5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

লেবাননত ছিৰিয়েল পেজাৰ বিস্ফোৰণ, ৮ জন নিহত হোৱাৰ বিপৰীতে ৩০০০ ৰো অধিক আহত, ইজৰাইল জড়িত থকাৰ সন্দেহ !

লেবাননত সংঘটিত হৈছে ছিৰিয়েল পেজাৰ বিস্ফোৰণৰ ঘটনা । এই বিস্ফোৰণৰ ফলত এতিয়ালৈকে ৮ জন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে । ইফালে এই ছিৰিয়েল পেজাৰ বিস্ফোৰণত লেবাননৰ প্ৰায় ৩০০০ লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। আহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।

লেবাননত ছিৰিয়েল পেজাৰ বিস্ফোৰণ, ৮ জন নিহত হোৱাৰ বিপৰীতে ৩০০০ ৰো অধিক আহত, ইজৰাইল জড়িত থকাৰ সন্দেহ !
লেবাননত ছিৰিয়েল পেজাৰ বিস্ফোৰণ
Follow Us
manas-borah
Manas Borah | Updated On: 17 Sep 2024 21:59 PM

লেবাননত সংঘটিত হৈছে ছিৰিয়েল পেজাৰ বিস্ফোৰণৰ ঘটনা । এই বিস্ফোৰণৰ ফলত এতিয়ালৈকে ৮ জন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে । ইফালে এই ছিৰিয়েল পেজাৰ বিস্ফোৰণত লেবাননৰ প্ৰায় ৩০০০ লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। আহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে । এই ঘটনাত আহতসকলৰ ভিতৰত আছে স্বাস্থ্যকৰ্মী, ইৰাণৰ ৰাষ্ট্ৰদূত মোজিতবা আমানী আৰু হিজবুল্লাহৰ যোদ্ধা।

ইফালে এই বিস্ফোৰণৰ লগত ইজৰাইল জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে হিজবুল্লাই। এই আক্ৰমণৰ পিছত লেবানন চৰকাৰে সকলো লোককে তেওঁলোকৰ লগত থকা পেজাৰবোৰ আঁতৰাই ৰাখিবলৈ আহ্বান জনাইছে । পেজাৰৰ উপৰিও ৰেডিঅ’ আৰু ট্ৰেন্সমিটাৰতো বিস্ফোৰণ হোৱাৰ খবৰ পোৱা গৈছে।

প্ৰকাশিত তথ্য অনুসৰি ,হিজবুল্লাহৰ যোদ্ধা সকলে পেজাৰ ব্যৱহাৰ কৰে বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, এই বিস্ফোৰণৰ সন্দৰ্ভত হিজবুল্লাই এক বিবৃতি প্ৰকাশ কৰিছে। এই বিবৃতিৰ জৰিয়তে হিজবুল্লাহৰ সংস্থাসমূহে বিস্ফোৰণৰ কাৰণ জানিবলৈ চেষ্টা কৰা থকা বুলি জানিবলৈ দিছে । জানিব পৰা মতে, মঙলবাৰে নিশা প্ৰায় ৩:৩০ বজাৰ পৰা পেজাৰ বিস্ফোৰণ হ’বলৈ আৰম্ভ কৰে। এই বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইয়াৰ ফলত আহত হোৱা লোকসকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে ।

মনকৰিবলগীয়া যে, স্বাস্থ্য মন্ত্ৰালয়ে জৰুৰীকালীন ৱাৰ্ডত ৰোগীক ভৰ্তি কৰাৰ সময়ত চিকিৎসালয়সমূহক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে । লগতে যিসকলৰ লগত পেজাৰ আছে তেওঁলোকক আঁতৰি থাকিবলৈ কোৱা হৈছে। স্বাস্থ্যকৰ্মীসকলকো বেতাঁৰ যন্ত্ৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে ।

ইফালে, এতিয়ালৈকে এই সন্দৰ্ভত ইজৰাইলৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। এই আক্ৰমণৰ পূৰ্বে হিজবুল্লাহ নেতা হাছান নছৰল্লাই নিজৰ লোকসকলক চেলফোন লৈ নাযাবলৈ কৈছিল। কিয়নো ইজৰাইলে এই ফোন সহায়ত তেওঁলোকৰ কাৰ্যকলাপ অনুসৰণ কৰিব পাৰে আৰু আক্ৰমণৰ লক্ষ্য কৰি ল’ব পাৰে বুলি সন্দেহ কৰিছিল হাছান নছৰল্লাই ।

Latest News