5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অব্যাহত যুদ্ধৰ বিভীষিকাঃ লেবানন-গাজাত ইজৰাইলৰ আক্ৰমণত ৪৩ জনৰ মৃত্যু

মধ্য প্ৰাচ্যত যুদ্ধৰ বিভীষিকা শাম কটাৰ পৰিৱৰ্তে অধিক ভয়াৱহতাৰ দিশতহে গতি কৰিছে। শেহতীয়াকৈ গাজা আৰু লেবাননত ইজৰাইলে চলোৱা আক্ৰমণত মৃত্যু হৈছে প্ৰায় ৪৩ জন লোকৰ। ইয়াৰে ২১ জনৰ লেবাননত মৃত্যু হোৱাৰ বিপৰীতে গাজাত চলোৱা আক্ৰমণত ১১ গৰাকী মহিলা আৰু দুটি শিশুসহ ২২ জন নিহত হৈছে।

অব্যাহত যুদ্ধৰ বিভীষিকাঃ লেবানন-গাজাত ইজৰাইলৰ আক্ৰমণত ৪৩ জনৰ মৃত্যু
যুদ্ধবিধ্বস্ত হৈ পৰিছে মধ্য প্ৰাচ্য
monjit-dutta
Monjit Dutta | Published: 28 Oct 2024 08:29 AM

মধ্য প্ৰাচ্যত অব্যাহত আছে যুদ্ধোন্মাদ পৰিস্থিতিৰ। প্ৰথমে হামাছৰ ইজৰাইল আক্ৰমণ আৰু তাৰ পিছতে ইজৰাইলৰ প্ৰত্যাক্ৰমণৰ ফলত আৰম্ভ হোৱা এই যুদ্ধ এতিয়া মধ্য প্ৰাচ্যৰ আন কেইখনমান দেশতো বিয়পি পৰিছে। যুদ্ধৰ দাবানলত ইতিমধ্যে জাহ গৈছে হাজাৰ হাজাৰ লোকৰ জীৱন। ধ্বংসস্তূপত পৰিণত হৈছে ইখনৰ পিছত সিখন চহৰ। কিন্তু যুদ্ধৰ এই বিভীষিকা শাম কটাৰ পৰিৱৰ্তে অধিক ভয়াৱহতাৰ দিশতহে গতি কৰিছে। যুদ্ধৰ এনে ভয়াৱহতাৰ মাজতে ইজৰাইলে গাজা আৰু লেবাননত শেহতীয়াকৈ চলোৱা আক্ৰমণত মৃত্যু হৈছে প্ৰায় ৪৩ জন লোকৰ।

প্ৰকাশিত খবৰ অনুসৰি, দক্ষিণ লেবাননৰ তিনিটা ভিন্ন অঞ্চলত ইজৰাইলে চলোৱা বিমান আক্ৰমণত কমেও ২১ জন লোক নিহত হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে, বন্দৰ চহৰ ছিডনৰ সমীপৰ হাৰেট ছাইদাত সংঘটিত প্ৰথমটো আক্ৰমণত ৯ জন লোক নিহত হোৱাৰ লগতে ৩৮ জন আহত হয়। একেদৰে দক্ষিণৰ আইন বালত এগৰাকী নাৰ্ছ আৰু তিনিজন উদ্ধাৰকাৰীকে ধৰি কমেও ৭ জন আৰু বুৰ্জ আল-শ্বেমালিত পাঁচজন লোকৰ মৃত্যু হয়।

ইফালে উত্তৰ গাজাত চলোৱা ইজৰাইলৰ বিমান আক্ৰমণত প্ৰায় ২২ জন লোকৰ মৃত্যু হৈছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ জৰুৰীকালীন সেৱাই জানিবলৈ দিয়া মতে, শনিবাৰে গভীৰ নিশা উত্তৰ দিশৰ বেইট লাহিয়াৰ কেইবাটাও ঘৰ আৰু অট্টালিকাত সংঘটিত এক আক্ৰমণত ২২ জন লোকে প্ৰাণ হেৰুৱায় আৰু ১৫জন লোক আহত হয়। নিহতসকলৰ ভিতৰত ১১গৰাকী মহিলা আৰু দুটি শিশুও আছে বুলি সদৰী কৰি মন্ত্ৰালয়ে লগতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলিও আশংকা প্ৰকাশ কৰে।

এই আক্ৰমণৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে পেলেষ্টাইনৰ চিকিৎসা বিষয়াসকলে কয় যে যুদ্ধৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত উত্তৰ অঞ্চলটোত ইজৰাইলৰ আক্ৰমণ তৃতীয় সপ্তাহ ধৰি অব্যাহত আছে আৰু সাহায্য সংগঠনসমূহে ইয়াক মানৱীয় দুৰ্যোগ বুলি অভিহিত কৰিছে। ইফালে ইজৰাইলৰ সেনাই বেইট লাহিয়াৰ এটা অট্টালিকাত উগ্ৰপন্থীক আক্ৰমণ কৰাৰ বিপৰিতে সাধাৰণ নাগৰিকক ক্ষতিৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলিহে দাবী কৰে।

ইজৰাল সেনাই লগতে সংবাদ মাধ্যমে প্ৰকাশ কৰা পৰিসংখ্যাক ভুল বুলি অভিহিত কৰে যদিও নিজা পক্ষৰ পৰা কোনো তথ্য প্ৰকাশৰ পৰাও বিৰত থাকে। লক্ষণীয়ভাৱে ইজৰাইলে যোৱা তিনি সপ্তাহ ধৰি উত্তৰ গাজাত ভয়ানকভাৱে আকাশী আৰু স্থল আক্ৰমণ চলাই আহিছে। সমান্তৰালকৈ লেবাননতো হিজবুল্লাহৰ সৈতে যুদ্ধ অব্যাহত ৰাখিছে দেশখনে। ইফালে শনিবাৰে পুৱা ইৰানৰ ওপৰত বিমান আক্ৰমণেৰে যুদ্ধৰ ভয়াৱহতা অধিক ঘণীভূত কৰি তোলে ইজৰাইলে।

Latest News