শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Ram Navami in Bangladesh: মোদী-ইউনুছৰ বৈঠকৰ পাছতে সলনি বাংলাদেশ ! ঢাকাত ৰাম নৱমীৰ বিশাল শোভাযাত্ৰা, অংশগ্ৰহণ মহিলাসহ শতাধিক ৰাম ভক্তৰ

ঢাকাত হিন্দু সংখ্যালঘু লোকসকলে উদযাপন কৰিলে ৰাম নৱমী । বাংলাদেশ জাতীয় হিন্দু মহাজোঁটৰ উদ্যোগত ঢাকাত এক বৰ্ণিল শোভাযাত্ৰা কৰি পালন কৰা হয় ৰাম নৱমী। এই শোভাযাত্ৰাত স্বতঃস্ফুতভাৱে অংশগ্ৰহণ কৰে হিন্দু সংখ্যালঘু লোকসকলে ।

Ram Navami in Bangladesh: মোদী-ইউনুছৰ বৈঠকৰ পাছতে সলনি বাংলাদেশ ! ঢাকাত ৰাম নৱমীৰ বিশাল শোভাযাত্ৰা, অংশগ্ৰহণ মহিলাসহ শতাধিক ৰাম ভক্তৰ
বাংলাদেশত ৰাম নৱমী শোভাযাত্ৰা
manas-borah
Manas Borah | Published: 07 Apr 2025 14:52 PM

বাংলাদেশৰ শাসনত আছে অন্তৱৰ্তীকালীন চৰকাৰ । চুবুৰীয়া দেশখনৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টিৰ হোৱাৰে বিভিন্ন ধৰণে হিন্দু সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন হৈ আহিছে । ইয়াৰ মাজতে দেওবাৰে দেশখনত বাস কৰা হিন্দু সংখ্যালঘু লোকসকলে উদযাপন কৰিলে ৰাম নৱমী । বাংলাদেশ জাতীয় হিন্দু মহাজোঁটৰ উদ্যোগত ঢাকাত এক বৰ্ণিল শোভাযাত্ৰা কৰি পালন কৰা হয় ৰাম নৱমী। এই শোভাযাত্ৰাত স্বতঃস্ফুতভাৱে অংশগ্ৰহণ কৰে হিন্দু সংখ্যালঘু লোকসকলে । দেখা যায় যে, ৰাম নৱমী উপলক্ষে উলিওৱা এই শোভাযাত্ৰাত মহিলাসকলেও অংশগ্ৰহণ কৰে ।

ঢাকাৰ ৰামসীতা মন্দিৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা দয়াগঞ্জ হৈ জয়কালি মন্দিৰত সমাপ্ত হয় । শোভাযাত্ৰাত হাজাৰ হাজাৰ ৰামভক্তক খোজ কাঢ়ি যোৱা দেখা যায় । খবৰ অনুসৰি, শোভাযাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে মন্দিৰ চৌহদত এখন আলোচনা সভা অনুষ্ঠিত হয়।

যোৱা বছৰৰ জুলাই মাহৰ পৰা বাংলাদেশত পৰিস্থিতি উত্তপ্ত হৈ আছে । শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ৫ আগষ্টত বাংলাদেশ এৰি আহি ভাৰতত আশ্ৰয় গ্ৰহণ কৰে । ইয়াৰ তিনি দিনৰ পিছতে মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয়। তাৰ পাছত বাংলাদেশৰ বিভিন্ন ঠাইত হিন্দুকে ধৰি সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন হ’বলৈ ধৰে। হিন্দুকে ধৰি সংখ্যালঘু লোকৰ সুৰক্ষাক লৈ ভাৰতেও উদ্বেগ প্ৰকাশ কৰে । ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে যোৱা বছৰৰ ডিচেম্বৰ মাহত বাংলাদেশ ভ্ৰমণৰ সময়ত সেই উদ্বেগ প্ৰকাশ কৰে।

ইফালে, বাংলাদেশত হিন্দুকে ধৰি সংখ্যালঘু লোকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে পদক্ষেপ ল’বলৈ কেন্দ্ৰক আহ্বান জনাইছিল আৰ এছ এছে। দুদিনমান পূৰ্বে থাইলেণ্ডত অনুষ্ঠিত হোৱা বিমষ্টেক শীৰ্ষ সন্মিলনৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহম্মদ ইউনুছৰ সৈতে বৈঠকত মিলিত হৈছিল । এই বৈঠকতো তেওঁ বাংলাদেশত হিন্দুকে ধৰি সংখ্যালঘুসকলৰ সুৰক্ষাৰ দিশত গুৰুত্ব দিছিল।

বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিত ৰাম নৱমী উদযাপন কৰাটো সম্ভৱ হ’ব নে নহয় সেই সন্দৰ্ভতো চৰ্চা অব্যাহত আছিল । অৱশ্যে দেওবাৰৰ দিনটোতে ঢাকাত এক বৰ্ণিল ৰাম নৱমী শোভাযাত্ৰা উলিওৱা হয়। বহু লোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাক কেন্দ্ৰ কৰি কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়। শান্তিপূৰ্ণভাৱে এই শোভযাত্ৰা কৰা দেখা গৈছিল ।