আৰৱত বৃদ্ধি পাইছে পাকিস্তানী ভিক্ষাৰীৰ সংখ্যা !…প্ৰৱেশ বন্ধ কৰিবলৈ সকিয়াই দিলে চৌদি আৰৱে
পাকিস্তানী ভিক্ষাৰীৰ সংখ্যা বৃদ্ধি পাইছে চৌদি আৰৱত । এইলৈ উদ্বেগ প্ৰকাশ কৰিছে চৌদি আৰৱে । ইয়াৰ সমান্তৰালভাৱে চৌদি আৰৱে পাকিস্তানক উপসাগৰীয় দেশত ভিক্ষাৰীৰ প্ৰৱেশ বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।
উমৰাৰ ভিজাৰ অধীনত পাকিস্তানী ভিক্ষাৰীৰ সংখ্যা বৃদ্ধি পাইছে চৌদি আৰৱত । এইলৈ উদ্বেগ প্ৰকাশ কৰিছে চৌদি আৰৱে । ইয়াৰ সমান্তৰালভাৱে চৌদি আৰৱে পাকিস্তানক উপসাগৰীয় দেশত ভিক্ষাৰীৰ প্ৰৱেশ বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । পাকিস্তানৰ ধৰ্ম মন্ত্ৰালয়ৰ সূত্ৰৰ উদ্ধৃতি দি এখন বাতৰি কাকতে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, চৌদি আৰৱৰ বিষয়াসকলে পাকিস্তানক সকীয়াই দিছে যে, যদিহে তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণ নকৰে তেন্তে ইয়াৰ ফলত পাকিস্তানৰ উমৰা আৰু হজ তীৰ্থযাত্ৰীৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
এক্সপ্ৰেছ ট্ৰিবিউন কাকতখনে কয় যে, চৌদি আৰৱৰ হজ মন্ত্ৰালয়ে পাকিস্তানৰ ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰালয়ক সতৰ্কবাণী জাৰি কৰি উমৰাহ ভিছাৰ অধীনত দেশতখনত পাকিস্তানী ভিক্ষাৰীৰ প্ৰৱেশ কৰাত বাধা দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। অন্যথা উমৰা ভিছাৰে দেশখনত প্ৰৱেশ কৰা পাকিস্তানী ভিক্ষাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকিয়াই দিছে। ইয়াৰ বিপৰীতে পাকিস্তানৰ ধৰ্ম পৰিক্ৰমা মন্ত্ৰালয়ে “উমৰা আইন” প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে । যাৰ লক্ষ্য হৈছে উমৰা ভ্ৰমণৰ সুবিধা প্ৰদান কৰা ট্ৰেভেল এজেন্সীসমূহক নিয়ন্ত্ৰণ কৰা ।
ইয়াৰ পূৰ্বে চৌদিৰ ৰাষ্ট্ৰদূত নৱাফ বিন ছাইদ আহমেদ আল-মালিকিৰ সৈতে হোৱা এক বৈঠকত স্বৰাজ মন্ত্ৰী মহছিন নাকৱীয়ে আশ্বাস দিছিল যে চৌদি আৰৱলৈ ভিক্ষাৰী পঠোৱাৰ বাবে দায়বদ্ধ মাফিয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কিন্তু তেনেকুৱা একো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। ইয়াৰ বাবেই চৌদি আৰবে পাকিস্তানক সতৰ্ক কৰি দিছে ।
পাকিস্তানী ভিক্ষাৰীয়ে উমৰাৰ ভিজাৰ অধীনত উপসাগৰীয় দেশলৈ যাত্ৰা কৰে। কিন্তু বেছিভাগ মানুহেই ওমৰাহ ভিছা লৈ চৌদি আৰবলৈ যায় আৰু তাৰ পিছত ভিক্ষাৰ কৰাৰ দৰে কামত জড়িত হৈ পৰে। ইয়াৰ আগতেও পাকিস্তানে চৌদি আৰৱৰ পৰা এনে সতৰ্কবাণী পাইছিল। সেইবাবেই চলিত বৰ্ষৰ জুলাই মাহত পাকিস্তান চৰকাৰে ২০০০ৰো অধিক ভিক্ষাৰীৰ পাছপ’ৰ্ট বাতিল ৰখাৰ সিদ্ধান্ত লৈছিল। এই সন্দৰ্ভত পাকিস্তানী বিষয়াসকলে কয় যে, বিদেশত ভিক্ষা খুজিলে পাকিস্তানৰ সুনামৰ ক্ষতি হয় আৰু লগতে ইয়াৰ নাগৰিকৰ সন্মানো হ্ৰাস পায়।
তীৰ্থযাত্ৰাৰ নামত পাকিস্তানৰ পৰা অহা ভিক্ষাৰী আৰৱ দেশত ভিক্ষাৰ ব্যৱসায় আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে । যোৱা বছৰৰ এক প্ৰতিবেদন অনুসৰি, আৰৱ দেশৰ ১০০ ভিক্ষাৰীৰ ভিতৰত ৯০জন পাকিস্তানৰ বুলি দাবী কৰা হৈছিল।