শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নেপালৰ ৰাজপথত গণতন্ত্ৰ মুৰ্দাবাদ ধ্বনি! সম্পূৰ্ণ হিন্দু ৰাষ্ট্ৰ আৰু ৰাজতন্ত্ৰৰ দাবী…

ৰাজতন্ত্ৰ পুনৰ স্থাপন আৰু হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ দাবী চুবুৰীয়া ৰাষ্ট্ৰ নেপালত তীব্ৰ প্ৰতিবাদ। উল্লেখ কৰা প্ৰয়োজন যে, দেশখনে ২০০৭ চনত হিন্দু ৰাষ্ট্ৰৰ মৰ্যদা হেৰুৱাইছিল।

নেপালৰ ৰাজপথত গণতন্ত্ৰ মুৰ্দাবাদ ধ্বনি! সম্পূৰ্ণ হিন্দু ৰাষ্ট্ৰ আৰু ৰাজতন্ত্ৰৰ দাবী…
প্ৰতিবাদImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 20 Apr 2025 17:01 PM

ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ দাবীত চুবুৰীয়া ৰাষ্ট্ৰ নেপালত তীব্ৰ প্ৰতিবাদ। দেশখনত ৰাজতন্ত্ৰ সমর্থক ৰাষ্ট্রীয় প্রজাতন্ত্র পাৰ্টি (RPP)ৰ শতাধিক নেতা-কর্মীয়ে ৰাজতন্ত্র পুনৰুদ্ধাৰ আৰু দেশখনত হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই সময়চোৱাত প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহ আৰু সংসদ ভৱনৰ আশে পাশে ভিৰ কৰে। বিজুলীবজাৰ-বানেশ্বৰ অঞ্চলত প্ৰায় ১৫০০ প্ৰতিবাদকাৰীয়ে একত্ৰিত হৈ গণতন্ত্ৰ মুৰ্দাবাদ, আমাক ৰাজতন্ত্ৰ লাহে, দুৰ্নীতিগ্ৰস্ত চৰকাৰ মুৰ্দাবাদ, নেপালক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰক আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

প্ৰতিবাদৰ প্ৰতিবাদকাৰীসকলে হাতত বিভিন্ন ধৰণৰ বেনাৰো লয়। এই প্ৰতিবাদী কাৰ্যসূচীত আৰ পি পি (RPP)ৰ সভাপতি ৰাজেন্দ্ৰ লিংডেন, জ্যেষ্ঠ নেতা পশুপতি শমশ্বেৰ ৰাণা আৰু নেপাল আৰক্ষীৰ প্ৰাক্তন মহাপৰিদৰ্শক ধ্ৰুৱ বাহাদুৰ প্ৰধানকে ধৰি কেইবাজনো নেতাই অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে নিষেধাজ্ঞা উলংঘন কৰি নিষিদ্ধ এলেকাত প্ৰৱেশ কৰাৰ ঘোষণা কৰাৰ পাছতে কাঠমাণ্ডুৰ নয়া বানেশ্বৰ, বিজুলী বজাৰ, মৈতীঘৰ, ভদ্ৰকালি আৰু বালুৱাটাৰ আদি অঞ্চলত প্ৰতিবাদ নিয়ন্ত্ৰণ কৰাৰ বাবে হাজাৰ হাজাৰ আৰক্ষী , নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয়। ইয়াৰ পূৰ্বে দেওবাৰে পুৱা কাঠমাণ্ডুৰ নয়া বানেশ্বৰ অঞ্চলত দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ বিদ্যালয় শিক্ষকে বিক্ষোভ প্ৰদৰ্শন কৰে। এই প্ৰতিবাদত শিক্ষকসকলে শিক্ষা খণ্ডত সংস্কাৰ আৰু দৰমহা ভাট্টা বৃদ্ধিৰ দাবী জনাইছিল।

উল্লেখ্য যে, ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে কৰা আন্দোলন দেশখনৰ কেইবাস্থানত হয় আৰু এই সময়চোৱাত প্ৰতিবাদকাৰীসকলে বিশেষকৈ নিষিদ্ধ এলেকাত প্ৰৱেষ কৰাৰ চেষ্টা কৰে। ৰাজতন্ত্ৰ আৰু হিন্দু ৰাষ্ট্ৰৰ দাবীত শ শ প্ৰতিবাদকাৰীয়ে ভদ্ৰকালিত প্ৰতিবাদ সাব্যস্ত কৰে। এই স্থানতে আছে সচিবালয় আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়। ইয়াৰ বিপৰীতে আন এটা প্ৰতিবাদকাৰীৰ দলে সংসদ ভৱনৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে প্ৰতিবাদৰ সময়ত কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ তথ্য এতিয়ালৈকে আহি পৰা নাই।

আৰ পি পিয়ে ঘোষণা কৰিছে যে যেতিয়ালৈকে তেওঁলোকৰ দাবীসমূহ মানি লোৱা নহয় তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব। এই আন্দোলনৰ উদ্দেশ্য ৰাজতন্ত্ৰ স্থাপন কৰা। উল্লেখ্য যে, এই প্ৰতিবাদৰ বাবে নেপালৰ ৰাজধানী কাঠমাণ্ডুত যথেষ্ঠ যান-যঁটৰ সৃষ্টি হয়। উল্লেখ কৰা প্ৰয়োজন যে, ২০০৭ চনত অন্তৱৰ্তীকালীন সংবিধান কাৰ্যকৰী হোৱাৰ পাছতে নেপালক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ পাছতেই বিশ্বৰ একমাত্ৰ হিন্দু ৰাষ্ট্ৰ হিচাপে নেপালৰ শতবৰ্ষ পুৰণি মৰ্যাদা শেষ হৈছিল।