5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দুই সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ গ’ল ৭৫ জনৰো অধিকলোকৰ…

দুটা সম্প্ৰদায়ৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ ফলত যোৱা ২৪ ঘন্টাত প্ৰাণ হেৰুৱাই প্ৰায় ৩০ জনলোকে লগতে আহত হয় বহুতো। আলিজাই আৰু বাগানৰ নিম্নভূমি অঞ্চলত জনজাতীয় সম্প্ৰদায়ৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত ২০ জনতকৈ অধিক লোক আহত হৈছে।

দুই সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ গ’ল ৭৫ জনৰো অধিকলোকৰ…
পাকিস্তান
barasha-sarma
Barasha Sarma | Published: 24 Nov 2024 10:22 AM

দুই সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষৰ ফলত প্ৰাণ গ’ল কেইবাজন লোকৰ লগতে আহত হয় বহুতো। পাকিস্তানৰ খাইবাৰ পখতুনখোৱাৰ কুৰাম জিলাত সংঘটিত হৈছে এই ঘটনা। দুটা সম্প্ৰদায়ৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ ফলত যোৱা ২৪ ঘন্টাত প্ৰাণ হেৰুৱাই প্ৰায় ৩০ জনলোকে লগতে আহত হয় বহুতো। আলিজাই আৰু বাগানৰ নিম্নভূমি অঞ্চলত জনজাতীয় সম্প্ৰদায়ৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত ২০ জনতকৈ অধিক লোক আহত হৈছে।  ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনাই যে অঞ্চলটোত শান্তি ঘূৰাই অনাৰ বাবে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰখা হৈেছে, লগতে এই ক্ষেত্ৰত অঞ্চলটোৰ স্থানীয় ৰাইজ ইৰা জনজাতীয় লোসকলৰ সৈতে আলোচনা কৰি থকা হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনাই যে, যোৱা ৩ দিন ধৰি বিভিন্ন সম্প্ৰদায়ৰ মাজত চলি থকা সংঘৰ্ষৰ ফলত এতিয়ালৈকে কমেও ৭৫ জনলোকে প্ৰাণ হেৰুৱায়। খবৰ অনুসৰি সংঘৰ্ষৰ মাজতে প্ৰাণৰ মমতাত উক্ত অঞ্চলৰ পৰা প্ৰায় ৩০০ পৰিয়ালে নিজৰ ঘৰ-বাৰী এৰি সুৰক্ষিত স্থানলৈ গতি কৰিছে। এই সন্দৰ্ভত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে, হিংসাত্মক সংঘৰ্ষৰ ফলত মানুহৰ মাজত শংকা বৃদ্ধি পাইছে, যাৰ বাবে একাংশই হাংগু আৰু পেছাৱৰৰ ফালে নিৰাপদ স্থান বিচাৰি গতি কৰিছে। ইয়াৰোপৰি আৰু বহু পৰিয়াল ঘৰ এৰিবলৈ সাজু হৈছে।

জানিব পৰা মতে, এই অঞ্চলসমূহত প্ৰায়েই এনে ঘটনা সংঘটিত হয়।যোৱা মাহতেই কুৰৰামত সংঘটিত হোৱা সংঘৰ্ষত তিনিগৰাকী মহিলা আৰু দুটি শিশুকে ধৰি ১৬ জন লোক নিহত হৈছিল। ইয়াৰ পূৰ্বে জুলাই আৰু ছেপ্টেম্বৰ মাহতো ১২ জনতকৈ অধিকলোকৰ মৃত্যু হৈছে। এইচ আৰ চি পিৰ তথ্য অনুসৰি জুলাইৰ পৰা অক্টোবৰৰ ভিতৰত সংঘৰ্ষত ৭৯ জন লোক নিহত হয়।

পাকিস্তানক বহু দল সংগঠন, ব্যক্তি বিশেষে এই হিংসাত্মক ঘটনাক গৰিহনা দিছে। পাকিস্তানৰ স্বতন্ত্ৰ মানৱ অধিকাৰ আয়োগে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰেই এনে ঘটনা ৰোধ কৰাৰ বাবে আহ্বান জনাইছে। আয়োগে কৈছে যে, ধাৰাবাহিকভাৱে অঞ্চলটোত মৃতলোকৰ সংখ্যা বৃদ্ধি পাই আছে। গতিকে ইয়াক নিয়ন্ত্ৰণ কৰাতো গুৰুত্বপূৰ্ণ। এই ঘটনাৰ বিৰোধিতা কৰি একাংশলোকে প্ৰতিবাদ কৰাও দেখা যায়। শুকুৰবাৰে লাহোৰ আৰু কৰাচীত হোৱা প্ৰতিবাদত হাজাৰ হাজাৰলোকে অংশ গ্ৰহণ কৰে।

গণ্ডাপুৰৰ মুখ্যমন্ত্ৰী আলী আমিন গণ্ডাপুৰে হিংসা সন্দৰ্ভত কয় যে শান্তি পুনৰুদ্ধাৰৰ বাবে সকলো বিকল্প ব্যৱহাৰ কৰা হ’ব। তেওঁ ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে কেইবাখনো বৈঠকত অংশ গ্ৰহণ কৰি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। লগতে নিহতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁ।

 

Latest News