অৱশেষত কৰিলে স্বীকাৰ! ভাৰতে পাকিস্তানত চলাইছিল ছাৰ্জিকেল ষ্ট্ৰাইক…
আক্ৰমণৰ কেইবাবছৰ পাছত পাকিস্তানে এক প্ৰকাৰ স্বীকাৰ কৰিলে যে ভাৰতে পাকিস্তানৰ ওপৰত চলাইছিল ছাৰ্জিকেল ষ্ট্ৰাইক। এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে।
পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানক প্ৰৱেশ কৰি ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল। কিন্তু এতিয়ালৈকে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে এই কথা মানি লোৱা নাই । ইয়াৰ মাজতে শেহতীয়াকৈ দেশখনৰ এগৰাকী জ্যোষ্ঠ সাংবাদিকে কয় যে ভাৰতে পাকিস্তানত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল। পাকিস্তানী সাংবাদিক নাজিম ছেঠীয়ে এক সাক্ষাৎকাৰৰ সময়ত স্বীকাৰ কৰে যে ভাৰতে পাকিস্তানৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল।
সাংবাদিকগৰাকীৰ সাক্ষাৎকাৰৰ এটা সৰু ক্লিপ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ভিডিঅটো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ‘পাক আনটল্ড’ নামৰ একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হৈছে য’ত তেওঁ ছাৰ্জিকেল ষ্ট্ৰাইকৰ কথা স্বীকাৰ কৰিছে। নাজিম ছেঠীয়ে কয় যে শেহতীয়াকৈ পাকিস্তানে আফগানিস্তানত প্ৰৱেশ কৰি আক্ৰমণ কৰিছে আৰু এয়া সকলো ভাৰতৰ পৰাই শিকিছে।
তেওঁ লগতে কয় , ভাৰতে কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰ পৰাই পাকিস্তানী সেনাই শিক্ষা লৈছিল আৰু সেয়া অনুসৰণ কৰিয়ে আফগানিস্তানত বিমান আক্ৰমণ কৰিছিল। এনে আক্ৰমণ কৰি আমি আফগানিস্তানৰ কেইবাগৰাকী জ্যেষ্ঠা নেতাক হত্যা কৰিছো। অৱশ্যে ভাৰতে এই আক্ৰমণত গৰিহনা দিছে।
Big breaking: Pak top journalist Najam Sethi admitted India had carried out surgical strikes inside Pakistan. Until now, Pak had been denying this. Not just that, he admits Pak is taking lessons of war fighting from India.pic.twitter.com/Gng6UWfWUZ
— Pakistan Untold (@pakistan_untold) January 4, 2025
উল্লেখ্য যে, পাকিস্তানে আফগানিস্তানত কৰা আক্ৰমণক গৰিহনা প্ৰদান কৰিছে ভাৰতে। দেশৰ বৈদেশিক মন্ত্ৰী ৰণধীৰ জয়ছৱালে কয় যে আফগানিস্তানত সাধাৰণ নাগৰিকৰ ওপৰত পাকিস্তানে বিমান আক্ৰমণ চলোৱাতো অতি নিন্দনীয়। নিজৰ ব্যৰ্থতা লুকুৱাবলৈ আনক দোষাৰোপ কৰা পাকিস্তানৰ পুৰণি অভ্যাস। পাকিস্তানৰ এই আক্ৰমণত আফগানিস্তানৰ বহু শিশু মহিলা নিহত হৈছে।
দৰাচলতে ২৪ ডিচেম্বৰৰ নিশা পাকিস্তানে আফগানিস্তানত বিমান আক্ৰমণ সংঘটিত কৰিছিল। পাকিস্তানৰ দাবী অনুসৰি এই আক্ৰমণৰ সময়ত তেওঁলোকে টিটিপিৰ শিবিৰসমূহক লক্ষ্য কৰি লৈছিল। কিন্তু আফগানিস্তান তালিবানে জনোৱা অনুসৰি এই ঘটনাৰ ফলত ২০ জনতকৈ অধিক সাধাৰণলোকৰ মৃত্যু হৈছিল। এই ঘটনাৰ প্ৰতিশোধ লোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আফগানিস্তানে।