5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চীনলৈ QUAD নেতাৰ শক্তিশালী বাৰ্তা,‘কোনো দেশেই আনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নালাগে’

QUAD leaders' strong message to China: টকিঅ’ত কোৱাড (Quadrilateral Security Dialogue)ৰ নেতাসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । কোৱাডৰ বৈঠকত অংশগ্ৰহণ কৰা সকলো নেতাই সৰ্বসন্মতিক্ৰমে চীনক এক শক্তিশালী বাৰ্তা প্ৰদান কৰে। কোনো দেশে আনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নোৱাৰে বুলি নেতা সকলে এই বৈঠকৰ জৰিয়তে স্পষ্ট কৰি দিয়ে ।

চীনলৈ QUAD নেতাৰ শক্তিশালী বাৰ্তা,‘কোনো দেশেই আনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নালাগে’
কোৱাডৰ বৈঠক
manas-borah
Manas Borah | Published: 29 Jul 2024 16:41 PM

জাপানৰ ৰাজধানী টকিঅ’ত কোৱাড (Quadrilateral Security Dialogue)ৰ নেতাসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । কোৱাডৰ বৈঠকত অংশগ্ৰহণ কৰা সকলো নেতাই চীনক প্ৰত্যাহ্বান জনাই এক শক্তিশালী বাৰ্তা প্ৰদান কৰে। কোনো দেশে আনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নোৱাৰে বুলি কোৱাডৰ নেতা সকলে এই বৈঠকৰ জৰিয়তে স্পষ্ট কৰি দিয়ে । এই বাৰ্তাৰ জৰিয়তে কোৱাডৰ দেশসমূহে চীনৰ ক্ৰমবৰ্ধমান আগ্ৰাসন আৰু প্ৰভাৱক প্ৰত্যাহ্বান জনাইছে।

কোৱাডত অন্তৰ্ভুক্ত দেশ কেইখন হৈছে ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা । ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি বজাই ৰাখিবলৈ এই আটাইকেইখন দেশ একত্ৰিত হৈছে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনে ধাৰাবাহিকভাৱে অংশীদাৰিত্ব বৃদ্ধি কৰি আছে। এই বৈঠকত কোৱাডৰ নেতাসকলে গুৰুত্ব আৰোপ কৰে যে, সকলো দেশেই আন্তঃৰাষ্ট্ৰীয় নিয়ম মানি চলিব লাগে আৰু অঞ্চলটোৰ শান্তি আৰু স্থিতিশীলতা বিঘ্নিত কৰিব পৰা যিকোনো ধৰণৰ একপক্ষীয় কাৰ্যৰ পৰা বিৰত থাকিব লাগে।

কোৱাডৰ এই বাৰ্তাৰ আঁৰত আছে চীনৰ ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰাসন আৰু ইয়াৰ সম্প্ৰসাৰণবাদী মনোভাৱ । দক্ষিণ চীন সাগৰ আৰু পূব চীন সাগৰত যোৱা কিছু বছৰত চীনে সামৰিক উপস্থিতি বৃদ্ধি কৰিছে। ইয়াৰ উপৰিও চীনে টাইৱান আৰু অন্যান্য চুবুৰীয়া দেশৰ বিৰুদ্ধেও আগ্ৰাসী পদক্ষেপ গ্ৰহণ কৰিছে। চীনৰ এই আগ্ৰাসনে কেৱল আঞ্চলিক শান্তি বিপন্ন কৰাই নহয় আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক পথৰ নিৰাপত্তাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।

কোৱাড ২০০৭ চনত গঠন কৰা হৈছিল। কোৱাড গঠনৰ উদ্দেশ্য আছিল- ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিৰাপত্তা আৰু সহযোগিতা বৃদ্ধি কৰা। এই বৈঠকত কোৱাডৰ সদস্যসকলে সামৰিক, দুৰ্যোগ ব্যৱস্থাপনা, ভেকচিন আৰু চাইবাৰ সুৰক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে সংকল্প হয়। ইয়াৰ উপৰিও সামুদ্ৰিক সুৰক্ষা আৰু অৰ্থনৈতিক সহযোগিতাও এই বৈঠকৰ গুৰুত্বপূৰ্ণ বিষয় আছিল।

Latest News