শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শোকাৱহ ঘটনা! তেল টেংকাৰ বিস্ফোৰণৰ ফলত ৭০জনকৈ লোকৰ মৃত্যু

স্থানীয় সংবাদ মাধ্যমৰ পৰা পোৱা তথ্য অনুসৰি, এই ঘটনাত কমেও ৭০জন লোক নিহত হৈছে। ৰাজ্য চৰকাৰে এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ আