নিউজ৯ গ্ল’বেল ছামিটত আজি অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়েঃ এইসমূহ বিষয়ত হ’ব আলোচনা
দেশৰ শীৰ্ষতম নিউজ নেটৱৰ্ক টিভি৯ৰ নিউজ৯ গ্ল’বেল ছামিটৰ আজি দ্বিতীয় দিন। জাৰ্মানীৰ ষ্টুটগাৰ্টত কালিৰ পৰা আৰম্ভ হোৱা এই সন্মিলনত আজি অংশগ্ৰহণ কৰি বক্তব্য ৰাখিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্বে বহু গুৰুত্বপূৰ্ণ কাৰ্যসূচীত ভাৰত আৰু জাৰ্মানীৰ নেতা, কৰ্পৰেট নেতৃত্ব, বহুকেইগৰাকী চেলিব্ৰিটি আৰু প্ৰবীণ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।
জাৰ্মানীৰ ষ্টুটগাৰ্টত বৃ্হস্পতিবাৰৰ পৰা আৰম্ভ হৈছে দেশৰ শীৰ্ষতম নিউজ নেটৱৰ্ক টিভি৯ৰ নিউজ৯ গ্ল’বেল ছামিট। আজি দ্বিতীয় দিনা এই সন্মিলনত অংশগ্ৰহণ কৰি বক্তব্য ৰাখিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্বে বহু গুৰুত্বপূৰ্ণ কাৰ্যসূচীত ভাৰত আৰু জাৰ্মানীৰ নেতা, কৰ্পৰেট নেতৃত্ব, বহুকেইগৰাকী চেলিব্ৰিটি আৰু প্ৰবীণ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। গ্ৰীণ এনাৰ্জী, এ আই, ডিজিটেল অৰ্থনীতিৰ দক্ষতা বিকাশ আদি বিষয়ৰ ওপৰত আজি এই বিশ্ব সন্মিলনত আলোচনা কৰা হ’ব।
নিউজ৯ গ্ল’বেল ছামিটৰ প্ৰথম দিনাই ভাৰত আৰু জাৰ্মানীৰ বহনক্ষম উন্নয়নৰ ৰোডমেপৰ ওপৰত এক সুগভীৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত ভাৰতীয় কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি জাৰ্মানীৰ কেইবাগৰাকীও শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে। টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসৰ আদৰণি ভাষণেৰে আজি দ্বিতীয় দিনা শীৰ্ষ সন্মিলনৰ আৰম্ভণি হ’ব।
ইয়াৰ পিছতে জাৰ্মানীৰ খাদ্য আৰু কৃষি মন্ত্ৰী চেম অজডেমিৰে সন্মিলনত ভাষণ প্ৰদান কৰিব। অনুষ্ঠানত ভাৰত আৰু জাৰ্মানীৰ নীতি নিৰ্ধাৰকসকলে দুয়োখন দেশৰ বহনক্ষম উন্নয়ন সন্দৰ্ভত আলোচনা কৰিব। এই আলোচনাত ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগৰ লগতে গ্ৰীণ এনাৰ্জী, এ আই, ডিজিটেল অৰ্থনীতিৰ দক্ষতা বিকাশ আদি বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব।
কাৰ্যসূচীৰ দ্বিতীয় দিনা পৰ্ছে, মাৰুতি, চুজুকি, মাৰ্চিডিজ বেঞ্জ, ভাৰত ফৰ্চৰ লগতে ভাৰত আৰু জাৰ্মানীৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠান, ইণ্ডো জাৰ্মান চেম্বাৰ অৱ কমাৰ্চ আৰু এছচ’চামৰ দৰে বাণিজ্যিক সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। আফাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইণ্ডিয়াঃ ইনচাইড দ্য গ্ল’বেল ব্ৰাইট স্পট’ বিষয়ত ভাষণ প্ৰদান কৰিব।