ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণ: ২০০ টা মিছাইল- ড্ৰোণেৰে ইউক্ৰেইনৰ ওপৰত চলালে তাণ্ডৱ
ক্ৰেমলিনে কয় যে, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত কোনো আলোচনা চলি থকা নাই। এতিয়া কথা বতৰাৰ সময় শেষ হ'ল। ইউক্ৰেইনৰ আক্ৰমণৰ প্ৰত্যুত্তৰ ৰাছিয়াই ভালদৰে দিব
ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে ৰাছিয়াই কিয়েভকে ধৰি বহু চহৰত প্ৰায় ১০০টা মিছাইল আৰু ১০০টা ড্ৰ’নেৰে আক্ৰমণ কৰিছে । জেলেনস্কিয়ে কয় যে এই আক্ৰমণৰ বাবে ৰাছিয়াই শ শ শ্বহীদ ড্ৰ’ন ব্যৱহাৰ কৰিছে। শ্বহীদ ড্ৰ’ন ইৰাণে নিৰ্মাণ কৰা অতি বিপদজনক ড্ৰ’ন বুলি গণ্য কৰা হয়। এয়া এক প্ৰকাৰৰ আত্মঘাতী ড্ৰোন যাৰ ৰেঞ্জ প্ৰায় ২৫০০ কিলোমিটাৰ।
ৰাছিয়াৰ এই আক্ৰমণৰ পিছত কিয়েভকে ধৰি বহু চহৰত বিদ্যুৎ যোগান স্তব্ধ হৈ পৰিছে। ৰাছিয়াৰ সামৰিক সূত্ৰই জনোৱা মতে, এই আক্ৰমণৰ মূল লক্ষ্য আছিল ইউক্ৰেইনৰ মূল শক্তি আন্তঃগাঁথনিত আক্ৰমণ কৰা। উল্লেখ কৰা প্ৰয়োজন যে সোমবাৰে ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত কৰা আক্ৰমণৰ পাছতেই প্ৰত্যুত্তৰ স্বৰূপে ৰাছিয়াই এই আক্ৰমণ কৰে।
ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ডেনিছ ছিমহালে জনাইছে যে ৰাছিয়াই ইউক্ৰেইনৰ প্ৰায় ১৫ টাকৈ ঠাইত এই আক্ৰমণ সংঘটিত কৰিছে। ৰাছিয়াই এই আক্ৰমণত কিনঝাল হাইপাৰছ’নিক মিছাইল ব্যৱহাৰ কৰা বুলিও তেওঁ কয়। ইউক্ৰেইনৰ বায়ু সেনাই দাবী কৰা অনুসৰি ইউক্ৰেইনৰ আকাশত এতিয়াও ৰাছিয়াৰ ড্ৰ’ন উৰি আছে। ইয়াৰ বিপৰীতে কিয়েভ সামৰিক প্ৰশাসনে কয় যে ইউক্ৰেইনৰ প্ৰতিৰক্ষা ব্যৱস্থাই এতিয়ালৈকে ৰাছিয়াৰ ১৫টা মিছাইল আৰু ১৫টা ড্ৰ’ন ধ্বংস কৰিছে।
এই আক্ৰমণৰ পাছতে ভলডিমিৰ জেলেনস্কিয়ে টেলিগ্ৰামত তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে, পুটিন এজন ৰুগীয়া মানুহ। ৰাছিয়াৰ এই আক্ৰমণত বহু লোক নিহত হৈছে আৰু নিহত সকলৰ পৰিয়াললৈ জেলেনস্কিয়ে সমবেদনা জ্ঞাপন কৰে।
উল্লেখ্য যে. আজি ইউক্ৰেইনে ৰাছিয়াৰ চাৰটভৰ ৩৮ মহলীয়া অট্টালিকাত ড্ৰনেৰে আক্ৰমণ চলায়। এই আক্ৰমণ আমেৰিকাৰ ৯/১১ আক্ৰমণৰ লগত তুলনা কৰা হৈছে। এই আক্ৰমণৰ ফলত ৰাছিয়াৰ চাৰটভৰ অট্টালিকাটোৰ যথেষ্ঠ ক্ষতিসাধন হয় লগতে এগৰাকী মহিলা আঘাতপ্ৰাপ্ত হয়। তাৰ কিছু সময়ত পাছতেই ৰাছিয়াই এই আক্ৰমণ চলায়। ৰাছিয়াৰ আক্ৰমণ কৰা চহৰসমূহৰ ভিতৰত আছে- অডোছা, ভিনিটছিয়া, জাপোৰিজিয়া, ক্ৰেমেনচুক, ডিনীপ্ৰো,খ্মেলনিটস্কি, ক্ৰ’পিভনিটস্কি, ক্ৰীভি ৰিহ আৰু লুটস্ক আদি।
এই যুদ্ধৰ মাজতেই ৰাছিয়াই এক ডাঙৰ মন্তব্য কৰে। ক্ৰেমলিনে কয় যে, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত কোনো আলোচনা চলি থকা নাই। এতিয়া কথা বতৰাৰ সময় শেষ হ’ল। ইউক্ৰেইনৰ আক্ৰমণৰ প্ৰত্যুত্তৰ ৰাছিয়াই ভালদৰে দিব।উল্লেখ্য যে, যোৱা ১টা বছৰৰো অধিক কাল ধৰি ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ অব্যাহত আছে। এই যুদ্ধত এতিয়ালৈকে বহুলোকৰ মৃত্যু হোৱাৰ লগতে বহু আঘাতপ্ৰাপ্ত হৈছে। বিশ্বৰ দেশসমূহে বহু চেষ্টা কৰিও এই যুদ্ধ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই।