আমেৰিকাত প্ৰধানমন্ত্ৰী মোদী, উষ্ম আদৰণি প্ৰবাসী ভাৰতীয়ৰ, সাক্ষাৎ কৰিলে ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক তুলসী গাবাৰ্ডক
২ দিনীয়া ভ্ৰমণৰ বাবে আমেৰিকাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৱাশ্বিংটনত প্ৰধানমন্ত্ৰী মোদীৰ উষ্ম আদৰণি জনোৱা হয়। প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ উপস্থিত হয় বৃহৎ সংখ্যক প্ৰবাসী ভাৰতীয় লোক। চৌদিশে গুঞ্জৰিত হয় মোদী-মোদী শ্লোগান। প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰে ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক তুলসী গাবাৰ্ডক ।

২ দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৱাশ্বিংটনত প্ৰধানমন্ত্ৰী মোদীৰ উষ্ম আদৰণি জনোৱা হয়। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। বৃহস্পতিবাৰে হোৱাইট হাউছত ৰাষ্ট্ৰপতি ট্ৰাম্পক সাক্ষাৎ কৰিব মোদীয়ে। ৱাশ্বিংটন ডিচিৰ ব্লেয়াৰ হাউচত নিশা কটালে প্ৰধানমন্ত্ৰী মোদীয়ে। হোটেললৈ যোৱাৰ পূৰ্বে মোদীয়ে ইতিমধ্যে তাত উপস্থিত থকা প্ৰবাসী ভাৰতীয়সকলক সাক্ষাৎ কৰে। এই সময়ত চৌদিশে গুঞ্জৰিত হয় মোদী-মোদী শ্লোগান।
আমেৰিকাত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পূৰ্বে ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক তুলসী গাবাৰ্ডক সাক্ষাৎ কৰে । এই সন্দৰ্ভত ছ’চিয়েল মিডিয়া হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “তুলসী গাবাৰ্ডক সাক্ষাৎ কৰিলো। এই পদত অধিষ্ঠিত হোৱা বাবে তেওঁক অভিনন্দন। ভাৰত-আমেৰিকাৰ বন্ধুত্বৰ বহু দিশৰ ওপৰত আলোচনা হ’ল”।
Met USA’s Director of National Intelligence, @TulsiGabbard in Washington DC. Congratulated her on her confirmation. Discussed various aspects of the India-USA friendship, of which she’s always been a strong votary. pic.twitter.com/w2bhsh8CKF
— Narendra Modi (@narendramodi) February 13, 2025
প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি
দুদিনীয়া ভ্ৰমণৰ বাবে আমেৰিকাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ৱাশ্বিংটন ডিচিৰ ব্লেয়াৰ হাউচত নিশা কটালে। হোটেললৈ যোৱাৰ পূৰ্বে মোদীয়ে ইতিমধ্যে তাত উপস্থিত থকা প্ৰবাসী ভাৰতীয়সকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীগৰাকীক লগ পাবৰ বাবে, তেওঁক চাবৰ উৎফুল্লিত হৈ পৰিছিল প্ৰবাসী ভাৰতীয়সকল। প্ৰচণ্ড শীতৰ মাজতো তেওঁলোকৰ উত্তেজনা আৰু উৎসাহ স্পষ্ট হৈ পৰিছিল। চৌদিশে গুঞ্জৰিত হৈছিল মোদী-মোদী শ্লোগান। প্ৰবাসী ভাৰতীয়ৰ সৈতে হোৱা এই সাক্ষাৎকাৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ঠাণ্ডা বতৰৰ মাজতো ৱাশ্বিংটন ডিচিৰ প্ৰবাসী ভাৰতীয়সকলে মোক অতি উষ্ম আদৰণি জনাইছে। তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞ।”
A warm reception in the winter chill!
Despite the cold weather, the Indian diaspora in Washington DC has welcomed me with a very special welcome. My gratitude to them. pic.twitter.com/H1LXWafTC2
— Narendra Modi (@narendramodi) February 13, 2025
সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতি ট্ৰাম্পক
দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত এয়া হ’ব ড’নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম সাক্ষাৎ। আজি বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্প। দুয়োখন দেশৰ সহযোগিতা আৰু শক্তি সম্পৰ্কীয় বহু বিষয়ত আলোচনা কৰিব। ৰাষ্ট্ৰপতি ট্ৰাম্পক সাক্ষাৎ কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ড’নাল্ড ট্ৰাম্পক লগ পোৱাৰ আশা আছে, ভাৰত-আমেৰিকাৰ ব্যাপক বিশ্বব্যাপী কৌশলগত অংশীদাৰিত্ব গঢ়ি তোলা হ’ব। আমাৰ দেসে জনসাধাৰণৰ লাভ আৰু আমাৰ উন্নত ভৱিষ্যতৰ বাবে একেলগে কাম কৰি যাব।
কি কি বিষয়ত আলোচনা কৰা হ’ব?
এই বৈঠকত বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব প্ৰধানমন্ত্ৰী মোদী আৰু ড’নাল্ড ট্ৰাম্পে। সূত্ৰ অনুসৰি, দুয়োজনে H-1B ভিছা আৰু গ্ৰীণ কাৰ্ড, বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা, ছেমিকণ্ডাক্টৰ, ডিজিটেল অৰ্থনীতি, কৃত্ৰিম বুদ্ধিমত্তা, মেক ইন ইণ্ডিয়াত বিনিয়োগ, অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়, কৌশলগত আৰু প্ৰতিৰক্ষাত অংশীদাৰিত্ব, উন্নত সামৰিক প্ৰযুক্তি হস্তান্তৰ, ড্ৰোন, মিছাইল প্ৰযুক্তি, জেট ইঞ্জিন যোগানত গুৰুত্ব আৰোপ, F-35 চুক্তিৰ আদিৰ বিষয়ে আলোচনা কৰিব পাৰি।