আকৌ ভাৰতৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ পাকিস্তানৰ, কি ক’লে পাকিস্তানী প্ৰতিৰক্ষা মন্ত্ৰীয়ে ?

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা মহম্মদ আছিফে কয় যে, ভাৰতে কোনো প্ৰমাণ নোহোৱাকৈ শাস্তি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা মহম্মদ আছিফে শেহতীয়াকৈ নিউয়ৰ্ক টাইমছক জনাইছে যে, ভাৰতে পহলগাম আক্ৰমণক সিন্ধু জল সন্ধিৰ অন্ত পেলাবলৈ আৰু ঘৰুৱা ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰিছে।

আকৌ ভাৰতৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ পাকিস্তানৰ, কি কলে পাকিস্তানী প্ৰতিৰক্ষা মন্ত্ৰীয়ে ?

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী

Updated On: 

27 Apr 2025 16:58 PM

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰে বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তই জোকাৰণি সৃষ্টি কৰিছে পাকিস্তানত। শেহতীয়াকৈ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা মহম্মদ আছিফে কয় যে, ভাৰতে কোনো প্ৰমাণ নোহোৱাকৈ শাস্তি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা মহম্মদ আছিফে শেহতীয়াকৈ নিউয়ৰ্ক টাইমছক জনাইছে যে, ভাৰতে পহলগাম আক্ৰমণক সিন্ধু জল সন্ধিৰ অন্ত পেলাবলৈ আৰু ঘৰুৱা ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰিছে। ইয়াৰ লগতে এই সমগ্ৰ বিষয়টোৰ আন্তঃৰাষ্ট্ৰীয় তদন্তৰ দাবী উত্থাপন কৰে পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে ।

তেওঁ কয়, “ভাৰতে কোনো প্ৰমাণ অবিহনে, কোনো তদন্ত নকৰাকৈয়ে পাকিস্তানক শাস্তি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰিদৰ্শকে চলোৱা তদন্তৰ বাবে আমি সাজু। আমি এই যুদ্ধখন আৰম্ভ হোৱাটো নিবিচাৰো, কাৰণ এই যুদ্ধখন যদি আৰম্ভ হয় তেন্তে ই অঞ্চলটোৰ বাবে ডাঙৰ দুৰ্যোগৰ সৃষ্টি কৰিব পাৰে।”

কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত পাকিস্তানী সামৰিক বিষয়াক দেশৰ পৰা বহিষ্কাৰ কৰা, সিন্ধু জল সন্ধি বন্ধ কৰা আৰু ততাতৈয়াকৈ আটাৰী সীমান্ত বন্ধ কৰা আদি অন্যতম।

ভাৰতে আটাৰী সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা সকলো পাকিস্তানীক ১ মে’ৰ ভিতৰত দেশ এৰি যাবলৈ কঠোৰ নিৰ্দেশ দিছে । এই সকলোবোৰ সিদ্ধান্তৰ বাবে পাকিস্তানত সৃষ্টি হৈছে জোকাৰণি। এই পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোত এতিয়া আন্তঃৰাষ্ট্ৰীয় তদন্তৰ দাবী জনাইছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

পহলগাম আক্ৰমণৰ পিছত পাকিস্তানে সন্ত্ৰাসবাদীক বৃহৎ পৰিসৰত সমৰ্থন কৰি অহা অভিযোগ উত্থাপন হৈছে । পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ত কমেও ১৭ টা প্ৰশিক্ষণ শিবিৰ আৰু ৩৭ টা লঞ্চ পেড সক্ৰিয় হৈ আছে। ভাৰতত অনুপ্ৰৱেশৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে পাকিস্তানী সেনাৰ চকীৰ সমীপত গোপন অভিযান চলায় আৰু পাকিস্তান সেনাই তেওঁলোকক সমৰ্থন কৰে বুলি অভিযোগ উত্থাপন হৈছে ।

দাঁতৰ ৰং হালধীয়া হৈ পৰিছে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক বগা আৰু উজ্বল,...
এইসমূহ লক্ষণে দেখা দিছে নেকি? তেন্তে কমিব পাৰে শৰীৰত তেজৰ পৰিমাণ...
ব্ৰেইন টিউমাৰ হোৱাৰ পিছত শৰীৰত কি কি লক্ষণ দেখা যায়?
মুখৰ সংক্ৰমণৰ লক্ষণসমূহ কি কি? সবিশেষ জানক