শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কোৰাণ জ্বলোৱাৰ প্ৰতিশোধ! দুই বছৰ পিছত গুলীয়াই হত্যা মমিকাক

ছুইডেনত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। কোৰাণ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰতিশোধত গুলীয়াই হত্যা কৰা হৈছে এগৰাকী ব্যক্তিক। হত্যাৰ বলি হোৱা ছালৱান মমিকা নামৰ এই লোকজনে ২০২৩ চনত ঈদ-উল-আজহাৰ ঠিক পূৰ্বে ছুইডেনত ইছলামৰ পবিত্ৰ গ্ৰন্থ কোৰাণ দাহ কৰিছিল।

কোৰাণ জ্বলোৱাৰ প্ৰতিশোধ! দুই বছৰ পিছত গুলীয়াই হত্যা মমিকাক
হত্যাৰ বলি হোৱা মমিকা
monjit-dutta
Monjit Dutta | Published: 30 Jan 2025 20:15 PM

ছুইডেনত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। কোৰাণ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰতিশোধত গুলীয়াই হত্যা কৰা হৈছে এগৰাকী ব্যক্তিক। স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বুধবাৰে সন্ধিয়া ষ্টকহ’মৰ ছ’ডাৰটালজেৰ এটা এপাৰ্টমেণ্টত ছালৱান মমিকা নামৰ এই লোকজনৰ ওপৰত গুলীচালনা কৰা হয়। ঘটনাৰ পিছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মমিকাক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আজি পুৱা তেওঁৰ মৃত্যু হয়। ইৰাকী কোৰাণ জ্বলোৱাৰ পিছতে মমিকাই ধাৰাবাহিকভাৱে মৃত্যুৰ ভাবুকি লাভ কৰি আহিছিল।

উল্লেখ্য যে ২০২৩ চনত ঈদ-উল-আজহাৰ ঠিক পূৰ্বে তেওঁ ছুইডেনত ইছলামৰ পবিত্ৰ গ্ৰন্থ কোৰাণ দাহ কৰিছিল। এই প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে তেওঁ কৰ্তৃপক্ষৰ পৰা অনুমতি বিচাৰিছিল আৰু আৰক্ষীয়েও তেওঁক অনুমতি প্ৰদান কৰিছিল। ইয়াৰ পিছতে তেওঁ কোৰাণ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। ষ্টকহ’ম চেণ্ট্ৰেল মছজিদৰ বাহিৰত এই প্ৰতিবাদী কাৰ্যসূচূ গ্ৰহণ কৰিছিল মমিকাই। ইফালে তেওঁৰ এই কাৰ্যৰ পিছতে বিশ্ব্জুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ইয়াৰ পূৰ্বেও মমিকাৰ ইছলাম বিৰোধী স্থিতি গ্ৰহণ কৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। তেওঁৰ এনে স্থিতিয়ে মুছলমান সংখ্যাগৰিষ্ঠ বহু দেশত ক্ষোভৰ সৃষ্টি কৰিছিল। ইফালে তেওঁৰ হত্যাকাণ্ডৰ পিছত আজি ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে ছুইডেনৰ নিৰাপত্তা সেৱাসমূহ এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। মমিকাৰ হত্যাকাণ্ডত স্পষ্টভাৱে বিদেশী শক্তিৰ সৈতে সম্পৰ্ক থকাৰ আশংকা ব্যক্ত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ইৰাকী শৰণাৰ্থী ছালৱান মমিকা ইছলামিক চিন্তাধাৰা আৰু বিশ্বাসৰ কঠোৰ সমালোচক। মমিকাই ছুইডেনৰ কোৰাণ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ অনুমতি বিচৰাৰ পিছত দেশখনৰ বাক স্বাধীনতা আইন অনুসৰি আৰক্ষীয়েও অনুমতি প্ৰদান কৰিছিল। পিছত চৰকাৰে কিছুমান বিশেষ পৰিস্থিতিত এইদৰে গ্ৰন্থ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ পন্থা বিলুপ্ত কৰাৰ ক্ষেত্ৰত আইনী উপায় বিচাৰি উলিওৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

ইফালে এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে ছুইডেন চৰকাৰে তেওঁৰ ৰেচিডেন্সি পাৰ্মিট বাতিল কৰিছিল। সেয়ে পিছলৈ তেওঁ ছুইডেন এৰি নৰৱে’ত আশ্ৰয় লোৱাৰ পৰিকল্পনা কৰিছিল। ছুইডেন ত্যাগৰ সিদ্ধান্ত সন্দৰ্ভত সদৰী কৰি মমিকাই ছুইডেনত মত প্ৰকাশৰ স্বাধীনতা আৰু মানৱ অধিকাৰৰ সুৰক্ষা এক বৃ্হৎ মিথ্যা বুলি দাবী কৰিছিল।