প্ৰধানমন্ত্ৰী মোদীলৈ মৰিচাছৰ সৰ্বোচ্চ সন্মান, মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱসৰ লগত ভাৰতৰ কি সম্পৰ্ক আছে জানেনে?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া মৰিচাছ ভ্ৰমণৰ সময়ত তেওঁক মৰিচাছৰ সৰ্বোচ্চ সন্মান ‘দ্য গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ এণ্ড কী অৱ দ্য ইণ্ডিয়ান অ’চেন’ প্ৰদান কৰা হয়। এই সন্মান লাভ কৰা তেওঁ প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মানক ভাৰত আৰু মৰিচাছৰ ঐতিহাসিক সম্পৰ্কৰ প্ৰতীক বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰী মোদীলৈ মৰিচাছৰ সৰ্বোচ্চ সন্মান
দুদিনীয়া মৰিচাছ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভ্ৰমণৰ প্ৰথম দিনা মঙলবাৰে তেওঁ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। এই ভ্ৰমণত মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বাবে নিজৰ দেশৰ সৰ্বোচ্চ বঁটা ‘দ্য গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ এণ্ড কী অৱ দ্য ইণ্ডিয়ান অ’চেন’ ঘোষণা কৰে। এই সন্মান লাভ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী মোদীক যিকোনো দেশে প্ৰদান কৰা এয়া ২১তম আন্তঃৰাষ্ট্ৰীয় বঁটা।
মৰিচাছত লাভ কৰা সন্মান সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, মৰিচাছৰ জনসাধাৰণ আৰু ইয়াৰ চৰকাৰে মোক তেওঁলোকৰ সৰ্বোচ্চ অসামৰিক সন্মান দিয়াৰ সিদ্ধান্ত লৈছে। মই আপোনাৰ সিদ্ধান্ত বিনম্ৰতাৰে স্বীকাৰ কৰিছোঁ। ভাৰত আৰু মৰিচাছৰ ঐতিহাসিক সম্পৰ্কৰ প্ৰতি এয়া এক সন্মান। এয়া সেই ভাৰতীয়সকলৰ বাবে এক সন্মান যিসকলে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এই পৃথিৱীক সেৱা আগবঢ়াই আহিছে।
আমি সকলোৱে এটা পৰিয়াল-প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, “যেতিয়াই মই মৰিচাছলৈ আহোঁ তেতিয়াই অনুভৱ হয় যেন মই নিজৰ মানুহৰ মাজত আহিছো। বহু ভাৰতীয় আৰু আমাৰ পূৰ্বপুৰুষৰ তেজ আৰু ঘাম ইয়াৰ মাটিত মিহলি হৈ আছে। আমি সকলোৱেই এটাই পৰিয়াল। ১০ বছৰ আগতে এই তাৰিখত যেতিয়া মই মৰিচাছলৈ আহিছিলো, তেতিয়া এসপ্তাহ আগতে হোলী পাৰ হৈ গৈছিল।”
প্ৰধানমন্ত্ৰীয়ে আকৌ ক’লে, তেতিয়া মই ভাৰতৰ পৰা গেৰুৱা উৎসাহ লগত লৈ আহিছিলোঁ। এইবাৰ মই মৰিচাছৰ পৰা হোলীৰ ৰং লৈ ভাৰতলৈ যাম । মৰিচাছৰ বহু পৰিয়াল মহাকুম্ভৰ পৰা কিছুদিন পূৰ্বে উভতি আহিছে। আচৰিত হৈ পৰিছে পৃথিৱীবাসী। এইটো আছিল মানৱ ইতিহাসৰ বিশ্বৰ আটাইতকৈ ডাঙৰ সমাৱেশ। ৬৫-৬৬ কোটি লোক তাত উপস্থিত হৈছিল। মহাকুম্ভৰ সময়ত সংগমৰ পবিত্ৰ জল আনিছো, যিটো কাইলৈ ইয়াত গংগা পুখুৰীত অৰ্পন কৰা হ’ব।
উল্লেখ্য যে, ২০১৫ চনৰ পিছত এয়া প্ৰধানমন্ত্ৰী দ্বিতীয়টো মৰিচাছ ভ্ৰমণ। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। যাৰ ফলত আৰু অধিক শক্তিশালী হ’ব ভাৰত আৰু মৰিচাছৰ ঐতিহাসিক সম্পৰ্ক। কেৱল এয়াই নহয়, মৰিচাছৰ সৈতে বৃদ্ধি পোৱা সম্পৰ্কৰ বাবে চীনৰ বাবে এক ডাঙৰ চিন্তাক কাৰণ হ’ব পাৰে।
মৰিচাছৰ মুঠ ১.২ মিলিয়ন জনসংখ্যাৰ ভিতৰত প্ৰায় ৭০% ভাৰতীয় মূলৰ। এনে পৰিস্থিতিত এই ঐতিহাসিক সম্পৰ্কই দুয়োখন দেশৰ মাজত এক শক্তিশালী যোগসূত্ৰ হিচাপে কাম কৰিব। ১২ মাৰ্চৰ তাৰিখ অৰ্থাৎ মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস ভাৰতৰ সৈতেও জড়িত, কাৰণ মহাত্মা গান্ধীয়ে ১৯০১ চনত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি অহাৰ সময়ত তাত আছিল। তেওঁ ভাৰতীয় প্ৰব্ৰজিত শ্ৰমিকসকলক শিক্ষা, ৰাজনৈতিক সবলীকৰণ আৰু ভাৰতৰ সৈতে সংযুক্ত হৈ থকাৰ বাৰ্তা প্ৰদান কৰে। ইয়াৰ সন্মানতে মৰিচাছে ১২ মাৰ্চত ৰাষ্ট্ৰীয় দিৱস পালন কৰে।