ভয়ংকৰ! প্ৰচণ্ড খুন্দা মাৰি নদীত পৰিল বিমান আৰু হেলিকপ্টাৰ, যাত্ৰী আছিল ৬০ জন…

America plane crash: আমেৰিকাৰ হোৱাইট হাউচৰ সমীপত ভয়ংকৰ বিমান দুৰ্ঘটনা। এই বিমানখনত প্ৰায় ৬০ গৰাকীকৈ যাত্ৰী আছিল। এই ঘটনাৰ পাছতে অব্যাহত আছে উদ্ধাৰ অভিযান।

ভয়ংকৰ! প্ৰচণ্ড খুন্দা মাৰি নদীত পৰিল বিমান আৰু হেলিকপ্টাৰ, যাত্ৰী আছিল ৬০ জন...

বিমান দুৰ্ঘটনা

Published: 

30 Jan 2025 10:13 AM

আমেৰিকাৰ হোৱাইট হাউচৰ সমীপত এক ভয়ংকৰ বিমান দুৰ্ঘটনা। বৃহস্পতিবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাৰ ফলত বিমান আৰু হেলিকপ্টাৰ নদীত পৰি যায়। এতিয়ালৈকে আহত , নিহতৰ সংখ্যা প্ৰকাশ পোৱা নাই যদিও এই বিমান দুৰ্ঘটনাৰ ফলত অধিকাংশ যাত্ৰীৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।  ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে  বিমান দুৰ্ঘটনাৰ ভয়ংকৰ দৃশ্য। এই ঘটনাই বহু প্ৰশ্নৰ উত্থাপন কৰাৰ লগতে সমগ্ৰ অঞ্চলটো জোকাৰি গৈছে।

তথ্য অনুসৰি, এখন হেলিকপ্টাৰত  এখন যাত্ৰীবাহী বিমানে খুন্দা মৰাৰ ফলত এই ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ পাছত বিমান আৰু হেলিকপ্টাৰখন পট’মেক নদীত পৰি যায়। বিমানখনত  প্ৰায় ৬০ জন লোক আছিল যদিও হেলিকপ্টাৰৰ যাত্ৰীৰ তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই। জানিব পৰা মতে বিমানখন ৱাশ্বিংটনৰ ৰ’নাল্ড ৰেগান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া আছিল। আমেৰিকাৰ কেনছাছ চহৰৰ পৰা ৱাশ্বিংটনলৈ আহি আছিল বিমানখন। কিন্তু বিমান বন্দৰ পোৱাৰ আগতে এই ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন কানাডা এয়াৰৰ আছিল। বৰ্তমান ৱাশ্বিংটনৰ ৰ’নাল্ড ৰেগান আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত  সকলো বিমানৰ উৰণ আৰু অৱতৰণ বন্ধ কৰি দিয়া হৈছে। হেলিকপ্টাৰ আৰু বিমানখনৰ ধ্বংসাৱশেষ বৰ্তমান পট’মেক নদীত পৰি আছে। ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান। ইয়াৰে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন আমেৰিকান সেনাৰ হেলিকপ্টাৰ ব্লেকহক (এইচ-৬০) আছল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে,  হোৱাইট হাউচ আৰু ৰ’নাল্ড ৰেগান আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ মাজৰ দূৰত্ব প্ৰায় ৩ কিলোমিটাৰ। ইয়াৰোপৰি এই  ঘটনাৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প হোৱাইট হাউচত উপস্থিত আছিল। এনে ক্ষেত্ৰত এই বিমান দুৰ্ঘটনাক লৈ এতিয়া বহু প্ৰশ্নৰ অৱকাশ আহি পৰিছে।  হঠাৎ সামৰিক হেলিকপ্টাৰখনৰ আগমনে বহু প্ৰশ্নৰ উত্থাপন কৰিছে। পট’মেক নদীত উদ্ধাৰ অভিযান চলি আছে যদিও যাত্ৰীসকলৰ প্ৰাণ ৰক্ষাৰ আশা কম। এয়া দুৰ্ঘটনা নে কোনো ষড়যন্ত্ৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

 

বিভাগীয় সংস্থাই জনোৱা অনুসৰি বিমান বন্দৰত বিমান অৱতৰণ কৰাৰ ঠিক আগতেই এই ঘটনা সংঘটিত হয়। ৰ’নাল্ড ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ আকাশমাৰ্গৰ এই কাণ্ডৰ তদন্ত কৰিব ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচন (এফ এ এ) আৰু নেশ্যনেল ট্ৰেন্সপ’ৰ্টেশন ছেফটি ব’ৰ্ডে। গতিকে পৰৱৰ্তী সময়ত জানিব পৰা যাব হঠাৎ ক’ৰ পৰা আহিল সামৰিক হেলিকপ্টাৰখন বা  এই বিমান দুৰ্ঘটনাৰ প্ৰকৃত সত্য। সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল
প্ৰতিদিনে যদি দুটা বগৰী খাই, তেন্তে কি হয় জানেনে?