5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Swimwear Fashion Show: আমি ভাবি থকা সেই দেশখন এতিয়া সলনি হৈছে ! প্ৰথমবাৰৰ বাবে সাঁতোৰৰ পোছাক পিন্ধি খোজ কাঢ়িলে মডেলসকলে

Swimwear Fashion Show: চৌদি আৰৱৰ নাম শুনিলেই মনলৈ আহে মক্কা আৰু মদীনা, হজ, বিশাল তৈল কূপ, কঠোৰ শ্বৰীয়ত আইন আৰু বোৰ্খা পিন্ধা মহিলা। কিন্তু, আমি জনা সেই চৌদি আৰবখন ক্ৰমান্বয়ে সলনি হ'বলৈ আৰম্ভ কৰিছে ।

manas-borah
Manas Borah | Published: 19 May 2024 17:28 PM
চৌদি আৰৱৰ নাম শুনিলেই মনলৈ আহে মক্কা আৰু মদীনা, হজ, বিশাল তৈল কূপ, কঠোৰ শ্বৰীয়ত আইন আৰু বোৰ্খা পিন্ধা মহিলা। কিন্তু, আমি জনা সেই চৌদি আৰবখন ক্ৰমান্বয়ে সলনি হ'বলৈ আৰম্ভ কৰিছে ।

1 / 8
শুকুৰবাৰে (১৭ মে’) চৌদি আৰৱত সৃষ্টি হ’ল এক নতুন ইতিহাস। এই মুছলমান দেশখনত প্ৰথমবাৰৰ বাবে সূক্ষ্ম সাঁতোৰৰ পোছাক পিন্ধি খোজ কাঢ়িলে মডেলসকলে।

2 / 8
বৰ্তমানৰ ৰাজকুমাৰ মহম্মদ বিন ছলমানে চৌদি আৰৱক বিশ্ব পৰ্যটনৰ অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰিছে। এই সাঁতোৰ পোছাকৰ ফেশ্বন শ্ব’টোও চৌদি আৰৱত এক ডাঙৰ পৰিৱৰ্তন হিচাপে দেখা গৈছে।

3 / 8
ছৌদি আৰৱৰ পশ্চিম উপকূলৰ ছেইণ্ট ৰেজিছ ৰেড ছি ৰিজ’ৰ্টৰ চুইমিং পুলৰ কাষত অনুষ্ঠিত হয় এই ফেশ্বন শ্ব’। ৰেড ছি গ্ল’বেল প্ৰজেক্টৰ অন্তৰ্গত এই ৰিজ’ৰ্টখন। এই প্ৰকল্পটো যুৱৰাজৰ সামাজিক আৰু অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী ভিজন ২০৩০ৰ অংশ।

4 / 8
বেছিভাগ মডেলেই ৰঙা, বেইজ আৰু নীলা ৰঙৰ ৱান পিছ ছুইমিং চুট পিন্ধি ৰেম্পত খোজ কাঢ়ি থকা দেখা যায়।

5 / 8
ইয়াছমিনা কানজালে কয় যে, এই ঐতিহাসিক ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰাটো তেওঁৰ বাবে এক বিশেষ সন্মান। তেওঁ কয়, "চৌদি আৰৱলৈ অহাৰ পিছত আমি উপলব্ধি কৰিলোঁ যে ইয়াত ছুইমিং ছুট ফেশ্বন শ্ব' আয়োজন কৰাটো এটা ঐতিহাসিক মুহূৰ্ত। এই দেশত প্ৰথমবাৰৰ বাবে এনে ফেশ্বন শ্ব' আয়োজন কৰা হৈছে।"

6 / 8
ফৰাচী প্ৰভাৱশালী ব্যক্তি ৰাফেল ছিমাকৰ্বেও এই ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰিছিল। তেওঁ কয়, "মোৰ দৃষ্টিত এই শ্ব'টোত কোনো ধৰণৰ ড্ৰেছ ৰিস্ক নাছিল। কিন্তু চৌদি আৰৱৰ প্ৰেক্ষাপটত ই এক ডাঙৰ কৃতিত্ব।আজি এই শ্ব'টো আয়োজন কৰাটো তেওঁলোকৰ বাবে এক অতি সাহসী পদক্ষেপ।"

7 / 8
ছিৰিয়াৰ প্ৰভাৱশালী শ্বৌক মহম্মদৰ মতে, বৰ্তমান ছৌদি আৰবে সাঁতোৰ পোছাকৰ ফেশ্বন শ্ব’ আয়োজন কৰাটো কোনো আচৰিত কথা নহয়। তেওঁ কয়, " চৌদি আৰৱক বিশ্বৰ বাবে মুকলি কৰি দেশখনৰ ফেশ্বন আৰু পৰ্যটন খণ্ড সম্প্ৰসাৰণ কৰাৰ চেষ্টা কৰিছে। গতিকে, ই কোনো আচৰিত কথা নহয়।"

8 / 8
Latest Stories