বন্ধুক পাহৰা নাই! মোদীৰ প’ডকাষ্ট পচন্দ আহিল ট্ৰাম্পৰ, কৰিলে এই কাম…

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পৰ্কৰ কথা সকলোৱে জানে। কিন্তু যোৱা কেইটামান দিনৰ পৰা দুয়োৰে মাজৰ বন্ধুত্বৰ ওপৰত প্ৰশ্নবোধক আহি পৰিছিল। ইয়াৰ মাজতে কালি এক প'ডকাষ্টত নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পৰ প্ৰশংসা কৰে।

বন্ধুক পাহৰা নাই! মোদীৰ পডকাষ্ট পচন্দ আহিল ট্ৰাম্পৰ, কৰিলে এই কাম...

মোদী আৰু ট্ৰাম্প

Published: 

17 Mar 2025 17:51 PM

বৰ্তমান বিশেষ চৰ্চাত আছে আমেৰিকান প’ডকাষ্টাৰ লেক্স ফ্ৰিডমেনৰ সৈতে হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ। এই চৰ্চা কেৱল দেশতেই সীমাবদ্ধ নাথাকি আমেৰিকা আৰু চীনকো স্পৰ্শ কৰিছে। দেওবাৰে হৈ যোৱা প’ডকাষ্টটোত প্ৰধানমন্ত্ৰী মোদীয়ে  আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সাহসক যথেষ্ঠ প্ৰশংসা কৰিছিল। সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পৰ সৈতে জড়িত এটা এনে ঘটনাৰ বিষয়ে উল্লেখ কৰে, যাৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। মোদীৰ প্ৰশংসাৰ পাছতে এই ভিডিঅ’ এতিয়া ট্ৰাম্পে তেওঁৰ ট্ৰুথ ছ’চিয়েল হেণ্ডেলত শ্বেয়াৰ কৰিছে।

আমেৰিকাৰ প’ডকাষ্টাৰ লেক্স ফ্ৰিডমেনৰ সৈতে হোৱা তিনি ঘণ্টীয়া প’ডকাষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে শৈশৱৰ পৰা আৰম্ভ কৰি বিশ্ব ৰাজনীতিলৈকে বিভিন্ন বিষয়ত মুকলিকৈ কথা কয়। এই সময়চোৱাত তেওঁ বিশ্ব শান্তি, ভাৰত-আমেৰিকাৰ সম্পৰ্ক, ভাৰত-চীন, পাকিস্তানৰ সৈতে সম্পৰ্ৰ আদি বিভিন্ন দিশৰ বিষয়ে উল্লেখ কৰে।

মোদীয়ে প’ডকাষ্টৰ সময়ত এটা কাণ্ডৰ কথা উল্লেখ কৰি কৈছিল যে,  “হিউষ্টনত ট্ৰাম্পৰ সৈতে আমাৰ ‘হাউডি মোদী’ অনুষ্ঠানৰ আয়োজন হৈছিল। তেতিয়া ট্ৰাম্পে বহি মোৰ ভাষণ শুনি আছিল। পাছত ট্ৰাম্পৰ সৈতে মই গোটেই ষ্টেডিয়ামখন ঘূৰি ফুৰিছিলো। নিৰাপত্তাৰক্ষীক নোসোধাকৈয়ে ট্ৰাম্পে মোৰ লগত খোজ কঢ়া আৰম্ভ কৰিছিল। আমেৰিকাৰ নিৰাপত্তাৰ প্ৰট’কলক লক্ষ্য় কৰিলে এয়া সম্ভৱ নাছিল। ট্ৰাম্প আমেৰিকাৰ ফাৰ্ষ্ট আৰু মই ভাৰতৰ ফাৰ্ষ্ট। ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু মোৰ যোৰা সদায় মিলি যায়”।

ট্ৰাম্পৰ পোষ্টটো

বৰাক ওবামাক লৈ কি ক’লে

ইয়াৰোপৰি প’ডকাষ্টটোত মোদীয়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই আয়োজন কৰা এক নৈশ আহাৰৰ কথাও উল্লেখ কৰে। কিয়নো ওবামা মোদীৰ খাদ্যক লৈ চিন্তিত হৈ পৰিছিল। পৰৱৰ্তী সময়ত মোদীয়ে কেনেকৈ ডিনাৰ টেবুলত ওবামাৰ সেই চিন্তা দূৰ কৰিছিল তাৰ বিষয়ে উল্লেখ কৰে।

মোদীয়ে কয়, “আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক ওবামাৰ সৈতে মোৰ নৈশ আহাৰ আছিল। আমেৰিকাৰ সেই ভ্ৰমণৰ সময়ত মই উপবাসে আছিলো। তেনেস্থলত নিশাৰ আহাৰ কেনেকৈ আয়োজন কৰিব তাক লৈ চিন্তিত হৈ পৰিছিল ওবামা। ডিনাৰ টেবুলত যেতিয়া মোৰ বাবে গৰম পানী লৈ আহিছিল তেতিয়া মই কৈছিলো যে মোৰ নিশাৰ আহাৰ আহিল। যেতিয়া মই দ্বিতীয়বাৰৰ বাবে আমেৰিকালৈ গৈছিলো তেতিয়া ওবামাই কৈছিল যে আপুনি দুগুণ খাব লাগিব”।

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মজবুত সম্পৰ্কৰ কথা সকলোৱে জানে। কিন্তু ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পে লোৱা কিছুমান সিদ্ধান্তৰ বাবে এই বন্ধুত্বত  কিছু প্ৰশ্নবোধক আহি পৰিছিল। একাংশই দাবী কৰিছিল যে দুই নেতা মাজত সম্ভৱত আগৰ দৰে সম্পৰ্ক নাই। কিন্তু কালিৰ প’ডকাষ্টত মোদীয়ে পৰোক্ষাভাৱে দুয়োৰে বন্ধুত্বক লৈ উঠা প্ৰশ্নৰ উত্তৰ দিলে। সমান্তৰালভাৱে ট্ৰাম্পেও পোষ্ট শ্বেয়াৰ কৰি বন্ধুত্বৰ আন এক পৰিচয় দিয়ে বুলি ক’ব পাৰি।

 

অন্য খবৰ পঢ়কঃ মধুৰ হোৱাৰ দিশে সম্পৰ্ক! মোদীৰ প্ৰশংসা ৰঙা চীনৰ, ক’লে…

অন্য খবৰ পঢ়কঃ বন্ধুত্বৰ যৱনিকা! ট্ৰাম্পে ক’লে, টেছলাই ভাৰতত ব্যৱসায় কৰা আমেৰিকাৰ বাবে অন্যায় হ’ব…

৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...