ৱাশ্বিংটনত কোৱাডৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক, আমেৰিকাৰ নতুন বৈদেশিক সচিবৰে বৈঠক এছ জয়শংকৰৰ

কোৱাড বৈদেশিক মন্ত্ৰীসকলৰ প্ৰথমখন বৈঠক ৱাশ্বিংটনত মঙলবাৰে অনুষ্ঠিত হয় । এই বৈঠকত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে অংশগ্ৰহণ কৰিছিল । মন্ত্ৰী পৰ্যায়ৰ কোৱাডৰ এই বৈঠকত অষ্ট্ৰেলিয়া, জাপানেও অংশগ্ৰহণ কৰে ।

ৱাশ্বিংটনত কোৱাডৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক, আমেৰিকাৰ নতুন বৈদেশিক সচিবৰে বৈঠক এছ জয়শংকৰৰ

আমেৰিকাৰ বৈদেশিক মন্ত্ৰীৰ সৈতে এছ জয়শংকৰ

Updated On: 

22 Jan 2025 08:18 AM

দ্বিতীয়বাৰৰ বাবে ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত কোৱাড বৈদেশিক মন্ত্ৰীসকলৰ প্ৰথমখন বৈঠক ৱাশ্বিংটনত মঙলবাৰে অনুষ্ঠিত হয় । এই বৈঠকত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে অংশগ্ৰহণ কৰিছিল । মন্ত্ৰী পৰ্যায়ৰ কোৱাডৰ এই বৈঠকত অষ্ট্ৰেলিয়া, জাপানেও অংশগ্ৰহণ কৰে । ইয়াৰ লগতে আমেৰিকাৰ নৱনিযুক্ত বিদেশ সচিব মাৰ্কো ৰুবিঅ’ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজৰ সৈতেও বৈঠক অনুষ্ঠিত হয়। কোৱাড হৈছে চাৰিখন দেশৰ এটা গোট যাৰ উদ্দেশ্য হৈছে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু আইন-শৃংখলা বজাই ৰখা।

উল্লেখ্য যে, যে কোৱাড মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ লগে লগে আমেৰিকাৰ নতুন বৈদেশিক সচিব ৰুবিঅ’ই জয়শংকৰৰ সৈতে প্ৰথমখন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰে । এই বৈঠক এঘণ্টাৰো অধিক সময় ধৰি চলিছিল। বৈঠকত আমেৰিকাত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় কোৱাট্ৰাও উপস্থিত থাকে। মাৰ্কো ৰুবিঅ’ক লগ পোৱাৰ পিছত বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে এক্স হেণ্ডেলৰ জৰিয়তে কয় যে, ‘আমি প্ৰথম দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাটো আনন্দৰ কথা। এই বৈঠকত আমি দ্বিপাক্ষিক অংশীদাৰিত্বৰ পৰ্যালোচনা কৰিলোঁ আৰু মাৰ্কো ৰুবিঅ’ এগৰাকী শক্তিশালী সমৰ্থক।’

এই বৈঠকত লগতে বহুতো আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়ৰ ওপৰত আলোচনা কৰা হয় বুলি ভাৰতৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে । জয়শংকৰে কয় যে, ‘আমি আমাৰ কৌশলগত সহযোগিতাক আগুৱাই নিয়াৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী।’

বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে ইনষ্টাগ্ৰামত কিছু ছবি পোষ্ট কৰি লিখিছে যে, আজি তেওঁ ৱাশ্বিংটন ডি চিত অনুষ্ঠিত হোৱা কোৱাড বৈদেশিক মন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰে। লগতে আতিথ্য দিয়াৰ বাবে মাৰ্কো ৰুবিঅ’ আৰু অংশগ্ৰহণৰ বাবে এফ এম পেনি ৱং আৰু তাকেছি ইৱায়াক ধন্যবাদ জনায়। এছ জয়শংকৰে কয় যে, এই আলোচনাত বহল চিন্তা-চৰ্চা, কাৰ্যসূচী শক্তিশালী কৰা আৰু আমাৰ সহযোগিতা তীব্ৰতৰ কৰাৰ ওপৰত একমত উপনীত হয়। আজিৰ বৈঠকে এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে, কোৱাড বিশ্ব মংগলৰ বাবে এক শক্তি হৈয়ে থাকিব।

মহাকুম্ভৰ প্ৰথম দিনটোত কিমান মানুহ পৰিয়ালৰ পৰা বিচ্ছেদ হ'ল জানেনে?
প্ৰায়ে হয় নেকি বেমাৰ-আজাৰ? শিৱলিংগত অৰ্পন কৰক এই বস্তু...
প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...