শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হোৱাইট হাউচৰ সমীপত যাত্ৰাবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত, নদীৰ পৰা উদ্ধাৰ কৰা হৈছে ১৮টাকৈ মৃতদেহ!

বিমানখন কানছাছ চিটিৰ পৰা ৱাশ্বিংটনলৈ অভিমুখে আহি আছিল। বিমানখন আছিল কানাডা এয়াৰৰ। দুৰ্ঘটনাটোৰ পিছত পট’মেক নদীত পৰি যায় বিমানখন । নদীখনৰ পৰা ইতিমধ্যে ১৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাতৰি অনুসৰি, বিমানখনত ৬০ জন লোক আছিল।

হোৱাইট হাউচৰ সমীপত যাত্ৰাবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত, নদীৰ পৰা উদ্ধাৰ কৰা হৈছে ১৮টাকৈ মৃতদেহ!
হোৱাইট হাউচৰ সমীপত যাত্ৰাবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত
trishna-kalita
Trishna Kalita | Updated On: 30 Jan 2025 12:34 PM

আমেৰিকাৰ হোৱাইট হাউচৰ সংঘটিত হৈছে ডাঙৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ পিছত পট’মেক নদীত পৰি যায় বিমানখন । নদীখনৰ পৰা ইতিমধ্যে ১৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাতৰি অনুসৰি, বিমানখনত ৬০ জন লোক আছিল। এখন হেলিকপ্টাৰ আৰু বিমানৰ মাজত সংঘৰ্ষৰ ফলত হৈছিল  সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো । বিমানখন ৱাশ্বিংটনৰ ৰোনাল্ড ৰেগান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। বিমানখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ কানছাছ চিটিৰ পৰা আহি আছিল।

বিমান আছিল কানাডা এয়াৰৰ। দুৰ্ঘটনাটোৰ পাছত বিমানবন্দৰত সকলো বিমানৰ উৰণ আৰু অৱতৰণ বন্ধ কৰি দিয়া হৈছে।  বৰ্তমান পট’মেক নদীত আছে হেলিকপ্টাৰ আৰু বিমানখনৰ ধ্বংসাৱশেষ। দ্ৰুত গতিত চলি আছে উদ্ধাৰ অভিযান । বিমানখনৰ সৈতে সংঘৰ্ষ হোৱা হেলিকপ্টাৰখন আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্মি ব্লাকহাক (H-60) হেলিকপ্টাৰ। দুৰ্ঘটনাটোৰ পিছত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে । ইয়াৰ উপৰিও বন্ধ কৰি দিয়া হৈছে ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰ ।

হোৱাইট হাউচ আৰু দুৰ্ঘটনা সংঘটিত বিমানবন্দৰৰ মাজৰ বায়ু দূৰত্ব আছিল তিনি কিলোমিটাৰতকৈও কম। ইফালে যি সময়ত দুৰ্ঘটনাটো সংঘটিত হৈছিল, সেই সময়ত হোৱাইট হাউচত উপস্থিত আছিল ৰাষ্ট্ৰপৰি ট্ৰাম্প। অৱশ্যে,  এইটো এতিয়াও বৰ্তমান অস্পষ্ট যে এয়া এটা দুৰ্ঘটনা নে ষড়যন্ত্ৰ? এখন সামৰিক হেলিকপ্টাৰৰ আকস্মিক আগমনে বহুতো প্ৰশ্ন উত্থাপন কৰিছে। পট’মেক নদীত উদ্ধাৰ অভিযান চলি আছে যদিও যাত্ৰীসকলৰ প্ৰাণ ৰক্ষাৰ আশা কম।

 

বিমানখন বিমানবন্দৰত অৱতৰণ কৰাৰ ঠিক আগতে দুৰ্ঘটনাত পতিত হয়। ইয়াৰ পাছতে সামৰিক হেলিকপ্টাৰ আৰু বিমানখনৰ মাজত সংঘৰ্ষক লৈ বহুতো প্ৰশ্ন উত্থাপিত হৈছে। সামৰিক হেলিকপ্টাৰখন হঠাতে কেনেকৈ ওলাই আহিল? সামৰিক হেলিকপ্টাৰত কোন আছিল?  (NTSB) ৰোনাল্ড ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত সংঘটিত বিমান দুৰ্ঘটনা ঘটনাৰ তদন্ত কৰিব ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচন (FAA) আৰু ৰাষ্ট্ৰীয় পৰিবহন সুৰক্ষা বোৰ্ডে। তদন্তৰ অন্ততহে পোহৰলৈ আহিব দুৰ্ঘটনাটো আঁৰৰ কাৰণ।