শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ISISৰ কাৰাবন্দীৰ প্ৰতিশোধৰ জুইত ৰক্তাক্ত ৰাছিয়াৰ কাৰাগাৰ! ৪জনৰ মৃত্যু

ৰাছিয়াৰ কাৰাগাৰত কয়দীসকলৰ মাজত সৃষ্টি হয় ভয়ংকৰ সংঘৰ্ষ। য'ত নিহত হয় চাৰিজন লোক। ৪ কাৰাবন্দীয়ে কাৰাগাৰৰ কৰ্মচাৰীসকলক বন্দী কৰি লৈছিল। এই কাৰাবন্দীসকলক ইছলামিক ষ্টেট ((ISIS)ৰ সৈতে জড়িত বুলি কোৱা হৈছে। আক্ৰমণকাৰীসকলে এটা ভিডিঅ'ও মুকলি কৰিছে। য'ত তেওঁলোকে কৈছে যে এই আক্ৰমণ মুছলমানসকলৰ বিৰুদ্ধে ৰাছিয়াই কৰা অত্যাচাৰৰ প্ৰতিশোধ হিচাপে কৰা হৈছে।

ISISৰ কাৰাবন্দীৰ প্ৰতিশোধৰ জুইত ৰক্তাক্ত ৰাছিয়াৰ কাৰাগাৰ! ৪জনৰ মৃত্যু
ৰাছিয়াৰ কাৰাগাৰত কয়দীসকলৰ মাজত সংঘৰ্ষ
trishna-kalita
Trishna Kalita | Updated On: 24 Aug 2024 18:36 PM

ৰাছিয়াৰ ভলগোগ্ৰাদ অঞ্চলৰ IK-19 সুৰোভিকিনো কাৰাগাৰত কয়দীসকলৰ মাজত এক ভয়ংকৰ সংঘৰ্ষ হয়। ৪ কাৰাবন্দীয়ে কাৰাগাৰৰ কৰ্মচাৰীসকলক বন্দী কৰি লৈছিল। এই কাৰাবন্দীসকলক ইছলামিক ষ্টেট ((ISIS)ৰ সৈতে জড়িত বুলি কোৱা হৈছে। এই ঘটনাত ৪জন আক্ৰমণকাৰীৰ মৃত্যু হৈছে। আনহাতে সকলো বন্দীক মুক্ত কৰা হৈছে।

এই ঘটনাটো শুকুৰবাৰে সংঘটিত হৈছিল যেতিয়া কয়দীসকলৰ সৈতে বৈঠকৰ সময়ত তেওঁলোক একাংশ কৰ্মচাৰীক আক্ৰমণ কৰিছিল। আক্ৰমণকাৰীসকলে কৰ্মচাৰীসকলক চুৰিৰে আক্ৰমণ কৰিছিল। যাৰ ফলত কমেও ৩জন নিৰাপত্তাৰক্ষী নিহত হৈছিল। আক্ৰমণৰ সময়ত আক্ৰমণকাৰীসকলে সৈতে এটা ভিডিঅ’ মুকলি কৰিছিল। য’ত তেওঁলোকে নিজকে ইছলামিক ষ্টেটৰ সৈতে জড়িত বুলি পৰিচয় দিছিল। তেওঁলোকে কৈছে যে আক্ৰমণটো মুছলমানসকলৰ বিৰুদ্ধে ৰাছিয়াৰ দ্বাৰা সংঘটিত অত্যাচাৰৰ প্ৰতিশোধ স্বৰূপে হৈছিল।

পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ ৰাছিয়াৰ বিশেষ বাহিনীয়ে এক বিশেষ অভিযান আৰম্ভ কৰিছিল। য’ত চাৰিওজন আক্ৰমণকাৰী নিহত হয়। উজবেকিস্তান আৰু তাজিকিস্তানৰ ৪জন লোকে নিৰাপত্তাৰক্ষীসকলক চুৰিৰে আক্ৰমণ কৰিছিল। ঘটনাটোত আন ৪জন নিৰাপত্তাক্ষীও আহত হৈছিল। কাৰাগাৰত সংঘটিত এই ঘটনাৰ পাছত ৰাছিয়াত জাতিগত বিবাদ বৃদ্ধি পাইছে।

মাৰ্চ মাহত এটা সংগীত উৎসৱত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত বিবাদ বৃদ্ধি হৈছিল। য’ত ১৪৫জন লোক নিহত হৈছিল। ভলগোগ্ৰাডৰ ৰাজ্যপাল আন্দ্ৰে বোচাৰোভে কৈছে যে আক্ৰমণকাৰীসকলৰ পৰিচয় এতিয়াও স্পষ্ট হোৱা নাই।

ৰাছিয়াৰ IK-19 এখন হাই ছিকিউৰিটিযুক্ত কাৰাগাৰ য’ত প্ৰায় ১,২০০ জন কয়েদী আছে। ইছলামিক ষ্টেটৰ সৈতে সৈতে জড়িত কয়দীসকৱে দ্বিতীয়বাৰৰ বাবে এনে ঘটনা সংঘটিত কৰিছে। ইয়াৰ আগতে জুন মাহত ৰোস্তভ অঞ্চলত একে ধৰণৰ ঘটনা সংঘটিত হৈছিল।