Bangladesh protest: ওৰে নিশা মহম্মদ ইউনুছৰ বাসগৃহ ঘেৰাও প্ৰতিবাদকাৰীৰ

এইবাৰ ইউনুছৰ ঢাকাৰ বাসগৃহ ঘেৰাও একাংশ প্ৰতিবাদকাৰীৰ । দেওবাৰে নিশাজুৰি চলিল তাণ্ডৱ । প্ৰতিবাদ প্ৰতিহত কৰাত ব্যৰ্থ আৰক্ষী ।

Bangladesh protest: ওৰে নিশা মহম্মদ ইউনুছৰ বাসগৃহ ঘেৰাও প্ৰতিবাদকাৰীৰ

প্ৰতীকী ছবি

Published: 

04 Feb 2025 14:44 PM

ইংৰাজীত এষাৰ প্ৰবাদ আছে, History repeats itself, অৰ্থাৎ ইতিহাসৰ পুনৰাবৃত্তি হয় । বিভিন্ন ঘটনা পৰিঘটনাৰ ক্ষেত্ৰত এই কথাষাৰি প্ৰযোজ্য হোৱা আমি দেখিছোঁ । বাংলাদেশতো ঠিক তেনেকুৱাই হৈছে । যি ছাত্ৰ আন্দোলন বাংলাদেশৰ হাছিনা চৰকাৰৰ বাবে গলগ্ৰহ হৈ পৰিছিল, সেই আন্দোলন এইবাৰ গলগ্ৰহ হৈছে ইউনুছ চৰকাৰৰো । এটা ছাত্ৰ আন্দোলনে এখন চৰকাৰ ওলট-পালত কৰি দিব পাৰে বুলি কোনেও কল্পনা কৰিব পাৰ নাছিল বুলি একাংশই মত প্ৰকাশ কৰিছে ।

বৈষম্যবিৰোধী ছাত্ৰ আন্দোলন, হাছিনাৰ বিতৰ্কিত মন্তব্য আৰু তাৰ পাছতেই পতন হাছিনাৰ চৰকাৰৰ । দেশ এৰি পলায়ন প্ৰধানমন্ত্ৰীৰ । যোৱা কেইমাহত বাংলাদেশ এই ঘটনাক্ৰমৰ সাক্ষী হৈ আহিছে । জনসাধাৰণৰ কল্পনাৰো অগোচৰ আছিল এই পৰিস্থিতি ।

হাছিনাৰ পাছত এইবাৰ ইউনুছ । তেওঁ অৱশ্যে প্ৰধানমন্ত্ৰীৰ নহয় । বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাহে ইউনুছ । কিন্তু এইবাৰ হাছিনাৰ দৰে যেন একে জালতেই ভৰি দিলে তেওঁ । এইবাৰ ইউনুছৰ ঢাকাৰ বাসগৃহ ঘেৰাও একাংশ প্ৰতিবাদকাৰীৰ । দেওবাৰে নিশাজুৰি চলিল তাণ্ডৱ ।

বিক্ষোভকাৰীয়ে দাবী কৰা মতে হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে আন্দোলনত নামি যিসকলে গুলী বুকু পাতি লৈছিল, যিসকল পংগু হৈছিল, তেওঁলোক কাৰোৰে খবৰ ৰখা নাই ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে । যাৰ হাতত ধৰি ইউনুছ চৰকাৰৰ মুখ্য উপদেষ্ট হ’ল তেওঁলোককেই শেষত পাহৰিলে ইউনুছে ।

ইউনুছৰ বাসগৃহ ঘেৰাও কৰাৰ পূৰ্বে পথত বিক্ষোভ প্ৰদৰ্শন কৰে একাংশ প্ৰতিবাদকাৰীয়ে । অৱৰোধৰ লগতে প্ৰদৰ্শন কৰা হয় শ্ল’গান । লাহে লাহে ইউনুছৰ বাসগৃহ অভিমুখে ৰাওনা হয় তেওঁলোক । প্ৰতিবাদকাৰী ৰুধিবলৈ আৰক্ষীয়ে বেৰিকেড স্থাপন কৰে যদিও ব্যৰ্থ হয় ।

আৰক্ষীৰ বেহু ভাঙি ইউনুছৰ বাসগৃহ অভিমুখে আগুৱায় প্ৰতিবাদকাৰীৰ দল । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ খোদ ছাত্ৰনেতা হাসনাত আব্দুল্লাই চেষ্টা কৰে যদিও তেওঁ ব্যৰ্থ হয় । তাৰ পাছত তেওঁ প্ৰতিবাদকাৰীৰ সুৰত সুৰ মিলাই কয়, “দেশ পৰিচালনাৰ বাবে এজন ভাল উপদেষ্টা নিয়োগ কৰা হৈছিল । কিন্তু কল্পনাও কৰিব পৰা নাছিলো যে তেওঁলোক আমোলাৰ ওপৰত ইমান নিৰ্ভৰশীল হ’ব । আহতসকলক লৈ ৰাজনীতি কৰা হৈছে ।” এতিয়া ইউনুছ চৰকাৰে এই প্ৰতিবাদ কিদৰে দমন কৰে সেয়া লক্ষণীয় হ’ব ।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?