ওমৰাহ হজযাত্ৰীসকলক লৈ কঠোৰ সিদ্ধান্ত ছৌদি আৰব চৰকাৰৰ, নিদিষ্ট সময় সীমাৰ ভিতৰত ঘূৰিব লাগিব নিজ দেশলৈ

বিশ্বৰ বিভিন্ন প্ৰান্তৰ তীৰ্থযাত্ৰী অহা ৪ জুনৰ পৰা আৰম্ভ হ’বলগীয়া হজৰ বাবে ১ এপ্ৰিলৰ পৰা ছৌদি আৰবত উপস্থিত হ’বলৈ আৰম্ভ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত ছৌদি আৰবৰ হজ আৰু ওমৰাহ মন্ত্ৰালয়ে ঘোষণা কৰে যে, ২৯ এপ্ৰিলৰ ভিতৰত বিদেশী ওমৰাহ হজযাত্ৰীসকলে নিজৰ দেশলৈ ঘূৰি আহিব লাগিব ।

ওমৰাহ হজযাত্ৰীসকলক লৈ কঠোৰ সিদ্ধান্ত ছৌদি আৰব চৰকাৰৰ, নিদিষ্ট সময় সীমাৰ ভিতৰত ঘূৰিব লাগিব নিজ দেশলৈ

ছৌদি আৰৱত প্ৰৱেশৰ অন্তিম তাৰিখ ১৩ এপ্ৰিল

Published: 

08 Apr 2025 15:34 PM

হজ ২০২৫ ৰ বাবে প্ৰস্তুত হৈছে ছৌদি আৰব । বিশ্বৰ বিভিন্ন প্ৰান্তৰ তীৰ্থযাত্ৰী অহা ৪ জুনৰ পৰা আৰম্ভ হ’বলগীয়া হজৰ বাবে ১ এপ্ৰিলৰ পৰা ছৌদি আৰবত উপস্থিত হ’বলৈ আৰম্ভ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত ছৌদি আৰবৰ হজ আৰু ওমৰাহ মন্ত্ৰালয়ে ঘোষণা কৰে যে, ২৯ এপ্ৰিলৰ ভিতৰত বিদেশী ওমৰাহ হজযাত্ৰীসকলে নিজৰ দেশলৈ ঘূৰি আহিব লাগিব ।

এক আনুষ্ঠানিক বিবৃতিত মন্ত্ৰালয়ে উল্লেখ কৰিছে, এই বছৰ ওমৰাহ হজযাত্ৰীসকলৰ বাবে ছৌদি আৰবে প্ৰৱেশৰ অন্তিম তাৰিখ হিচাপে ১৩ এপ্ৰিল নিৰ্ধাৰণ কৰিছে। ২৯ এপ্ৰিলৰ সময়সীমাৰ পাছতো যদি ছৌদি আৰবত তীৰ্থযাত্ৰীসকল থাকে, তেন্তে তেওঁলোকক দেশখনৰ ভিছা আৰু তীৰ্থযাত্ৰাৰ নিয়ম উলংঘা কৰা বুলি গণ্য কৰা হ’ব আৰু ২২ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব।

উল্লেখ্য যে,তীৰ্থযাত্ৰীসকলে বছৰটোৰ ভিতৰতে ওমৰাহ সম্পূৰ্ণ কৰিবলৈ ছৌদি আৰবলৈ আহে আৰু হজ বছৰত এবাৰহে কৰা হয় । প্ৰতি বছৰে লাখ লাখ মুছলমানে হজত অংশগ্ৰহণৰ বাবে মক্কা-মদীনালৈ যায় আৰু ছৌদি আৰবত তেওঁলোকক আতিথ্য দিয়াৰ বিশেষ ব্যৱস্থা কৰা হয়।

আনুষ্ঠানিক বিবৃতিত মন্ত্ৰালয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে, নিৰ্দিষ্ট তাৰিখৰ ভিতৰত যদি হজযাত্ৰীসকলে ছৌদি আৰব ত্যাগ নকৰে, তেন্তে তেওঁলোকক আইন উলংঘা কৰা বুলি গণ্য কৰা হ’ব । লগতে এই নিৰ্দেশ উলংঘ কৰিলে কঠোৰ শাস্তি সন্মুখীন হ’ব বুলিও সকীয়াই দিয়ে ছৌদি আৰবে। ছৌদি আৰবৰ মন্ত্ৰালয়ে উল্লেখ কৰিছে যে, নিৰ্দেশ উলংঘা কৰা ব্যক্তি, কোম্পানী আৰু ওমৰাহ সেৱা প্ৰদানকাৰীক এক লাখ ছৌদি ৰিয়াল অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ২২ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে আৰু তেওঁলোকৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ।

২০২৪ চনৰ হজৰ সময়ত সংঘটিত হোৱা দুৰ্ঘটনাৰ বাবেই এইবাৰ ছৌদি চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কোৱা হৈছে । ২০২৪ চনৰ হজৰ সময়ত মক্কা মদীনাত আশা কৰাতকৈ অধিক জনসমাগম হৈছিল । ইয়াৰ ফলত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু হাজাৰৰো অধিক হজযাত্ৰীৰ মৃত্যু হৈছিল। ইয়াৰ আঁৰৰ কাৰণ হ’ল-হজৰ পঞ্জীয়ন নকৰাকৈ বহু লোক আন কোনো ভিছাত ছৌদিলৈ যায় আৰু হজৰ সময়ত মক্কা-মদীনালৈ যায় । যাৰ বাবে হজৰ সময়ত ভিৰ বৃদ্ধি পাইছিল ।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক