মোদীৰ আমন্ত্ৰণ স্বীকাৰ, শীঘ্ৰেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন…

ভাৰত ভ্ৰমণৰ বাবে সাজু হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। উল্লেখ্য যে, যোৱা বৰ্ষৰ জুলাই মাহত ৰাছিয়া ভ্ৰমণ কৰিছিল মোদীয়ে, তাৰ পাছত এতিয়া ভাৰত ভ্ৰমণৰ বাবে আহিব পুটিন।

মোদীৰ আমন্ত্ৰণ স্বীকাৰ, শীঘ্ৰেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন...

মোদী-পুটিন

Updated On: 

27 Mar 2025 17:56 PM

অতি শীঘ্ৰেই ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। এই সন্দৰ্ভত বৃহস্পতিবাৰে তথ্য প্ৰদান কৰি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে কয় যে নৰেন্দ্ৰ মোদীয়ে ভাৰত ভ্ৰমণৰ বাবে জনোৱা আমন্ত্ৰণ স্বীকাৰ কৰিছে পুটিনে। এনে পৰিস্থিতিত দিল্লী যাত্ৰাৰ বাবে সাজু হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী।ৰাছিয়ান ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছ কাউন্সিল (আৰ আই এ চি)ৰ উদ্যোগত “ৰাছিয়া এণ্ড ইণ্ডিয়া: টৱাৰ্ড এ নিউ বাইলেটেৰেল এজেণ্ডা” শীৰ্ষক সন্মিলনৰ সময়ত লাভৰভে কয় যে, ৰাষ্ট্ৰপতি পুটিনে ভাৰত ভ্ৰমণৰ প্ৰস্তুতি চলাই আছে।

ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীৰ উদ্ধৃতি দি কয় যে, ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত চৰকাৰৰ ভ্ৰমণৰ আমন্ত্ৰণ স্বীকাৰ কৰিছে। ইয়াৰ বাবে আৰম্ভ হৈছে প্ৰস্তুতি। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত মোদীয়ে প্ৰথম ৰাছিয়া ভ্ৰমণ কৰিছিল। গতিকে এতিয়া আমাৰ সময়। অৱশ্যে পুটিনে কেতিয়া ভাৰত ভ্ৰমণলৈ আহিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

যোৱা বছৰৰ জুলাই মাহত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰিছিল।  যোৱা ৫ বছৰৰ ভিতৰত এয়া প্ৰথম ৰাছিয়া ভ্ৰমণ আছিল মোদীৰ। ইয়াৰ পূৰ্বে ২০১৯ চনত এক অৰ্থনৈতিক সন্মিলনত অংশগ্ৰহণৰ বাবে সুদূৰ পূৰ্বাঞ্চলৰ ভ্লাডিভষ্টক চহৰ ভ্ৰমণ কৰিছিল মোদীয়ে।  জুলাই মাহৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি পুটিনক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল। গতিকে ভাৰতৰ আমন্ত্ৰণ মৰ্মে ভাৰত আহিব পুটিন।   ইয়াৰ মাজতে ২৪ মাৰ্চত বৈদেশিক মন্ত্ৰী লাভৰভে কয় যে ৰাছিয়াই নিজৰ ঘনিষ্ঠ বন্ধু ভাৰতৰ সৈতে “সুবিধাজনক কৌশলগত অংশীদাৰিত্ব” গঢ়ি তুলিছে।

তেওঁ লগতে কয় যে, ৰাছিয়াই ভাৰত, চীন, ইৰাণ, উত্তৰ কোৰিয়া আৰু কমনৱেলথ অৱ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ (চি আই এছ) আদি দেশৰ সৈতে সক্ৰিয়ভাৱে সম্পৰ্ক সম্প্ৰসাৰণ কৰি আছে। লগতে কয়, চীনৰ সৈতে ব্যাপক অংশীদাৰিত্ব আৰু কৌশলগত সহযোগিতাৰ সম্পৰ্কই পাৰস্পৰিক বিশ্বাস দৃঢ় কৰিছে। ভাৰতৰ সৈতেও এতিয়া বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব গঢ় লৈ উঠিছে।

উল্লেখ্য যে, ভাৰত- ৰাছিয়াৰ মাজত এক ভাল সম্পৰ্ক আছে। ৰাছিয়াৰ -ইউক্ৰেইনৰ যুদ্ধৰ সময়ত একাংশই ৰাছিয়াৰ সংগ এৰি দিছে যদিও ভাৰতে নিৰপেক্ষ ভূমিকা পালন কৰি আহিছে। ইয়াৰোপৰি ৰাছিয়াৰ সৈতে ভাৰতৰ এক ভাল বাণিজ্যিক সম্পৰ্ক আছে। গতিকে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণে বিশ্ব ৰাজনীতিৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। এই আলোচনত দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে পুটিন কেতিয়া ভাৰতলৈ আহে সেয়া কিছুদিন পাছত স্পষ্ট হৈ পৰিব।

Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন জানেনে?
কাৰ নামত কিমান সম্পত্তি লিখি থৈ গ'ল টাটাই? তালিকাত নাম ঘৰুৱা সহায়কৰ পৰা পোহনীয়া কুকুৰলৈ...
ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...