ভাৰতক দিছিল ভাবুকি! এতিয়া জনতাক সমস্যাত পেলাই পৰিয়ালৰ সৈতে পাকিস্তান এৰি পলাল বিলাবল ভুট্টো…
শংকিত হৈ পৰিছে পাকিস্তান। পহলগাম কাণ্ডৰ পাছতে পাকিস্তান এৰি পলাইছে এজনৰ পাছত আনজন নেতা। পাকিস্তানৰ সেনাধ্যক্ষই পৰিয়ালসহ দেশ এৰি পলায়ন কৰাৰ পাছত এইবাৰ কেইবাটা দলৰ নেতাই কৰিছে পলায়ন।

পাকিস্তান এৰি পলাইছে এজনৰ পাছত আনজন বিশিষ্ট নেতাই। পহলগাম আক্ৰমণৰ পাছত ভাৰতক ভাবুকি দি এতিয়া দেশ এৰি পলাইছে বিভিন্নজনে। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি এইবাৰ কেইবাটাও দলৰ নেতাই পাকিস্তান এৰি পলাইছে। ইয়াৰ ভিতৰত আছে বিলাবল ভুট্টো, ছাহিদ ছামছাদ মিৰ্জা আদি।
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। ভাৰতে লোৱা কঠোৰ সিদ্ধান্তৰ পাছতে এক প্ৰকাৰ কম্পিত হৈছে পাকিস্তান। অৱশ্যে পাকিস্তানৰ বহু নেতা-মন্ত্ৰীয়ে যোৱা কেইটামান দিনত ভাৰতক বিভিন্ন ভাবুকি অহা দেখা গৈছে। কিন্তু এতিয়া পাকিস্তান এৰি পলাইছে এজনৰ পাছত আনজন বিশিষ্ট নেতা।
পাকিস্তানৰ সেনাধ্যক্ষই পৰিয়ালৰ সৈতে পাকিস্তানৰ পৰা পলায়ন কৰাৰ পাছত এতিয়া PPP ৰ অধ্যক্ষ বিলাবল ভুট্টোই পৰিয়ালৰ সৈতে পাকিস্তানৰ পৰা পলাই যায়। উল্লেখ্য যে, সিন্ধু জল চুক্তি স্থগিত ৰখাৰ পাছত বিলাবলে কৈছিল যে পাকিস্তানৰ বাবে ভাৰতে পানী বন্ধ কৰি দিলে তেজৰ নদী বোৱাই দিয়া হ’ব। এই ভাবুকিৰ এদিন পাছতে খবৰ আহে যে তেওঁৰ পৰিয়ালে ২৭ এপ্ৰিলৰ পুৱা পাকিস্তান এৰি কানাডালৈ যায়।
After families of Pak Army Chief General Asif Munir, DG ISPR Lt Gen Asif Malik & CJCSC Gen Sahir Shamshad Mirza, now families of Lt General Nauman Zakaria and Lt General Inam Haider Malik also left Pak and have flown for Australia and Canada this morning.
— Halesh Singh🇮🇳 (@HaleshSingh) April 27, 2025
তেওঁলোকৰ লগতে পাকিস্তানৰ যুটীয়া অধ্যক্ষ ছামছাদ মিৰ্জাকে ধৰি বহু বিষয়াৰ পৰিয়ালে দেশ এৰি যোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ পৰাই বুজিব পাৰি যে ভাৰতে প্ৰতিশোধ লোৱাৰ ভয় সমগ্ৰ পাকিস্তানক বিয়পি পৰিছে। কেইদিনমান পূৰ্বে বিহাৰৰ পৰা মোদীয়ে স্পষ্টকৈ কৈছিল যে সন্ত্ৰাসবাদী আৰু সমৰ্থনকাৰীয়ে কল্পনা কৰাতকৈ অধিক ডাঙৰ শাস্তি পাব।
Pakistan/Canada: Bilawal Bhutto’s family reportedly fled to Canada as Pakistan faces deepening instability.
— @GlobalGlimpse (@HimanshuSh80843) April 28, 2025
ভাৰতে সামৰিক যুদ্ধ কৰা নাই যদিও কৌশলগতভাবে চুবুৰীয়া ৰাষ্ট্ৰখনৰ বিৰুদ্ধে বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতে সিন্ধু চুক্তি বাতিল কৰাৰ লগতে পাকিস্তানীৰ ভিছা বাতিল কৰিছে। আনকি বহু পাকিস্তানী ইউটিউব চেনেল নিষিদ্ধ কৰিছে। এনে অৱস্থাত দেশখন চৰম বিপৰ্যয়ত পৰিছে।
উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। এই ঘটনাত ২৬ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে আহত হৈছিল বহুতো। ইয়াৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বিভিন্ন কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমান্তৰালভাৱে পাকিস্তানৰ বহু নেতাই ভাৰতক ভাবুকি দি অহা দেখা গৈছে।
পহলগাম কাণ্ডৰ কিছুদিন পূৰ্বে পাকিস্তানৰ সেনাধ্যক্ষই ভাৰতৰ বিৰুদ্ধে কিছুমান উচতনিমূলক মন্তব্য কৰা দেখা গৈছিল। ইয়াৰোপৰি পহলগাম কাণ্ডৰ পাছত বহু কেইগৰাকী নেতাই ভাৰতক যুদ্ধৰ ভাবুকি দি আহিছে। প্ৰথম অৱস্থাত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ হুংকাৰ দিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ নিৰক্ষেপ তদন্তত সহযোগ কৰাৰ কথা কৈছিল।
মুঠতে এতিয়া শংকিত হৈ পৰিছে পাকিস্তান। ইয়াৰ বিপৰীতে ভাৰতে বৃৃদ্ধি কৰি গৈছে নিজৰ শক্তি। আজি ভাৰতে ফ্ৰান্সৰ সৈতে চুক্তি স্বাক্ষৰ কৰি ২৬ খন ৰাফেল মেৰিন কম্বট যুঁজাৰু বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত লয়। এনে অৱস্থাত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰু শক্তিশালী ব্যৱস্থা লোৱাৰ পূৰ্বে দেশখনৰ পৰা পলায়ন কৰিছে এজনৰ পাছত আনজনে।
অন্য খবৰ পঢ়কঃ চুক্তি স্বাক্ষৰঃ ৬৩,০০০ কোটি টকা ব্যয়ত ভাৰতে ফ্ৰান্সৰ পৰা ক্ৰয় কৰিব ২৬ খন ৰাফেল যুঁজাৰু বিমান…