শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Train hijacking: পাকিস্তানৰ নতুন কৌশল… ক’লে ট্ৰেইন হাইজেক ঘটনাৰ আঁৰত ভাৰতৰ হাত, প্ৰধানমন্ত্ৰী শ্বাহবাজে ক’লে- আমি একত্ৰিত হ’ব লাগিব

বেলুচিস্তানত সংঘটিত ট্ৰেইন হাইজেক ঘটনাৰ বাবে ভাৰতক জগৰীয়া কৰিছে পাকিস্তানে। বেলুচ বিদ্ৰোহীৰ সন্মুখত অসহায় হৈ পৰা শ্বাহবাজ চৰকাৰে নতুন কৌশল গ্ৰহণ কৰি প্ৰথমে ইয়াৰ বাবে আফগানিস্তানক দোষাৰোপ কৰিছিল আৰু এতিয়া এই ঘটনাৰ বাবে ভাৰতক দোষাৰোপ কৰিছে। ১১ মাৰ্চত বেলুচিস্তানৰ বোলানত বেলুচ উগ্ৰপন্থীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰিছিল।

Train hijacking: পাকিস্তানৰ নতুন কৌশল… ক’লে ট্ৰেইন হাইজেক ঘটনাৰ আঁৰত ভাৰতৰ হাত, প্ৰধানমন্ত্ৰী শ্বাহবাজে ক’লে- আমি একত্ৰিত হ’ব লাগিব
পাকিস্তানৰ নতুন কৌশল
barasha-misra
Barasha Misra | Published: 14 Mar 2025 08:46 AM

বেলুচিস্তান প্ৰদেশত সংঘটিত ট্ৰেইন হাইজেক ঘটনাৰ বাবে ভাৰতক জগৰীয়া কৰিছে পাকিস্তানে। বেলুচ বিদ্ৰোহীৰ সন্মুখত অসহায় হৈ থকা শ্বাহবাজ চৰকাৰে আফগানিস্তানত বহি থকা আক্ৰমণকাৰীৰ নেতা আৰু ভাৰতৰ পৃষ্ঠপোষকতা কৰা বুলি অভিযোগ উত্থাপন কৰে। পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ৰ মুখপাত্ৰ শ্বফকাত আলী খানে বৃহস্পতিবাৰে কয় যে, ইছলামবাদৰ হাতত প্ৰমাণ আছে যে ৰে’ল অপহৰণৰ সৈতে জড়িত ফোন আফগানিস্তানৰ পৰা আহিছিল। পাকিস্তানেও ইয়াৰ বাবে আফগানিস্তানক দোষাৰোপ কৰে।

পাকিস্তান বৈদেশিক কাৰ্যালয়ৰ মুখপাত্ৰক সোধা হৈছিল যে, ইছলামবাদে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ পৰা আফগানিস্তানলৈ নিজৰ স্থিতি স্থানান্তৰিত কৰিছে নেকি? এই সন্দৰ্ভত শ্বাফকাত আলী খানে কয় যে, আমাৰ নীতিৰ কোনো পৰিৱৰ্তন হোৱা নাই আৰু তথ্যও সলনি হোৱা নাই। পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতাত জড়িত ভাৰত। মই যিটো কথা কৈ আছিলো সেয়া আছিল যে এই কাণ্ডত আমাৰ হাতত আফগানিস্তানৰ পৰা ফোন অহাৰ প্ৰমাণ আছে। মই সেয়াই কৈছোঁ।

১১ মাৰ্চত হাইজেক কৰা হৈছিল ৰে’ল

আচলতে মঙলবাৰে জাফৰ এক্সপ্ৰেছ হাইজেক কৰা হৈছিল। তেতিয়াৰ পৰাই পাকিস্তান সেনা আৰু শ্বাহবাজ চৰকাৰে ভাৰতক পোনপটীয়াকৈ নাম নোলোৱাকৈয়ে দোষাৰোপ কৰি আহিছে। একে সময়তে দেশৰ সামৰিক আৰু চোৰাংচোৱা বিষয়াৰ ফালৰ পৰা গুৰুতৰ নিৰাপত্তাজনিত ব্যৰ্থতাক লৈ মৌনতা অৱলম্বন কৰি আহিছে। অৱশ্যে পাকিস্তানৰ এই অভিযোগৰ প্রতি কোনো প্রতিক্রিয়া প্রদান কৰা নাই ভাৰতে। একে সময়তে আফগানিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে পাকিস্তানৰ অভিযোগ নাকচ কৰে। দায়িত্বহীন মন্তব্য নকৰিবলৈ কয় আফগানিস্তানে।

ৰে’লখনত প্ৰায় ৪৫০ জন যাত্ৰী আছিল

আচলতে প্ৰতিদিনৰ দৰেই ১১ মাৰ্চত জাফৰ এক্সপ্ৰেছ কুৱেটাৰ পৰা পেছাৱাৰলৈ ৰাওনা হৈছিল। এই ৰে’লখনত প্ৰায় ৪৫০ জন যাত্ৰী আছিল। বেলন পাহাৰৰ এটা সুৰংগৰ মাজেৰে ৰে’লখন পাৰ হৈ যোৱাৰ সময়ত BLA অস্ত্ৰধাৰী সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। ইয়াৰ ফলত ২১জন যাত্ৰীকে ধৰি ৫৮জন লোকৰ মৃত্যু হয়। নিৰাপত্তাৰক্ষীয়ে ৩৩ জন বালুজ যোদ্ধাক হত্যা কৰে। পাকিস্তানে ভাৰতে বেলুচিস্তানত অশান্তিৰ সৃষ্টি কৰিবলৈ BLA ৰ দৰে গোটক সমৰ্থন কৰা বুলি বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে, কিন্তু সেই অভিযোগ ভাৰতে ভিত্তিহীন বুলি খাৰিজ কৰিছে।

আমি একত্ৰিত হ’ব লাগিব- শ্বাহবাজ

বেলুচিস্তানৰ বোলানত সংঘটিত ৰে’ল অপহৰণ কাণ্ডৰ পিছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে দেশত সন্ত্ৰাসবাদৰ ভাবুকিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঐক্য আৰু আলোচনাৰ আহ্বান জনায়। বৃহস্পতিবাৰে পিএম শ্বেহবাজৰ অধ্যক্ষতাত কুৱেটাৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই সময়ত তেওঁ সকলো বিষয়াক দেশৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে, “মোৰ দৃষ্টিত এয়া এক প্ৰত্যাহ্বান। এই ঘটনাক লৈ ঐক্য হ’ব লাগিছিল যদিও দুৰ্ভাগ্যজনকভাৱে ব্যৱধান আছে। তেওঁ এক ঐকমত্য গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ নিৰাপত্তা বাহিনীক প্ৰয়োজনীয় সম্পদ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। শ্বাহবাজে কয় যে আজি পূৰ্বতকৈ অধিক জাতীয় ঐক্য আৰু সংহতিৰ প্ৰয়োজন হৈছে আমি আমাৰ ৰাজনীতি অব্যাহত ৰাখিম, কিন্তু দেশখনক সন্ত্ৰাসবাদৰ পৰা ৰক্ষা কৰাৰ গুৰুত্বপূৰ্ণ বিষয়টোত একত্ৰিত হ’ব লাগিব।”