5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পাকিস্তানে সন্ত্ৰাসবাদৰ সৈতে সম্পৰ্ক ত্যাগ নকৰালৈ, আমাৰ সম্পৰ্ক উন্নত হ’ব নোৱাৰে: ৰাহুল গান্ধী

বৰ্তমান আমেৰিকা ভ্ৰমণত ব্যস্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী । এই সময়ত এক সাক্ষাৎকাৰত পাকিস্তান আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ বিষয়ে কৈছিল ৰাহুলে। ৰাহুল গান্ধীয়ে কয় যে যেতিয়ালৈকে পাকিস্তানে সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক ত্যাগ নকৰে, তেতিয়ালৈকে আমাৰ সম্পৰ্ক উন্নত হ'ব নোৱাৰে। বাংলাদেশৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয়, "বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক বহু পুৰণি।"

পাকিস্তানে সন্ত্ৰাসবাদৰ সৈতে সম্পৰ্ক ত্যাগ নকৰালৈ, আমাৰ সম্পৰ্ক উন্নত হ’ব নোৱাৰে: ৰাহুল গান্ধী
ৰাহুল গান্ধী
Follow Us
trishna-kalita
Trishna Kalita | Published: 11 Sep 2024 12:38 PM

বৰ্তমান আমেৰিকা ভ্ৰমণত ব্যস্ত আছে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী । এই সময়ছোৱাত ৱাশ্বিংটনত এক সাক্ষাৎকাৰত ৰাহুল গান্ধীক পাকিস্তান আৰু ভাৰতৰ মাজৰ সম্পৰ্কক লৈ প্ৰশ্ন কৰা হৈছিল। তেওঁক সোধা হৈছিল, পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্ক কেনেকুৱা? কাশ্মীৰৰ বিষয়টোৰ বাবে দুয়োখন দেশক একত্ৰিত হ’ব পৰা নাই নেকি?

এই প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কয়, ” এনে কথা নহয়। আমাৰ দেশত সন্ত্ৰাসবাদক উৎসাহিত কৰে পাকিস্তানে , যাৰ বাবে দুয়োখন দেশ একত্ৰিত হ’ব পৰা নাই। আমি মানি নলওঁ যে পাকিস্তানে আমাৰ দেশত সন্ত্ৰাসবাদ বিয়পাওক। পাকিস্তানৰ এই কাৰ্য গ্ৰহণ কৰা নহ’ব আৰু যেতিয়ালৈকে তেওঁলোকে এনে কৰি থাকিব, দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ মাজত সমস্যা থাকিব।”

বাংলাদেশ আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয়, “বাংলাদেশৰ সৈতে আমাৰ সম্পৰ্ক বহু পুৰণি। শেহতীয়াকৈ বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ সৈতে হোৱা অত্যাচাৰৰ ঘটনা পোহৰলৈ আহিছে। কিছুমান লোকৰ ঘৰত জুই লগাই জ্বলাই দিয়া হৈছিল। ৰাহুল গান্ধীয়ে কয়, মই ভাবো বাংলাদেশৰ উগ্ৰপন্থীক লৈ ভাৰতত উদ্বেগ আছে। অৱশ্যে মই নিশ্চিত যে বাংলাদেশত পৰিস্থিতি স্বাভাৱিক হ’ব আৰু আমি বৰ্তমানৰ চৰকাৰ বা আন যিকোনো চৰকাৰৰ সৈতে শক্তিশালী সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ’ম।”

যোৱা কেইমাহমানত বাংলাদেশত যথেষ্ট আলোড়ন সৃষ্টি হৈছে। দেশখনত এনে এক অভ্যুত্থান সংঘটিত হৈছিল যাৰ বাবে ১৫ বছৰ ধৰি শাসনত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। তাৰ পাছত দেশখত মহম্মদ ইউনুছৰ অধীনত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছে।

 

Latest News