ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতি প্ৰস্তাৱত সন্মতি পুটিনৰ…!

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে, তেওঁ ইউক্ৰেইনৰ সৈতে ৩০ দিনীয়া যুদ্ধবিৰতিৰ বাবে আমেৰিকাৰ প্ৰস্তাৱত নীতিগতভাৱে সন্মতি প্ৰকাশ কৰিছে। লগতে যিকোনো যুদ্ধবিৰতিৰ দ্বাৰা স্থায়ী শান্তিৰ পথ মুকলি হ’ব লাগে বুলি স্পষ্ট কৰি দিয়ে পুটিনে ।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতি প্ৰস্তাৱত সন্মতি পুটিনৰ...!

ৰাছিয়া ৰাষ্ট্ৰপতি

Published: 

15 Mar 2025 08:07 AM

ইউক্ৰেইনৰ সৈতে ৩০ দিনীয়া যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰিছে ৰাছিয়াই । এই যুদ্ধবিৰতিৰ বাবে প্ৰস্তাৱ দিছিল আমেৰিকাই । আমেৰিকাৰ প্ৰস্তাৱত নীতিগতভাৱে সন্মতি প্ৰকাশ কৰিছে যদিও কিছুমান বিষয়ৰ আলোচনা কৰাৰ গুৰুত্ব দিছে ৰাছিয়াই । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে, তেওঁ ইউক্ৰেইনৰ সৈতে ৩০ দিনীয়া যুদ্ধবিৰতিৰ বাবে আমেৰিকাৰ প্ৰস্তাৱত নীতিগতভাৱে সন্মতি প্ৰকাশ কৰিছে। লগতে যিকোনো যুদ্ধবিৰতিৰ দ্বাৰা স্থায়ী শান্তিৰ পথ মুকলি হ’ব লাগে বুলি স্পষ্ট কৰি দিয়ে পুটিনে । পুটিনে কয় যে, “এই ধাৰণাটো নিজৰ মাজতে সঠিক আৰু আমি নিশ্চিতভাৱে ইয়াক সমৰ্থন কৰোঁ।”

“কিন্তু কিছুমান বিষয় আছে যিবোৰ আমি আলোচনা কৰিব লাগিব । মই ভাবো যে, আমি আমাৰ আমেৰিকাৰ মিত্ৰ আৰু অংশীদাৰসকলৰ সৈতে এই বিষয়ে আলোচনা কৰাৰ প্ৰয়োজন আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে ফোনত কথা পাতি তেওঁৰ সৈতে এই বিষয়ে আলোচনা কৰাটো প্ৰয়োজন।” এইদৰে কয় পুটিনে । ইফালে ৰাছিয়াৰ পৰা ভাল সংকেত আহিছে বুলি উল্লেখ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুটিনৰ বক্তব্যক লৈ আশা প্ৰকাশ কৰে। তেওঁ পুটিনৰ সৈতে কথা পাতিবলৈ সাজু বুলি পুনৰ কয় আৰু যুদ্ধৰ অন্ত পেলোৱাৰ সময় আহি পৰিছে বুলি কয় ট্ৰাম্পে।

প্ৰকাশিত খবৰ অনুসৰি,বৃহস্পতিবাৰে হোৱাইট হাউছত নাটোৰ মহাসচিব মাৰ্ক ৰুটেৰ সৈতে হোৱা বৈঠকৰ আৰম্ভণিতে ট্ৰাম্পে কয় যে, পুটিনে অতি আশাব্যঞ্জক বক্তব্য দিছিল যদিও সেয়া সম্পূৰ্ণ হোৱা নাছিল। তেওঁ কয় যে, এতিয়া আমি চাম ৰাছিয়াই আলোচনা কৰে নে নকৰে। যদি নহয়, তেন্তে পৃথিৱীৰ বাবে ই এক অতি হতাশাজনক মুহূৰ্ত হ’ব।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে দাবী কৰিছে যে, পুটিনে যুদ্ধবিৰতি মূলতঃ নাকচ কৰিবলৈ সাজু হৈছে। দেশৰ আগত দিয়া ভাষণত জেলেনস্কিয়ে কয় যে, পুটিনে ৰাষ্ট্ৰপতি ট্ৰাম্পক পোনপটীয়াকৈ ক’বলৈ ভয় কৰে যে, তেওঁ এই যুদ্ধ অব্যাহত ৰাখিব বিচাৰে, ইউক্ৰেইনৰ লোকক হত্যা কৰিব বিচাৰে। মনকৰিলগীয়া যে, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতি বিষয়টো কিমান দূৰলৈ আগবাঢ়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