শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতসহ ব্ৰিকছ সদস্যলৈ পুনৰ সকীয়নি ট্ৰাম্পৰঃ ১০০ শতাংশ শুল্ক আৰোপৰ হুংকাৰ

ব্ৰিকছৰ সদস্য দেশসমূহৰ প্ৰতি আন এক ভাবুকি প্ৰেৰণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। আমেৰিকান ডলাৰৰ পৰিৱৰ্তে ব্ৰিকছৰ সদস্য দেশসমূহৰ মাজত উমৈহতীয়া মুদ্ৰা প্ৰচলন সন্দৰ্ভত চলি থকা জল্পনা-কল্পনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ট্ৰাম্পে এনে পন্থা গ্ৰহণ নকৰিবলৈ সকীয়াই দিয়ে।

ভাৰতসহ ব্ৰিকছ সদস্যলৈ পুনৰ সকীয়নি ট্ৰাম্পৰঃ ১০০ শতাংশ শুল্ক আৰোপৰ হুংকাৰ
ড'নাল্ড ট্ৰাম্পImage Credit source: tv9 hindi
monjit-dutta
Monjit Dutta | Published: 01 Feb 2025 18:35 PM

ব্ৰিকছৰ সদস্য দেশসমূহৰ প্ৰতি আন এক ভাবুকি প্ৰেৰণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। আমেৰিকান ডলাৰৰ পৰিৱৰ্তে ব্ৰিকছৰ সদস্য দেশসমূহৰ মাজত উমৈহতীয়া মুদ্ৰা প্ৰচলন সন্দৰ্ভত চলি থকা জল্পনা-কল্পনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ট্ৰাম্পে এনে পন্থা গ্ৰহণ নকৰিবলৈ সকীয়াই দিয়ে। অন্যথা ব্ৰিকছ দেশসমূহৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে ট্ৰাম্পে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েল যোগে ট্ৰাম্পে এই সকীয়নি প্ৰদান কৰিছে।

ট্ৰাম্পে এই পোষ্টটোত ব্ৰিকছৰ দেশসমূহক প্ৰত্যক্ষভাৱে ভাবুকি দি প্ৰতিপক্ষ দেশসমূহে যাতে নতুন ব্ৰিকছ মুদ্ৰা সৃষ্টি নকৰে আৰু শক্তিশালী আমেৰিকান ডলাৰৰ পৰিৱৰ্তে আন কোনো মুদ্ৰাৰ সমৰ্থন নকৰে তাৰ প্ৰতিশ্ৰুতি বিচাৰে। অন্যথা এই দেশসমূহে ১০০ শতাংশ শুল্কৰ সন্মুখীন হ’ব আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বজাৰৰ আশা বিদায় দিব লাগিব বুলি সকীয়াই দিয়ে আমেৰিকান ৰাষ্ট্ৰপতিগৰাকীয়ে।

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ব্ৰিকছে আন্তৰ্জাতিক বাণিজ্যত বা আন যিকোনো স্থানত আমেৰিকান ডলাৰৰ স্থান লোৱাৰ কোনো সম্ভাৱনা নাই বুলিও দৃঢ়তাৰে দাবী কৰে। তাৰ পিছতো যদি কোনো দেশে এই প্ৰচেষ্টা চলায়, তেতিয়া আমেৰিকাক বিদায় জনাব লাগিব বুলি ৰাষ্ট্ৰপতি ট্ৰাম্পে লগতে কয়।

উল্লেখ্য যে ২০০৯ চনত গঠন হৈছিল ব্ৰিকছ (BRICS) নামৰ এই আন্তঃৰাষ্ট্ৰীয় গোটৰ। ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইথিওপিয়া, ইণ্ডোনেছিয়া, ইৰাণ আৰু সংযুক্ত আৰব আমিৰশ্বাহী- এই দহখন ৰাষ্ট্ৰৰে গঠিত এই ব্ৰিকছ। বিগত কেইবছৰমানৰ পৰা এই গোটৰ কেইখনমান সদস্য দেশ বিশেষকৈ ৰাছিয়া আৰু চীনে আমেৰিকান ডলাৰৰ বিকল্পৰ সন্ধান চলাই আহিছে আৰু নিজাকৈ ব্ৰিকছ মুদ্ৰা সৃষ্টি কৰাৰ পৰিকল্পনা কৰি আহিছে।

শেহতীয়াকৈ প্ৰকাশ কৰা এক প্ৰতিবেদনত ব্ৰিকছ দেশসমূহে একেলগে অতি সোনকালে এক নতুন মুদ্ৰা মুকলি কৰাৰ পৰিকল্পনা কৰা বুলি দাবী কৰা হৈছিল। এই মুদ্ৰাৰ জৰিয়তে আমেৰিকান ডলাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব বিচৰা হৈছে বুলিও দাবী কৰা হৈছে প্ৰতিবেদনত। ইউৰএছিয়া ডেইলীত প্ৰকাশিত এক প্ৰতিবেদন মতে, ব্ৰিকছৰ কাজান সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক এখন প্ৰতীকী ‘ব্ৰিকছ বিল’ উপহাৰ দিয়া হৈছিল।

অৱশ্যে এই পদক্ষেপৰ পৰা এতিয়াও আঁতৰি আছে ভাৰত। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ইতিপূৰ্বে স্পষ্ট কৰি দিছিল যে আমেৰিকান ডলাৰ দুৰ্বল কৰাৰ ক্ষেত্ৰত ভাৰতৰ কোনো আগ্ৰহ নাই। প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ মাজত ব্যক্তিগত সম্পৰ্ক আছে বুলি আঙুলিয়াই দি জয়শংকৰে ভাৰত কেতিয়াও ডি-ডলাৰাইজেচনৰ পক্ষত হোৱা নাই বুলি নিশ্চিত কৰি দিয়ে।