ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কৰ্কট ৰোগৰ ভেকচিন! কেতিয়া আহিব ৰাইজৰ মাজলৈ…
সমগ্ৰ বিশ্বত দুৰাৰোগ্য কৰ্কট ৰোগক লৈ সমস্যাত পৰিছে। দিনক দিনে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। ইয়াৰ মাজতে ৰাছিয়াই দাবী কৰিছে যে তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে ভেকচিন। যিয়ে নিৰ্মূল কৰিব কৰ্কট ৰোগ।
বিশ্বই শীঘ্ৰেই লাভ কৰিব দুৰাৰোগ্য কৰ্কট ৰোগৰ ভেকচিন! দুৰাৰোগ্য কৰ্কট ৰোগ সন্দৰ্ভত এক ডাঙৰ দাবী কৰিছে ৰাছিয়াই। শেহতীয়াকৈ দেশখনে কৈছে যে তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে কৰ্কট ৰোগৰ ভেকচিন। এই ভেকচিন কৰ্কট ৰোগত আক্ৰান্ত প্ৰতিগৰাকী ব্যক্তিকে বিনামূলীকৈ প্ৰদান কৰা হ’ব। ৰাছিয়াই লগতে দাবী কৰে যে এই ভেকচিনে টিউমাৰ বৃদ্ধি হোৱাত বাধা প্ৰদান। সমগ্ৰ বিশ্ব কেন্সাৰৰ দৰে ৰোগক লৈ চিন্তিত হৈ থকাৰ মাজতে ৰাছিয়াই এই ডাঙৰ কথা ঘোষণা কৰিছে।
ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে ২০২৫ চনৰ আৰম্ভণিত মুকলি কৰা হ’ব কৰ্কট ৰোগৰ এই ভেকচিন। ৰাছিয়াৰ প্ৰতিগৰাকী কৰ্কট ৰোগীক বিনামূলীয়াকৈ এই ভেকচিন প্ৰদান কৰা হ’ব। ৰেডিঅ’লজি মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ জেনেৰেল ডাইৰেক্টৰ আন্দ্ৰে কেপ্ৰিনে এই ভেকচিনৰ বিষয়ে সবিশেষ তথ্য প্ৰকাশ কৰিছে। অৱশ্যে এই ভেকচিন কোনবিধ কৰ্কট ৰোগৰ বাবে তৈয়াৰ কৰা হৈছে আৰু কিমান ফলপ্ৰসূ হ’ব সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব।
ইয়াৰোপৰি এতিয়ালৈকে ৰাছিয়াই ভেকচিনৰ নাম প্ৰকাশ কৰা নাই। উল্লেখ কৰা প্ৰয়োজন যে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰে ৰাছিয়াত কেন্সাৰ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। ২০২২ চনৰ তথ্য অনুসৰি দেশখনত প্ৰায় ৬ লাখ ৩৫ হাজাৰ কৰ্কট ৰোগী আছে। ৰাছিয়াই কৈছে যে, এই ভেকচিনে টিউমাৰৰ বৃদ্ধি হোৱাত বাধা প্ৰদান কৰাৰ লগতে ইয়াৰ আকাৰো সৰু কৰি পেলাব। এই কোষবোৰ বৃদ্ধি হোৱাই কৰ্কট ৰোগৰ কাৰণ।
কৰ্কট ৰোগ
মানুহৰ দেহ কোষেৰে তৈয়াৰী। এই কোষবোৰ সময়ে সময়ে মৰি যায় আৰু ইয়াৰ সলনি নতুন কোষ জন্ম পায়। সাধাৰণতে জীৱিত কোষবোৰ নিয়ন্ত্ৰিত হাৰত বিভাজিত হৈ নতুন কোষৰ জন্ম দিয়ে। কিন্তু কেতিয়াবা কোষবোৰ অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি হ’বলৈ ধৰে আৰু পাছলৈ ই টিউমাৰৰ সৃষ্টি কৰে। টিউমাৰ দুই প্ৰকাৰৰঃ বেনাইন (Benign) আৰু মেলিগনেণ্ট (Malignant)। এই মেলিগনেণ্ট টিউমাৰকে কেঞ্চাৰ বোলা হয়।
ভাৰতৰ কৰ্কট ৰোগী
২০২২ চনৰ তথ্য অনুসৰি ভাৰতত কৰ্কট ৰোগীৰ সংখ্যা প্ৰায় ১৪,৬১,৪২৭ (১০০.৪ প্ৰতি ১ লাখ) । ভাৰতত প্ৰতি ৯ গৰাকী মানুহৰ ১জনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা আছে। ২০২২ চনৰ তথ্যত হাঁওফাঁও আৰু স্তন কৰ্কট ৰোগীৰ সংখ্যা বেছি আছিল। ২০২৫ চনৰ ভিতৰত দেশত কৰ্কট ৰোগীৰ সংখ্যা ১২.৮ শতাংশলৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে।