5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আমেৰিকাত ৰাহুল গান্ধীঃ ক’লে, ভাৰতত মোদী আৰু বিজেপিক কোনোৱে ভয় নকৰে

ৰাহুলে কয় যে ভাৰতত নিবনুৱা সমস্যা আছে। কিন্তু পৃথিৱীৰ এনে বহু দেশ আছে য'ত এই সমস্যাবোৰ নাই। তাৰ ভিতৰত চীন, ভিয়েটনাম আদিৰ কথা ক'ব পাৰি। কিয় বিশ্বৰ বহু দেশত নিবনুৱা সমস্যা নাই তাৰ আঁৰৰ কাৰণো উল্লেখ কৰে গান্ধীয়ে।

আমেৰিকাত ৰাহুল গান্ধীঃ ক’লে, ভাৰতত মোদী আৰু বিজেপিক কোনোৱে ভয় নকৰে
ৰাহুল গান্ধী
Follow Us
barasha-sarma
Barasha Sarma | Published: 09 Sep 2024 08:51 AM

লোকসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী বৰ্তমান আমেৰিকাত আছে। দেওবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে  আমেৰিকাত উপস্থিত হোৱা গান্ধীৰ ভ্ৰমণৰ আজি দ্বিতীয় দিন। সোমবাৰে তেওঁ আমেৰিকাৰ টেক্সাছ বিশ্ববিদ্যালয়ত ভাষণ দিয়ে। এই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আৰ এছ এছৰ বিৰুদ্ধে সৰৱ হৈ উঠে গান্ধী। তেওঁ কয় যে,  ভাৰতৰ কোনোৱে বিজেপি বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভয় নকৰে।

ৰাহুলে কয়, আমি লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই দেখিছিলো যে কোনোৱে মোদী অথবা বিজেপিক ভয় কৰা নাই। এয়া এক ডাঙৰ কৰ্তৃত্ব। এই কৰ্তৃত্ব কেৱল কংগ্ৰেছ দলৰ নহয়, এয়া সকলোৰে। যিসকলে উপলব্ধি কৰিছিল যে আমাৰ সংবিধানৰ ওপৰত হোৱা আক্ৰমণ আমি মানি নলও, আমাৰ ধৰ্ম, আমাৰ ৰাজ্যৰ ওপৰত আক্ৰমণ আমি মানি নলও, সেই সকলো ভাৰতীয়ৰ এই কৰ্তৃত্ব।

ৰাহুল গান্ধীয়ে আৰ এছ এছৰ ওপৰতো তীব্ৰ কটাক্ষ কৰি মন্তব্য কৰে। ৰাহুলে কয় যে সংঘই ভাৰতক এটা ধাৰণা বুলি বিশ্বাস কৰে। কিন্তু ভাৰতবৰ্ষ বৈচিত্ৰ্যৰ দেশ বুলি মোৰ বিশ্বাস। এই সন্দৰ্ভত সকলো মানুহৰে নিজা নিজা মতামত, নিজা সপোন আছে। জাতি, ভাষা, ধৰ্ম আৰু পৰম্পৰাৰ ভিত্তিত আমি ইয়াক পৃথক কৰিব নোৱাৰো। সপোন দেখাৰ অধিকাৰ সকলোৰে আছে আৰু এই অধিকাৰ তেওঁলোকে পোৱা উচিত। আমাৰ যুঁজ কেৱল এইবোৰ বিষয়ত যিবোৰ কথা লোকসভা নিৰ্বাচনত স্পষ্ট হৈ পৰিছিল বুলি গান্ধীয়ে কয়।

ইয়াৰোপৰি আমেৰিকাৰ টেক্সাছত ভাষণ দি ৰাহুলে নিবনুৱা সমস্যাৰ ওপৰতো মত প্ৰকাশ কৰে। ৰাহুলে কয় যে ভাৰতত নিবনুৱা সমস্যা আছে। কিন্তু পৃথিৱীৰ এনে বহু দেশ আছে য’ত এই সমস্যাবোৰ নাই। তাৰ ভিতৰত চীন, ভিয়েটনাম আদিৰ কথা ক’ব পাৰি। কিয় বিশ্বৰ বহু দেশত নিবনুৱা সমস্যা নাই তাৰ আঁৰৰ কাৰণো উল্লেখ কৰে গান্ধীয়ে।

নিবনুৱা সমস্যাৰ ওপৰত গান্ধীয়ে আমেৰিকাকো আক্ৰমণ কৰে। তেওঁ কয়, ৪০, ৫০ আৰু ৬০ৰ দশকত আমেৰিকা বিশ্ব উৎপাদনৰ কেন্দ্ৰবিন্দু আছিল। বহু ধৰণৰ বস্তু ইয়াত নিৰ্মাণ কৰা হৈছিল। গাড়ীৰ পৰা আৰম্ভ কৰি ৱাশ্বিং মেছিনলৈ সকলো আমেৰিকাত নিৰ্মাণ হৈছিল। কিন্তু এতিয়া এনে নহয়। এতিয়া এইবোৰ বস্তু বৃহৎ পৰিমাণে কোৰিয়া, জাপান, চীন আদিত নিৰ্মাণ হয়। ৰাহুলে কয় যে চীনে বিশ্বব্যাপী উৎপাদনত সকলোকে পিছ পেলাই নিজে আগবাঢ়ি গৈছে।  ৰাহুলে কয় যে উৎপাদনে কৰ্মসংস্থাপনৰ সৃষ্টি কৰে। গতিকে উৎপাদনৰ কাম কৰাক লৈ চিন্তা কৰিব লাগে বুলি ৰাহুলে কয়।

Latest News