শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পাকিস্তানী নাগৰিকক ভাৰত চৰকাৰে প্ৰদান কৰিব ‘জীৱন ৰক্ষক বঁটা’, হজৰ সময়ত কি কৰিছিল আছিফে?

সমাগত গণৰাজ্য দিৱস। ইয়াৰ মাজতে আহিছে এক ভাল খবৰ। ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰে এগৰাকী পাকিস্তানী নাগৰিকক জনাব বিশেষ সন্মান। ইয়াৰ বাবে আছিফক জনাইছে আমন্ত্ৰণ।

পাকিস্তানী নাগৰিকক ভাৰত চৰকাৰে প্ৰদান কৰিব ‘জীৱন ৰক্ষক বঁটা’, হজৰ সময়ত কি কৰিছিল আছিফে?
আছিফImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 06 Jan 2025 15:53 PM

মাজত মাত্ৰ কেইটামান দিন। ২৬ জানুৱাৰীত সমগ্ৰ দেশে পালন কৰিব গণৰাজ্য দিৱস। এই দিনটোতে ভাৰত চৰকাৰে এগৰাকী পাকিস্তানী নাগৰিকক প্ৰদান কৰিব জীৱন ৰক্ষক বঁটা। হজ ২০২৪ ৰ সময়ত মানৱতা আৰু সাহস প্ৰদৰ্শন কৰি ৪৪ গৰাকী লোকৰ জীৱন ৰক্ষা কৰাৰ বাবে পাকিস্তানী নাগৰিক আছিফ বশীৰক এই বঁটা প্ৰদান কৰিব ভাৰত চৰকাৰে।ইতিমধ্যে এই ব্যক্তিগৰাকীক ভাৰত চৰকাৰে আমন্ত্ৰণ জনাইছে।

এই খবৰ বিয়পি পৰাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইয়াৰোপৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে চৌদী আৰৱৰ মীনাৰ ঘটনা সন্দৰ্ভত বৈদেশিক কাৰ্যালয় আৰু ধৰ্ম পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা বিতং তদন্তৰ প্ৰতিবেদন বিচাৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বিশেষ সহায়ক তাৰিফ ফাতমীয়ে এখন আনুষ্ঠানিক পত্ৰত উল্লেখ কৰিছে যে,প্ৰধানমন্ত্ৰীয়ে এই ঘটনাৰ বিষয়ে জানিব বিচাৰিছে। এই ঘটনাৰ পৰিস্থিতি আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা স্বীকৃতিৰ বিষয়ে জানিবলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে আগ্ৰহ ব্যক্ত কৰিছে।

২৪ ভাৰতীয়ৰ প্ৰাণ ৰক্ষা কৰিছিল।

জানিব পৰা মতে যোৱা বছৰ হজ যাত্ৰাৰ সময়ত পাকিস্তানী নাগৰিক আছিফ বশীৰে ৪৪ গৰাকীলোকৰ প্ৰাণ ৰক্ষা কৰিছিল আৰু ইয়াৰ ভিতৰত ২৪ গৰাকী আছিল ভাৰতীয়। উল্লেখ্য যে, যোৱা বছৰ হজৰ সময়ত প্ৰচণ্ড গৰমৰ বাবে চৌদী আৰৱৰ মীনাত ভিৰৰ মাজত বহু সংখ্যক হজ যাত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। সেই সময়তে আছিফে অচেতন হৈ পৰা কেইবাগৰাকী নাগৰিকক কান্ধত উঠাই সুৰক্ষিত স্থানলৈ নিছিল আৰু তেওঁলোকৰ জীৱন ৰক্ষা কৰিছিল।

ভাৰত চৰকাৰে আছিফৰ এই কামত অসাধাৰণ মানৱ সেৱা বুলি স্বীকৃতি দিছে। সেয়ে ২০২৫ চনৰ ২৬ জানুৱাৰী বঁটা গ্ৰহণ কৰিবলৈ পাকিস্তানী নাগৰিক আছিফক ভাৰত চৰকাৰে আমন্ত্ৰণ জনাইছে। ভাৰত চৰকাৰৰ এই পদক্ষেপৰ পাছতেই আছিফৰ কৰ্মই তেওঁৰ গৃহ দেশ তথা পাকিস্তানৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে আছিফৰ বিষয়ে অধিক জানিবলৈ ইচ্ছ্যুক প্ৰকাশ কৰিছে।

পাকিস্তানৰ সংবাদ সংস্থা ‘বিজনেছ ৰেকৰ্ডাৰ’ৰ বাতৰি অনুসৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰতৰ আগত আছিফক সন্মান জনাব বিচাৰে। যাৰ বাবে তেওঁ বৈদেশিক কাৰ্যালয় আৰু ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা সমগ্ৰ তথ্য বিচাৰিছে। অৱশ্যে বঁটা ল’বলৈ ভাৰতলৈ আছিফ আহে নে নাই সেয়া হ’ব লক্ষণীয়। অৱশ্যে ভাৰতৰ এই সিদ্ধান্তই বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা বছৰ হজৰ সময়ত প্ৰচণ্ড গৰম পৰিছিল। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ পৰাও হাজাৰ হাজাৰ  হজ যাত্ৰী চৌদীত উপস্থিত হৈছিল। কিন্তু প্ৰচণ্ড গৰম, ভিৰৰ মাজত অসুস্থ হৈ কেইবাগৰাকী হজযাত্ৰীয়ে মৃ্ত্যু বৰণ কৰিছিল। মৃত্যু হোৱা লোকসকলৰ ভিতৰত ভাৰতৰ বহু হজযাত্ৰীও আছিল।

 

Latest News