ইউনুছক লাগে মোদীৰ সহায়, বিচাৰে আলোচনা! প্ৰধানমন্ত্ৰীয়ে পত্ৰ লিখি ক’লে…

ভাৰতৰ সৈতে সম্পৰ্ক ভাল কৰাৰ চেষ্টা মহম্মদ ইউনুছ চৰকাৰৰ। আনকি মহম্মদ ইউনুছে ভাৰত ভ্ৰমণৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিছে। কিন্তু এই ক্ষেত্ৰত ভাৰতে এতিয়ালৈকে কোনো সঁহাৰি দিয়া নাই।

ইউনুছক লাগে মোদীৰ সহায়, বিচাৰে আলোচনা!  প্ৰধানমন্ত্ৰীয়ে পত্ৰ লিখি কলে...

মোদী- ইউনুছ

Updated On: 

27 Mar 2025 11:09 AM

ভাৰতৰ সৈতে সম্পৰ্ক বেয়া কৰি বিপদত পৰিছে মহম্মদ ইউনুছ চৰকাৰ। যোৱা কেইটামান দিন ধৰি ইউনুছে ভাৰতৰ সৈতে সম্পৰ্ক ভাল গঢ় দিয়াৰ চেষ্টা কৰিছে। এনেবোৰ কাৰণতে বেংককত অনুষ্ঠিত হ’বলগীয়া বিমষ্টেক শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে ইউনুছে। অৱশ্যে এই ক্ষেত্ৰত এতিয়ালৈকে ভাৰতে কোনো সঁহাৰি প্ৰদান কৰা নাই। ইমানেই নহয়, চীন ভ্ৰমণলৈ যোৱাৰ পূৰ্বে ইউনুছ ভাৰত আহিব বিচাৰিছিল কিন্তু তেতিয়াও তেওঁ কোনো সেউজ ইংগিত নাপালে।

এই সকলবোৰৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন পত্ৰই চুবুৰীয়া ৰাষ্ট্ৰখনক কিছু সকাহ প্ৰদান কৰিছে। বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে মোদীয়ে এই পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰৰ যোগেদি ইউনুছে চুবুৰীয়া দেশখনৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছে। মোদীয়ে ১৯৭১ চনৰ মুক্তিযুদ্ধৰ মনোভাৱে নতুন দিল্লী আৰু ঢাকাৰ মাজৰ সম্পৰ্কক পথ প্ৰদৰ্শন কৰি আছে বুলি কয়। মোদীয়ে পত্ৰত লিখে যে, বাংলাদেশৰ মুক্তিযুদ্ধৰ মনোভাৱে আমাৰ সম্পৰ্কক পথ প্ৰদৰ্শন কৰি আছে, যি বহু ক্ষেত্ৰত ভাল হৈ উঠিছে আৰু আমাৰ জনসাধাৰণক সুনিৰ্দিষ্ট সুবিধা প্ৰদান কৰি আছে।

প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে আমাৰ আকাংক্ষা, ইজন সিজনৰ স্বাৰ্থ আৰু উদ্বেগৰ প্ৰতি পাৰস্পৰিক সংবেদনশীলতাৰ ভিত্তিত আমি এই অংশীদাৰিত্বক আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। উল্লেখ কৰা প্ৰয়োজন যে, ১৯৭১ চনত ভাৰতীয় সেনাই স্বাধীন বাংলাদেশ সৃষ্টি কৰাত সহায় কৰিছিল আৰু ১৯৭১ চনৰ ২৬ মাৰ্চত শ্বেখ মুজিবুৰ ৰহমানে পাকিস্তানৰ পৰা বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰিছিল। গতিকে বাংলাদেশৰ জন্মত ভাৰতৰ বহুখিনি হাত আছে।

কিন্তু, ২০২৪ চনৰ ৫ আগষ্টত বাংলাদেশত শ্বেখ হাছিনাৰ আৱামী লীগ চৰকাৰৰ পতনৰ পিছত নতুন দিল্লী আৰু ঢাকাৰ মাজৰ সম্পৰ্কত যথেষ্ঠখিনি প্ৰভাৱ পৰে।ব্যাপক প্ৰতিবাদৰ পিছত হাছিনা ভাৰতলৈ পলায়ন কৰিছিল আৰু ইউনুছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তেতিয়াৰ পৰা দুই দেশৰ সম্পৰ্কত কিছু সমস্যা আহিছিল যদিও শেহতীয়াকৈ ইউনুছ চৰকাৰ কিছু নমনীয় স্থিতি গ্ৰহণ কৰাৰ চেষ্টা কৰিছে।

থাইলেণ্ডৰ ৰাজধানী বেংককত অনুষ্ঠিত হ’বলগীয়া বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদী আৰু মহম্মদ ইউনুছে। ৩-৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত ইউনুছে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনা কৰিব বিচাৰে। অৱশ্যে এই পৰ্যন্ত ভাৰতে একো  সঁহাৰি প্ৰদান কৰা নাই।  বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সংসদীয় কমিটীক জনাইছিল যে বাংলাদেশৰ আবেদনৰ বিষয়ে বিবেচনা কৰি থকা হৈছে।

আনহাতে, ইউনুছ বৰ্তমান চীন ভ্ৰমণত আছে। কিন্তু এই ভ্ৰমণৰ আগতে তেওঁ ভাৰতলৈ আহিব বিচাৰিছিল। ইউনুছৰ প্ৰেছ সচিব ছফিকুল আলমে কয় যে যোৱা ডিচেম্বৰ মাহতেই ইউনুছে ভাৰত ভ্ৰমণৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু ইয়াৰ পাছতো আমি ভাৰতৰ পৰা কোনো ইতিবাচক সঁহাৰি লাভ নকৰিলো।

Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন জানেনে?
কাৰ নামত কিমান সম্পত্তি লিখি থৈ গ'ল টাটাই? তালিকাত নাম ঘৰুৱা সহায়কৰ পৰা পোহনীয়া কুকুৰলৈ...
ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...