে। এই বৈঠকত পাকিস্তানৰ বিৰুদ্ধে বৃহৎ অভিযানৰ প্ৰস্তাৱ দিয়া হৈছিল। বৈঠকৰ মাত্ৰ কেইদিনমান পিছতে পাকিস্তানত ৰে’ল হাইজেক কৰি বিপদত পেলোৱা হয় শ্বাহবাজ চৰকাৰক।