5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চৌদি আৰৱত গ্ৰেপ্তাৰ ৪ হাজাৰ পাকিস্তানী ভিক্ষাৰী, পাকিস্তান চৰকাৰে ল’লে ডাঙৰ সিদ্ধান্ত

Pakistan:পাকিস্তান চৰকাৰৰ মতে এই লোকসকলে বিদেশত পাকিস্তানক বদনাম কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ৬০ শতাংশই পাকিস্তানৰ পঞ্জাৱ আৰু খাইবাৰ পখতুনখোৱা প্ৰদেশৰ পৰা বুলি জানিব পৰা গৈছে।

চৌদি আৰৱত গ্ৰেপ্তাৰ ৪ হাজাৰ পাকিস্তানী ভিক্ষাৰী, পাকিস্তান চৰকাৰে ল’লে ডাঙৰ সিদ্ধান্ত
পাকিস্তান
barasha-sarma
Barasha Sarma | Updated On: 30 Oct 2024 20:05 PM

চৌদি আৰৱত গ্ৰেপ্তাৰ হোৱা পাকিস্তানৰ ৪,০০০ নাগৰিকৰ বিৰুদ্ধে কঠোৰ হৈছে পাকিস্তান চৰকাৰ। চৌদি আৰৱত ভিক্ষাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা ৪ হাজাৰ পাকিস্তানী নাগৰিকৰ পাছপৰ্ট নিষিদ্ধ কৰে পাকিস্তানৰ শ্বাহবাজ শ্বৰীফ চৰকাৰে। এই লোকসকলৰ পাছপোৰ্ট নিষিদ্ধ কৰি ৭ বছৰলৈ বিদেশ যাত্ৰা কৰাত নিষেধাজ্ঞা আৰোপ কৰে। পাকিস্তান চৰকাৰৰ মতে এই লোকসকলে বিদেশত পাকিস্তানক বদনাম কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ৬০ শতাংশই পাকিস্তানৰ পঞ্জাৱ আৰু খাইবাৰ পখতুনখোৱা প্ৰদেশৰ পৰা বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি জানিব পৰা মতে, চৌদি আৰৱত ভিক্ষাৰ অপৰাধত ধৰা পৰা নাগৰিকসকলক দেশলৈ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় নথি- পত্ৰ প্ৰস্তুত কৰিছে পাকিস্তান চৰকাৰে। চৌদি আৰৱৰ পৰা ঘূৰাই অনাৰ পিছত এই লোকসকলক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে বিভাগীয় কৰ্তৃপক্ষই। চৌদি আৰৱত বৃহৎ সংখ্যক পাকিস্তানী ভিক্ষাৰী গ্ৰেপ্তাৰ হোৱাৰ পাছতেই সমগ্ৰ বিশ্বত পাকিস্তান লজ্জিত হোৱাৰ লগতে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল।

চৌদি আৰৱত পাকিস্তানী ভিক্ষাৰীৰ সংখ্যা বৃদ্ধি পোৱাত দেশখনৰ চৰকাৰে পাকিস্তানক সকীয়নি দিছিল। চৌদি চৰকাৰে কৈছিল যে উমৰাহ ভিছা লৈ ছৌদি আৰৱলৈ ভিক্ষা কৰিবলৈ অহা লোকসকলক পাকিস্তানে নিয়ন্ত্ৰণ কৰিব লাগে। এনে কাৰ্যই উমৰাহ আৰু হজৰ তীৰ্থযাত্ৰীসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি চৌদি আৰৱে কৈছিল।

ছৌদি হাজ মন্ত্ৰালয়ে পাকিস্তানৰ ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰালয়লৈ সতৰ্কবাণী জাৰি কৰি কৈছিল যে উমৰাহ ভিছাৰ অধীনত পাকিস্তানী ভিক্ষাৰী দেশত প্ৰৱেশ কৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ পিছত পাকিস্তানৰ ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰালয়ে উমৰা আইন অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, পাকিস্তানৰ পৰা প্ৰতি বছৰে হাজাৰ হাজাৰলোক চৌদি আৰৱলৈ উমৰাহ আৰু হজৰ বাবে যায়। চৌদি আৰৱৰ উমৰাহ ভিছা পাকিস্তানীসকলে অতি সহজে লাভ কৰে। এনে বহুলোক আছে যি পাকিস্তানৰ পৰা উমৰাহ ভিছা লৈ চৌদি আৰৱৈ যায় আৰু তাত ভিক্ষা খোজা কাম আৰম্ভ কৰে।

চৌদি আৰৱ এখন ধনী দেশ। যাৰ ফলত ভিক্ষাৰীসকলে ভাল ভিক্ষা লাভ কৰাৰ সম্ভাৱনা থাকে। এনেবোৰ কাৰণতে ধৰ্মীয় অজুহাত দেখুৱাই হাজাৰ হাজাৰ পাকিস্তানী নাগৰিক ভিক্ষা খুজিবলৈ চৌদি আৰৱলৈ যায়। শেহতীয়াকৈ চৌদি আৰৱে পাকিস্তানৰ প্ৰায় ৪ হাজাৰ ভিক্ষাৰীক গ্ৰেপ্তাৰ কৰিছিল। চৌদি আৰৱৰ প্ৰতি ১০০ গৰাকী ভিক্ষাৰীৰ ৯০ গৰাকী পাকিস্তানৰ। কিন্তু যেতিয়া এই লোকসকল ধৰা পৰে তেতিয়া তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হয়।

 

Latest News