ইউক্ৰেইনত নতুন চৰকাৰ গঠন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে! পুটিনৰ ঘোষণা – ভাৰত এক নিৰ্ভৰযোগ্য আৰু নিৰপেক্ষ শক্তি
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত ইউক্ৰেইনত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছে পুটিনে। পুটিনে কয় যে, ভাৰতে এই প্ৰস্তাৱৰ নেতৃত্ব দিয়া উচিত। ভাৰতক নিৰপেক্ষ আৰু বিশ্বাসযোগ্য দেশ বুলি অভিহিত কৰিছে পুটিনে। ইয়াৰ পূৰ্বেও ভাৰতে দুয়োখন দেশৰ মাজত শান্তি স্থাপনৰ প্ৰচেষ্টা চলাইছিল।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে এতিয়া এক নতুন প্ৰস্তাৱে দৃষ্টি আকৰ্ষণ কৰিছে সমগ্ৰ বিশ্বৰ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এনে এক পৰিকল্পনাৰ পৰামৰ্শ আগবঢ়াইছে যিটো যুদ্ধৰ অন্ত পেলোৱাৰ দিশত এক বৃহৎ পদক্ষেপেই নহয়, ভাৰতৰ দৰে দেশেও ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত ইউক্ৰেইনত অস্থায়ী চৰকাৰ গঠন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে পুটিনে। যাতে তাত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যায়।
প্ৰশ্ন- ভাৰতৰ ভূমিকা কিয় গুৰুত্বপূৰ্ণ?
ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মতে, ইউক্ৰেইনত চৰকাৰৰ আইনী বৈধতা শেষ হৈছে, কাৰণ ২০২৪ চনৰ মে’ মাহত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ কাৰ্যকাল শেষ হৈছিল আৰু তাৰ পিছৰ পৰা নতুন নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। এনে পৰিস্থিতিত ৰাছিয়াই বিশ্বাস কৰে যে, জেলেনস্কি প্ৰশাসনৰ সৈতে হোৱা শান্তি চুক্তি অবৈধ হ’ব আৰু ভৱিষ্যতে ইউক্ৰেইনৰ আন এখন চৰকাৰে সেই চুক্তি মানি ল’বলৈ অস্বীকাৰ কৰিব পাৰে। পুটিনে কয় যে, আন্তঃৰাষ্ট্ৰীয় প্ৰথা অনুসৰি ইউক্ৰেইনত ৰাষ্ট্ৰসংঘৰ অস্থায়ী চৰকাৰ গঠন কৰিব পাৰি। য’ত সেইবোৰ দেশে ভূমিকা ল’ব, যিবোৰ নিৰপেক্ষ আৰু যাৰ ওপৰত ৰাছিয়াৰ আস্থা আছে। এই ক্ষেত্ৰত বিশ্বৰ ৰাজনীতিত সন্তুলিত পন্থা গ্ৰহণৰ বাবে পৰিচিত ভাৰতে এই পৰিকল্পনাত মুখ্য ভূমিকা ল’ব পাৰে।
ভাৰতৰ নাম লৈ পুটিনে কয় যে, ৰাছিয়াই ভাৰতক এক নিৰ্ভৰযোগ্য আৰু নিৰপেক্ষ শক্তি হিচাপে গণ্য কৰে। যিয়ে পশ্চিমীয়া দেশৰ প্ৰভাৱৰ পৰা আঁতৰি থাকি সমাধান বিচাৰি উলিয়াব পাৰে। ইয়াৰ পূৰ্বেও ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আলোচনাক উৎসাহিত কৰিছিল আৰু বহু আন্তঃৰাষ্ট্ৰীয় মঞ্চত শান্তিৰ আহ্বান জনাইছে। যদি এই প্ৰস্তাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমৰ্থন পায়, তেন্তে ভাৰতৰ দৰে দেশ ৰাষ্ট্ৰসংঘৰ প্ৰশাসনৰ অংশ হ’ব পাৰে, যিয়ে নতুন নিৰ্বাচন অনুষ্ঠিত কৰাত আৰু ইউক্ৰেইনত স্থিতিশীলতা অনাত সহায় কৰিব পাৰে।
