শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

POK আমাৰ ওচৰলৈ ঘূৰি অহাৰ দিনা সমাধান হ’ব কাশ্মীৰ সমস্যাঃ এছ জয়শংকৰ

পাকিস্তান অধিকৃত কাশ্মীৰ (POK) সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। তেওঁ কয় যে, যিদিনা POK ঘূৰি আহিব সেইদিনাই কাশ্মীৰ সমস্যা সমাধান হ'ব।

POK আমাৰ ওচৰলৈ ঘূৰি অহাৰ দিনা সমাধান হ’ব কাশ্মীৰ সমস্যাঃ এছ জয়শংকৰ
এছ জয়শংকৰImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 06 Mar 2025 09:13 AM

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ বৰ্তমান ৬ দিনীয়া ব্ৰিটেইন আৰু আয়াৰলেণ্ড ভ্ৰমণত আছে। এই সময়চোৱাত বহু বিশিষ্ট ব্যক্তিৰ সৈতে সাক্ষাৎ হৈ তেওঁ কেইবাখনো বৈঠকত অংশ গ্ৰহণ কৰে। ইয়াৰ মাজতে মঙলবাৰে কাশ্মীৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিদেশমন্ত্ৰীগৰাকীয়ে। কালি লণ্ডনত অনুষ্ঠিত এক অনুষ্ঠানত কাশ্মীৰৰ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত তেওঁ ভাৰতৰ সমগ্ৰ পৰিকল্পনা প্ৰকাশ কৰে। বৈদেশিক মন্ত্ৰীগৰাকীৰ এই পৰিকল্পনা শুনাৰ পাছত পাকিস্তানৰ ক্ষোভ উজৰাটো নিশ্চিত।

লণ্ডনৰ চাথাম হাউচত কাশ্মীৰ সমস্যা সন্দৰ্ভত সোধাত ড° এছ. জয়শংকৰে কয় যে পাকিস্তান অধিকৃত কাশ্মীৰ (PoK) ঘূৰি অহাৰ লগে লগে কাশ্মীৰ সমস্যা সম্পূৰ্ণৰূপে সমাধান হ’ব।

কাশ্মীৰক লৈ ভাৰতৰ পৰিকল্পনা

কাশ্মীৰ সন্দৰ্ভত বৈদেশিত পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে, আমি এটাৰ পাছত আনটো পদক্ষেপৰ ওপৰত কাম কৰি গৈছো। কাশ্মীৰৰ বেছিভাগ সমস্যা সমাধানৰ ক্ষেত্ৰত আমি ভাল কাম কৰিছো। মই ভাবো ৩৭০ অনুচ্ছেদ আঁতৰোৱাটো এটা ডাঙৰ পদক্ষেপ আছিল। পাছত কাশ্মীৰৰ উন্নয়ন, অৰ্থনৈতিক কাৰ্যকলাপ আৰু সামাজিক ন্যায় পুনৰুদ্ধাৰ কৰাটোৱেই আছিল দ্বিতীয় পদক্ষেপ। তৃতীয়টো পদক্ষেপ আছিল কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰা।

বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, মই ভাবো আমি সকলোৱে অপেক্ষা কৰি আছো যে পাকিস্তানে চুৰি কৰি নিয়া কাশ্মীৰৰ সেই অংশটো ঘূৰি অহা , যি অবৈধ পাকিস্তানীয়ে দখল কৰি ৰাখিছে।  যেতিয়া POK আমাৰ ওচৰলৈ ঘূৰি আহিব তেতিয়া কাশ্মীৰৰ সমস্যা সমাধান হ’ব।

 

 

মঙলবাৰে সন্ধিয়া লণ্ডনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ কৰি বৈঠকত মিলিত হয়। এই বৈঠকৰ ফটো তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। এই সময়চোৱাত দুয়োৰে মাজত দ্বিপাক্ষিক সহযোগিতা, ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আদিৰ বিষয়ে আলোচনা কৰা হয়।

জয়শংকৰে সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে, আমাৰ দ্বিপাক্ষিক, অৰ্থনৈতিক সহযোগিতাক আগুৱাই নিয়াৰ লগতে জনসাধাৰণৰ আদান-প্ৰদান বৃদ্ধিৰ বিষয়ে আলোচনা হয়। এই সময়চোৱাত ইউক্ৰেইন সংঘাতৰ সন্দৰ্ভত ব্ৰিটেইনৰ দৃষ্টিভংগীও ভাগ কৰিছিল প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে।

উল্লেখ্য যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও ভাৰতে পাকিস্তান অধিকৃত কাশ্মীৰ সন্দৰ্ভত বিভিন্ন দাবী উত্থাপন কৰি আহিছে।  লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়চোৱাতো এই বিষয়টোৱে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল। ভাৰতে প্ৰায়ে দাবী কৰি আহিছে যে পিঅ’কেৰ লোকসকলেও পাকিস্তানত থাকিব নিবিচাৰে। অৱশ্যে শেহতীয়াকৈ এছ জয়শংকৰে প্ৰদান কৰা এই মন্তব্যৰ পাছত পাকিস্তানে কি কয় সেয়া সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ বিভক্ত হ’ব নেকি পাকিস্তান? POK ত ৰাইজৰ মাজত কিয় বৃদ্ধি অস্থিৰতা…