শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৫ বছৰ পাছত হ’ব মিলন! ১৩ ফেব্ৰুৱাৰীত ট্ৰাম্পক সাক্ষাৎ কৰিব মোদীয়ে…

দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ড'নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মাজত এই বৈঠক ১৩ ফেব্ৰুৱাৰীত হ'ব।

৫ বছৰ পাছত হ’ব মিলন! ১৩ ফেব্ৰুৱাৰীত ট্ৰাম্পক সাক্ষাৎ কৰিব মোদীয়ে…
প্ৰধানমন্ত্ৰী- ৰাষ্ট্ৰপতিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 05 Feb 2025 10:09 AM

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাছত ১৩ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ফ্ৰান্সৰ এআই সন্মিলনত অংশ গ্ৰহণ কৰাৰ পাছতে মোদী ১২ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৱাশ্বিংটন ডিচিত উপস্থিতি হ’ব আৰু ১৪ ফেব্ৰুৱাৰীলৈ তাতেই থাকিব। এই সময়চোৱাত মোদীয়ে হোৱাইটত হাউচত সাক্ষাৎ কৰিব ট্ৰাম্পক। ৰাষ্ট্ৰপতি ট্ৰাম্পে মোদীৰ সন্মানৰ্থে এক নৈশিক ভোজনৰ আয়োজন কৰিছে, য’ত আমেৰিকাৰ বহু নেতা উপস্থিত থাকিব। ট্ৰাম্পক সাক্ষাৎ কৰাৰ উপৰি মোদীয়ে আমেৰিকাত বাস কৰি থকা ভাৰতীয়সকলকো সম্বোধন কৰিব।

৫ বছৰৰ অন্তত হ’বলগীয়া এই বৈঠকখন দুয়োখন দেশৰ সম্বন্ধ আৰু প্ৰগতিৰ প্ৰতীক। ২০১৯ চনত আমেৰিকাত হাউড মোদী অনুষ্ঠানৰ আয়োজনৰ পাছত ২০২০ চনত ট্ৰাম্প ভাৰতলৈ আহিছিল। সেই সময়চোৱাত ট্ৰাম্পে নমেস্ত ট্ৰাম্প শীৰ্ষক এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল আৰু ২৬ জানুৱাৰীৰ পেৰেডত মুখ্য অতিথি হৈছিল।

১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকৰ লক্ষ্য হৈছে ভাৰত-আমেৰিকাৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰা। পাৰস্পৰিক সম্পৰ্কৰ উপৰিও দুয়োজন নেতাই বিশ্বজনীন বিষয়ত এক উমৈহতীয়া কৌশল ৰচনা কৰিবলৈও চেষ্টা কৰিব। এই সময়ছোৱাত দুয়োৰে মাজত বহু বিষয় আলোচনা হোৱাৰ সম্ভাৱনা আছে।

কি কি বিষয়ৰ পৰা চৰ্চাৰ সম্ভাৱনা

শেহতীয়া ট্ৰাম্প আৰু মোদীয়ে ফোনত আলোচনা কৰাৰ সময়ত আমেৰিকা- ভাৰতৰ নিৰপেক্ষ ব্যৱসাৰ কথা কৈছিল। গতিকে এই বৈঠকত দুয়োগৰাকীয় নেতাই দুয়োখন দেশৰ ব্যৱসায়িক উন্নতিৰ ক্ষেত্ৰত আলোচনা হ’ব পাৰে।  আমেৰিকাত নিৰ্মিত নিৰাপত্তা সঁজুলিৰ ক্ৰয় বৃদ্ধিৰ ক্ষেত্ৰতো আলোচনাৰ সম্ভাৱনা আছে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল, মধ্যপ্ৰাচ্য আৰু ৰাছিয়া-ইউক্ৰেইন আৰু ইউৰোপৰ নিৰাপত্তা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰতো আলোচনা হ’ব পাৰে। লগতে ভাৰত- আমেৰিকাৰ সম্পৰ্কৰ প্ৰভাৱ, বৈশ্বিক সমীকৰণৰ প্ৰভাৱ আদিৰ ক্ষেত্ৰতো আলোচনা হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে,  মোদী আৰু ট্ৰাম্পৰ ঘনিষ্ঠতাৰ বিষয়ে বিভিন্নজনে জানে। কিন্তু যোৱা কেইটামান দিনত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লোৱা সিদ্ধান্তই এই বন্ধুত্বৰ ওপৰত বহু প্ৰশ্ন উত্থাপন কৰিছে। একাংশৰ মতে, ট্ৰাম্প আৰু মোদীৰ এই সম্পৰ্কৰ কিছু অৱনতি ঘটিছে।  অৱশ্যে এয়া সকলো জল্পনা- কল্পনা মাঁথো।

প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণৰ পিছত অহা কেইমাহমানৰ ভিতৰত ৰাষ্ট্ৰপতি ট্ৰাম্পেও ভাৰত ভ্ৰমণ কৰিব আৰু কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, চীনৰ সৈতে মোকাবিলা কৰাৰ কৌশল মোদী-ট্ৰাম্পৰ বৈদেশিক নীতিৰ কেন্দ্ৰবিন্দু হ’ব। অৱশ্যে ট্ৰাম্প- মোদীৰ মাজত হোৱা বৈঠকত কি বিষয়ে স্থান লবা কৰে সেয়া সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ ট্ৰাম্পৰ কঠোৰ পদক্ষেপ! ভাৰতলৈ ৰাওনা আমেৰিকা সেনাৰ C-17বিমান…