শংকা বৃদ্ধি ৰাছিয়াৰ! ইউক্ৰেইনক সমৰ্থন ৩৫ খন দেশৰ, আক্ৰমণ মিৰাজ ২০০০ বিমান, কিলাৰ ড্ৰ’ন আৰু…
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এতিয়াও চূড়ান্ত হোৱা নাই যুদ্ধ বিৰতি চুক্তি। কিন্তু ইয়াৰ মাজতে শংকা বৃদ্ধি পাইছে ৰাছিয়াৰ। কিয়নো প্ৰায় ৩৫ খন দেশৰ প্ৰত্যক্ষ সমৰ্থন আছে ইউক্ৰেইনলৈ আৰু ইয়াৰ বাবে বিভিন্ন অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰিছে।

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ বিৰতি চুক্তি এতিয়ালৈকে চূড়ান্ত হোৱা নাই। কিন্তু ইয়াৰ মাজতে নাটো আৰু ৰাছিয়াৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। ইউক্ৰেইনক সহায়ৰ উদ্দেশ্যে ইউৰোপৰ দেশসমূহে সেনা প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এনে পৰিস্থিতিত ৰাছিয়াই সকীয়াই দিছে যে ইউক্ৰেইনলৈ কেৱল নাটোত নোহোৱা দেশৰ পৰাহে সেনা আহিব পাৰিব। ৰাছিয়াৰ মতে যুদ্ধৰ মাজত যদিও কিয়েভত নাটো সেনা আহে তেন্তে এয়া নাটোৰ সৈতে ৰাছিয়াৰ যুদ্ধ বুলি গণ্য কৰা হ’ব। গতিকে এতিয়া ৰাছিয়াই যুদ্ধবিৰতিৰ চৰ্তত নতুন চৰ্ত যোগ কৰিব পাৰে।
ইউক্ৰেইনৰ শক্তি বৃদ্ধি
চলি থকা যুদ্ধৰ মাজতে ইউক্ৰেইনে লাভ কৰিছে নতুন কৱচ, এয়া হৈছে নতুন কিলাৰ ড্ৰ’ন যাৰ নাম AI Petri SV । ইউক্ৰেইনৰ সীমাত ১৯০ টা চিষ্টেম স্থাপন কৰা হৈছে। সময়ৰ লগে লগে এই চিষ্টেমৰ অৱস্থান সলনি কৰা হয়, কাৰণ ইয়াৰ ওজন কম আৰু অতি সহজে ট্ৰাকত উঠাই নিব পাৰিব। সীমান্তত থকা এই ব্যৱস্থাৰ ফলতে ৰাছিয়াৰ ড্ৰন ইউক্ৰেইনত প্ৰৱেশ কৰিব নোৱাৰে।
ৰাডাৰে ড্ৰ’ন চিনাক্ত কৰাৰ লগে লগে এই চিষ্টেমে লেজাৰ ৰশ্মি নিৰ্গত কৰে। যাৰ ফলত ড্ৰ’নৰ সংকেত বন্ধ হৈ যায় আৰু অপাৰেটৰৰ সৈতে ইয়াৰ যোগাযোগ বন্ধ হৈ যায়। এই চিষ্টেমৰ বাবে ৰাছিয়াৰ ড্ৰ’ন ইউক্ৰেইনত প্ৰৱেশ কৰিব নোৱাৰে আৰু ড্ৰ’ন দুৰ্ঘটনাগ্ৰস্ত হয়। বৰ্তমান সময়ত মিৰাজ ২০০০ বিমানকো বায়ু প্ৰতিৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হৈছে। এই পৰ্যন্ত ২০০ খন ৰাছিয়াৰ ড্ৰ’ন ধ্বংস কৰিছে মিৰাজে। মিৰাজৰ পৰা অহা এয়াৰ টু এয়াৰ মিছাইল ব্যৱহাৰ কৰি ড্ৰ’ন নিক্ষেপ কৰা হৈছে।
৩৫ দেশৰ সহায় আৰু ৰাছিয়াৰ ক্ষোভ
