প্ৰধানমন্ত্ৰী মোদীলৈ নাইজেৰিয়াৰ ‘গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য নাইজাৰ’ সন্মানঃ কিয় বিশেষ এই সন্মান

নাইজেৰিয়াৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশখনৰ সৰ্বোচ্চ সন্মান গ্ৰেণ্ড কমাণ্ডাৰ অৱ অৰ্ডাৰ অৱ দ্য নাইজাৰ (GCON) সন্মানেৰে সন্মানিত কৰা হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক। সমগ্ৰ ভাৰতবৰ্ষৰ বাবে স্বাভাৱিকতেই এয়া এক গৌৰৱৰ মুহূৰ্ত।

প্ৰধানমন্ত্ৰী মোদীলৈ নাইজেৰিয়াৰ ‘গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য নাইজাৰ’ সন্মানঃ কিয় বিশেষ এই সন্মান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Published: 

17 Nov 2024 17:10 PM

সম্প্ৰতি আফ্ৰিকান ৰাষ্ট্ৰ নাইজেৰিয়া ভ্ৰমণত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ১৭ বছৰৰ মূৰত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিছে আফ্ৰিকান ৰাষ্ট্ৰখন। প্ৰধানমন্ত্ৰী মোদীৰ এই নাইজেৰিয়া ভ্ৰমণৰ সময়তে দেশবাসীয়ে লাভ কৰিছে এক গৌৰৱৰ খবৰ। নাইজেৰিয়াৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশখনৰ সৰ্বোচ্চ সন্মান গ্ৰেণ্ড কমাণ্ডাৰ অৱ অৰ্ডাৰ অৱ দ্য নাইজাৰ (GCON) সন্মানেৰে সন্মানিত কৰা হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক। সমগ্ৰ ভাৰতবৰ্ষৰ বাবে স্বাভাৱিকতেই এয়া এক গৌৰৱৰ মুহূৰ্ত।

প্ৰধানমন্ত্ৰী মোদী হ’ব এই সন্মান লাভ কৰা নাইজেৰিয়াৰ বাহিৰৰ দ্বিতীয়গৰাকী বিদেশী ব্যক্তি। ইয়াৰ পূৰ্বে ১৯৬৯ চনত ব্ৰিটেইনৰ ৰাণী এলিজাবেথক এই বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰ পিছত সুদীৰ্ঘ ৫৫ বছৰৰ পিছত দ্বিতীয়গৰাকী বিদেশী ব্যক্তিৰ ৰূপত প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মান লাভ কৰিব। লগতে এয়া হ’ব কোনো বিদেশী ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা ১৭তম আন্তঃৰাষ্ট্ৰীয় বঁটা।

উল্লেখ্য যে শনিবাৰে নাইজেৰিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। তিনিদিনীয়া ভ্ৰমণসূচীৰে নাইজেৰিয়া ভ্ৰমণ কৰা ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱা হয় আফ্ৰিকান ৰাষ্ট্ৰখনত। ফেডাৰেল কেপিটেল টেৰিটৰীৰ মন্ত্ৰী এনছম এজেনৱো ৱিকেও প্ৰধানমন্ত্ৰীক আবুজা চহৰৰ চাবি উপহাৰ দিয়ে। তদুপৰি প্ৰধানমন্ত্ৰী মোদীৰ সন্মানত ভাৰতীয় সংস্কৃতিও উপস্থাপন কৰা হয়।

প্ৰধানমন্ত্ৰীগৰাকীৰ নাইজেৰিয়া ভ্ৰমণত দেশখনত বাস কৰা ভাৰতীয় লোকসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয়। ভাৰতীয় লোকসকলে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি হাতত পতাকা লৈ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ অত্যন্ত উৎসাহেৰে অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছিল। নিৰ্ধাৰিত সূচী অনুসৰি আজি প্ৰধানমন্ত্ৰী মোদীয়ে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বৌলা আহমেদ টিনুবুক সাক্ষাৎ কৰি দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।

এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি টিনুবুৱে দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে বহু চুক্তি স্বাক্ষৰ কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনত বাস কৰা ভাৰতীয় লোকসকলক সম্বোধন কৰিব। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ২০২৪ চনৰ প্ৰতিবেদন অনুসৰি নাইজেৰিয়াত ৫১ হাজাৰ ৮০০ ভাৰতীয় নাগৰিক বাস কৰে।

শনিবাৰে পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতৰ পৰা ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে। নাইজেৰিয়াৰ পাছত ব্ৰাজিল ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে গিয়ানালৈ উৰা মাৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু ১৯ৰ পৰা ২১ নৱেম্বৰলৈ গায়ানা ভ্ৰমণ কৰিব।

জ্বলি থকা চাকি ভুলতো নিজে নুমাই নিদিব! হ'ব সৰ্বনাশ...
এই জন্তুক খাদ্য খুৱালে মুক্তি লাভ কৰিব শনি দোষৰ পৰা, জানক সবিশেষ...
সপ্তাহৰ এই ৩টা দিনত গৰুক খুওৱাক ৰুটি, পাব আচৰিত ফলাফল!
১৪ বছৰৰ বনবাসৰ সময়ত কিয় এখন শাড়ীয়ে পিন্ধি আছিল মা সীতাই?