শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাছিয়াৰ ওপৰত ইউক্ৰেইনৰ সৰ্ববৃহৎ আক্ৰমণ , নিক্ষেপ কৰিলে ২০০ৰো অধিক ড্ৰ’ন আৰু আমেৰিকাত নিৰ্মিত ATACMS

তিনি বছৰৰো অধিককাল ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ শাম কটাৰ নাম লোৱা নাই। শেহতীয়াকৈ ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত আক্ৰমণ কৰে আৰু পৰৱৰ্তী সময়ত ৰাছিয়াইও আক্ৰমণ চলায়।

ৰাছিয়াৰ ওপৰত ইউক্ৰেইনৰ সৰ্ববৃহৎ আক্ৰমণ , নিক্ষেপ কৰিলে ২০০ৰো অধিক ড্ৰ’ন আৰু আমেৰিকাত নিৰ্মিত ATACMS
ৰাছিয়া-ইউক্ৰেইনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 15 Jan 2025 19:07 PM

বছৰৰ পাছত বছৰ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ এতিয়াও শাম কটাৰ নাম লোৱা নাই। শেহতীয়াকৈ ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত ডাঙৰ আক্ৰম কৰে। মঙলবাৰে নিশাৰ পৰা ইউক্ৰেইনে মিছাইল আৰু ড্ৰোনেৰে ৰাছিয়াৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। তথ্য অনুসৰি, ৰাছিয়াৰ ওপৰত ইউক্ৰেইনৰ এয়া সবাতোকৈ বৃহৎ আক্ৰমণ। ৰাছিয়াৰ সংবাদ মাধ্যমৰ মতে এই আক্ৰমণৰ ফলত কমেও দুটা কাৰখানা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে দক্ষিণৰ এখন ডাঙৰ চহৰৰ বিদ্যালয় বন্ধ কৰিবলৈ বাধ্য হয়। ইয়াৰ ফলত ৰাছিয়াৰ শোধানগৰৰ টেংক এটাত অগ্নি সংযোগ হয়।

ব্ৰাইয়ানস্ক অঞ্চলৰ গৱৰ্ণৰ আলেকজেণ্ডাৰ বগোমাজে কয় ইউক্ৰেইনে বৃহৎ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলাইছে। কিন্তু কিহেৰে এই আক্ৰমণ চলাইছে তাৰ কোনো সবিশেষ তথ্য প্ৰকাশ কৰা নাই। ইয়াৰোপৰি তেওঁ কয় যে, এংগেলছ চহৰৰ এটা উদ্যোগিক ইউনিট ড্ৰ’ন আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰোপৰি এই আক্ৰমণৰ ফলত এংগেলছ চহৰৰ এখন বিদ্যালয় বন্ধ কৰিবলগীয়া হয় আৰু ক্লাছসমূহ অনলাইন কৰে।

ৰাছিয়াৰ বিমান পৰিবহণ সংস্থাই কয় যে, কাজান, চাৰাটভ, পেঞ্জা, উলিয়ানভস্ক আৰু নিজনেকামস্ককে ধৰি অঞ্চলসমূহত বিমান সেৱা নিষিদ্ধ কৰা হৈছে। এই আক্ৰমণৰ পাছতেই স্থানসমূহত চাইৰেন বজোৱা হয়। অৱশ্যে বৰ্তমান পৰ্যন্ত এই আক্ৰমণৰ ফলত কোনোলোক ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য আহি পৰা নাই। ৰাছিয়াই দাবী কৰিছে যে তেওঁলোকে ২০০ৰো অধিক ইউক্ৰেইনৰ ড্ৰ’ন আৰু পাঁচটা আমেৰিকাত নিৰ্মিত এ টি এ চি এম এছ বেলিষ্টিক মিছাইল ধ্বংস কৰিছে।

এই সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে, পশ্চিমীয়া দেশসমূহে ইউক্ৰেইনক অস্ত্ৰ শস্ত্ৰ যোগান ধৰি আছে। যাৰ বাবে এই যুদ্ধ বিশ্বজুৰি বিয়পি পৰাৰ দিশত। ইয়াৰ বাবে আমেৰিকা আৰু ব্ৰিটেইনকো সকীয়নি প্ৰদান কৰিছে ৰাছিয়াই।

উল্লেখ্য যে, এই আক্ৰমণৰ পাছতেই ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত বৃহৎ আক্ৰমণ চলায়। ৰাছিয়াই ব্লেক চীৰ পৰা TU-95 বোমাৰু বিমানৰ পৰা ক্ৰুজ মিছাইল নিক্ষেপ কৰি ইউক্ৰেইনৰ প্ৰায় ১০০ টা স্থানক লক্ষ্য বনাই লয়। যোৱা ৩ বছৰৰ ভিতৰত ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ এয়া ডাঙৰ আক্ৰমণ বুলি ধৰা হৈছে।

ৰাছিয়াৰ এই আক্ৰমণৰ ফলত কিয়েভৰ কেইবাটাও অট্টালিকা ধ্বংসস্তুপলৈ পৰিণত হয়। অৱশ্যে এই পৰ্যন্ত কোনোলোকৰ ক্ষতিৰ তথ্য পোহৰলৈ অহা নাই। জানিব পৰা মতে মঙলবাৰে নিশা ইউক্ৰেইনে কৰা আক্ৰমণৰ পাছতে আজি পুৱা ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰে। ইয়াৰ লগে লগে কিয়েভত জৰুৰীকালী অৱস্থা জাৰি কৰা হয়। উল্লেখ্য যে, যোৱা ৩ বছৰৰো অধিককাল ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ লাগি আছে। কিন্তু এতিয়ালৈকে এই যুদ্ধ বন্ধ হোৱা নাই।

Latest News