শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিশ্বত প্ৰথমবাৰৰ বাবে শুক্ৰানুৰ দৌৰ প্ৰতিযোগিতা; ক’ত, কেনেকৈ আয়োজন হ’ব, জানক…

আপুনি হয়তো বহু প্ৰতিযোগিতাৰ কথা শুনিছে। কিন্তু কেতিয়াবা শুক্ৰানুৰ দৌৰ প্ৰতিযোগিতাৰ কথা শুনিছেনে? আচৰিত লাগিলেও এয়াই সত্য। বিশ্বত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব শুক্ৰানুৰ প্ৰতিযোগিতা।

বিশ্বত প্ৰথমবাৰৰ বাবে শুক্ৰানুৰ দৌৰ প্ৰতিযোগিতা; ক’ত, কেনেকৈ আয়োজন হ’ব, জানক…
শুক্ৰানুৰ দৌৰ প্ৰতিযোগিতাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 18 Apr 2025 15:05 PM

আপুনি হয়তো বিভিন্ন সময়ত বিভিন্ন প্ৰতিযোগিতাৰ কথা শুনিছে। কিন্তু কেতিয়াবা শুক্ৰানুৰ প্ৰতিযোগিতাৰ কথা শুনিছেনে?  আচৰিত লাগিলেও এয়াই সত্য। বিশ্বত প্ৰথমবাৰৰ বাবে আয়োজন হ’ব শুক্ৰানুৰ প্ৰতিযোগিতা (Sperm race) । কোন পুৰুষৰ কিমান শক্তি আছে, সেয়া মাত্ৰ ৪০ মিনিটতে পোহৰলৈ আহিব। শুক্ৰানুৰ গতিয়ে এই শক্তিৰ তথ্য দিব। বিশ্ব ইতিহাসত প্ৰথমবাৰৰ বাবে ২৫ এপ্ৰিলত আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া শুক্ৰাণু দৌৰৰ আয়োজনৰ প্ৰস্তুতি চলিছে। এই প্ৰতিযোগিতা হলিউড পেলেডিয়ামত অনুষ্ঠিত হ’ব, য’ত দুটা প্ৰকৃত শুক্ৰাণুৱে মহিলাৰ প্ৰজনন তন্ত্ৰৰ দৰে ডিজাইন কৰা ২০ ছে.মি. দীঘল মাইক্ৰস্কোপিক ট্ৰেকত দৌৰিব।

এই প্ৰতিযোগিতাৰ উদ্দেশ্য কোনো মনোৰঞ্জনৰ বাবে নহয়। ইয়াৰ উদ্দেশ্য হ’ল পুৰুষৰ উৰ্বৰতা হ্ৰাস পোৱা সন্দৰ্ভত সজাগতা সৃষ্টি কৰা। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ৫০ বছৰত পুৰুষৰ শুক্ৰাণুৰ সংখ্যা ৫০%তকৈ অধিক হ্ৰাস পাইছে। যাৰ বাবে বিশ্ববাসীৰ বাবে ই গুৰুতৰ সমস্যাত পৰিণত হৈছে। তেনে ক্ষেত্ৰত এ ই প্ৰতিযোগিতাই এই সমস্যাৰ প্ৰতি বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিব।

কেমেৰাৰ দ্বাৰা হ’ব ৰেকৰ্ড

এই প্ৰতিযোগিতাৰ নিৰ্বাচন বিশেষ পদ্ধতিৰে কৰা হ’ব। মাইক্ৰস্কোপ আৰু এইচডি কেমেৰাৰ সহায়ত লাইভ ৰেকৰ্ডিং কৰা হ’ব আৰু প্ৰায় ৪০০০ দৰ্শকে লাইভ চাব পাৰিব। ইয়াৰোপৰি এই প্ৰতিযোগিতাৰ লাইভ কমেণ্টৰী, ডাটা এনালাইছিছ আৰু ৰিপ্লেৰ ব্যৱস্থা থাকিব। যাৰ বাবে অন্য কোনো খেলৰ অনুষ্ঠানৰ দৰে মানুহে এই শুক্ৰানু দৌৰৰ এই প্ৰতিযোগিতা উপভোগ কৰিব পাৰিব। লগতে বিচৰা মতে দৰ্শকে শুক্ৰানুৰ ওপৰত টকা লগাব পাৰিব।

এই অনুষ্ঠানৰ মূল উদ্দেশ্য হ’ল পুৰুষৰ স্বাস্থ্য আৰু প্ৰজনন ক্ষমতাৰ সমস্যাৰ বিষয়ে মুকলিকৈ আলোচনা কৰা। আজিকালি প্ৰায়ভাগ লোকে এই সমস্যাত ভুগিছে। কিন্তু ইয়াৰ বিষয়ে কথা পাতিবলৈ বা আলোচনা কৰিবলৈ লাজ কৰে। তেনেস্থলত এই প্ৰতিযোগিতাই পুৰুষৰ এই সমস্যাৰ বিষয়ে মুকলিকৈ কথা পতাৰ সুযোগ প্ৰদান কৰিব।

এই প্ৰতিযোগিতা সন্দৰ্ভত আয়োজক কোম্পানী “স্পাৰ্ম ৰেচিং”ৰ সহ-প্ৰতিষ্ঠাপক এৰিক ঝুৱে কয় যে যদি মানুহে নিজকে কোনো খেলৰ বাবে প্ৰশিক্ষণ দিয়ে, তেন্তে তেওঁলোকৰ স্বাস্থ্যৰ বাবে কিয় দিব নোৱাৰে?  শুক্ৰাণু দৌৰ ২০২৫ হৈছে এক বৈজ্ঞানিক আৰু সামাজিক সজাগতামূলক কাৰ্যসূচী যিয়ে পুৰুষৰ প্ৰজনন ক্ষমতাৰ বিষয়টোক ৰাইজৰ মাজলৈ লৈ যাব।

২০ ছে.মি ট্ৰেক

কোম্পানীটোৱে প্ৰদান কৰা তথ্য অনুসৰি শুক্ৰানুৰ এই দৌৰৰ বাবে ২০ চে.মি.ৰ ট্ৰেক প্ৰস্তুত কৰা হৈছে। এই ট্ৰেকত ০.৫ মিলিমিটাৰ দীঘল শুক্ৰাণু দৌৰৰ বাবে মুকলি কৰা হ’ব। বিশেষজ্ঞসকলে কয় যে শুক্ৰাণু সাধাৰণতে প্ৰতি মিনিটত প্ৰায় ৫ মিলিমিটাৰ বেগেৰে গতি কৰে। এনে পৰিস্থিতিত এই দৌৰ প্ৰায় ৪০ মিনিটত শেষ হ’ব পাৰে বুলি কোৱা হৈছে।