পশ্চিমলৈ পুটিনৰ সতৰ্কবাণী
যি সময়ত ৰাছিয়াই যুদ্ধত নিজৰ দখল শক্তিশালী কৰাৰ দাবী কৰিছে, সেই সময়তে পুটিনে আগবঢ়াইছে এই প্ৰস্তাৱ। আৰ্খাংগেলস্ক পাৰমাণৱিক চাবমেৰিনৰ ক্ৰুৰ সৈতে হোৱা বৈঠকত তেওঁ কয় যে, ৰাছিয়াৰ বিৰুদ্ধে যুঁজত পশ্চিমীয়া দেশসমূহে নিজৰ সামৰিক শক্তিক সহজভাৱে লৈছে। বিশেষকৈ পশ্চিমীয়া কৌশলবিদসকলে ৰাছিয়াৰ জিৰকন হাইপাৰছ’নিক মিছাইলৰ সম্ভাৱনা বুজিবলৈ সক্ষম হোৱা নাই। ব্ৰিটিছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ কথা উল্লেখ কৰি পুটিনে কয় যে, তেওঁ হয়তো পাহৰি গৈছে যে ৰাছিয়াত এনে বাহিনী আৰু অস্ত্ৰ আছে যিয়ে শত্ৰুক আচৰিত কৰিব পাৰে।
জিৰকন হাইপাৰছ’নিক মিছাইল প্ৰতি ঘণ্টাত ৯,০০০ কিলোমিটাৰ বেগত উৰিব পাৰে আৰু যিকোনো আধুনিক এণ্টি মিছাইল ব্যৱস্থাক প্ৰতিহত কৰিবলৈ সক্ষম। এই ক্ষেপণাস্ত্ৰৰে সজ্জিত ৰাছিয়াৰ পাৰমাণৱিক চাবমেৰিনে আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰত পশ্চিমীয়া দেশসমূহৰ বিৰুদ্ধে কৌশলগত দূৰত্ব বজাই ৰাখিছে।
ৰাষ্ট্ৰসংঘৰ শাসনে শান্তি আনিব পাৰিবনে?
পুটিনৰ এই প্ৰস্তাৱ এক ডাঙৰ কূটনৈতিক বাজি হ’ব পাৰে। যদি ৰাষ্ট্ৰসংঘৰ অধীনত এখন অস্থায়ী চৰকাৰ গঠন হয় আৰু ভাৰতৰ দৰে দেশসমূহে নেতৃত্ব দিয়াৰ সুযোগ পায় তেন্তে ই ৰাছিয়া আৰু পশ্চিমীয়া দেশসমূহৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব পাৰে।
অৱশ্যে প্ৰশ্ন হয় যে, পশ্চিমীয়া দেশসমূহে এই প্ৰস্তাৱ মানি ল’বনে? আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে এতিয়ালৈকে ইউক্ৰেইনক সামৰিক সাহায্য আগবঢ়াই আহিছে আৰু তেওঁলোকে ৰাছিয়াৰ চৰ্তত শান্তি প্ৰতিষ্ঠা হোৱাটো নিবিচাৰিব। কিন্তু ৰাছিয়াই যুদ্ধত যিদৰে আগবাঢ়িছে, ই পশ্চিমীয়া দেশসমূহৰ বাবে এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে।
ইফালে ভাৰতৰ বাবে এয়া এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় সুযোগ বুলি প্ৰমাণিত হ’ব পাৰে। যদিহে ইউক্ৰেইনৰ সংকট নিৰাময়ৰ ক্ষেত্ৰত ভাৰতে সক্ৰিয় ভূমিকা পালন কৰে তেন্তে ইয়াৰ বিশ্বব্যাপী কূটনৈতিক শক্তি আৰু অধিক শক্তিশালী হ’ব। ভাৰতে বিগত সময়তো ৰাছিয়া আৰু আমেৰিকা উভয়ৰে সৈতে ভাৰসাম্য ৰক্ষা কৰাত সফল হৈছে।