বিভিন্ন দেশৰ সহায়ত অস্ত্ৰ-শস্ত্ৰৰ ক্ষেত্ৰত ইউক্ৰেইন শক্তিশালী হৈছে আৰু ৰাছিয়াক অহৰহ আক্ৰমণ কৰি আছ। ইউক্ৰেইনৰ হাতত এতিয়া ৰাছিয়াৰ বিমান আক্ৰমণ বিফল কৰাৰ ক্ষমতা আছে। মাত্ৰ কিছুদিনৰ ভিতৰতে ইউৰোপীয় দেশৰ পৰা এয়াৰ ডিফেন্স আৰু গোলবাৰুদ ইউক্ৰেইন পাবহি। গতিকে যুদ্ধ বিৰতিৰ পাছতো ইউক্ৰেইনত সুৰক্ষিত কৰাৰ সকলো চেষ্টা কৰা হৈছে। ইউৰোপীয় সংঘই ৩৫খন দেশৰ জোৱানক অন্তৰ্ভুক্তিৰে শান্তিৰক্ষী বাহিনী গঠন কৰি এই সেনা অনিৰ্দিষ্ট কাললৈ ইউক্ৰেইনত ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। এনে পৰিস্থিতিত এতিয়া ৰাছিয়াৰ ক্ষোভ বৃদ্ধি পাইছে।
ইউৰোপৰ অস্ত্ৰ-শস্ত্ৰৰ মজুতক লৈও পুটিন সতৰ্ক। ইউৰোপীয় সংঘ, ব্ৰিটেইন, ফ্ৰান্সৰ দৰে বহু দেশে অস্ত্ৰ ক্ৰয়ৰ বাবে বাজেট প্ৰস্তুত কৰি আছে। ইয়াৰ এটা কাৰণ হ’ল ট্ৰাম্পৰ নীতি। ইয়াৰ বিপৰীতে ৰাছিয়াই আশংকা কৰিছে যে যুদ্ধ দীৰ্ঘদিন ধৰি চলি থকাৰ বাবে ইউৰোপে অধিক পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিব।
ৰাছিয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাছিয়াৰ সৈতে যুদ্ধ কৰিবলৈ সাজু হৈছে ইউৰোপীয় দেশসমূহ । ইউক্ৰেইনৰ জৰিয়তে ইউৰোপে ৰাছিয়াত ডাঙৰ আক্ৰমণ কৰিব আৰু পাছলৈ প্ৰত্যক্ষভাৱে যুদ্ধত জড়িত হ’ব পাৰে। সংবাদ মাধ্যমে কৰা দাবী অনুসৰি ৰাছিয়াক আক্ৰমণ কৰিবলৈ ইউক্ৰেইনক ক্ষেপণাস্ত্ৰ ব্যৱস্থা যোগান ধৰিব ইউক্ৰেইনে। এই সকলোবোৰৰ মাজতে ইউক্ৰেইনে কিছুদিন পূৰ্বে নেপচুন ক্ষেপনাস্ত্ৰ নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰিছিল আৰু কিছুদিন পূৰ্বে টুয়াপচে শোধানগৰত আক্ৰমণ কৰিছিল। ইউক্ৰেইনৰ এই ক্ষেপনাস্ত্ৰ ৰাছিয়াই ইউৰোপীয় কোনো দেশৰ বুলি দাবী কৰিছে।
উল্লেখ্য যে, দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্ততো ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ বিৰতি হোৱাৰ নাম লোৱা নাই। ইয়াৰ বিপৰীতে ইউৰোপীয় দেশৰ সহায়ত বৃদ্ধি হৈ পৰিছে ইউক্ৰেইনৰ শক্তি। এনে পৰিস্থিতিত ভৱিষ্য়ত কোনো ডাঙৰ সংকটৰ সন্মুখীন হ’ব লাগিব পাৰে বুলি শংকা কৰিছে ৰাছিয়াই ।
অন্য খবৰ পঢ়কঃ ৮ লাখ ৯০ হাজাৰ ৰাছিয়ান সেনাৰ মৃত্যু! ইউক্ৰেইনে প্ৰতি ঘন্টাত হত্যা কৰিছে ৫৫ জনক…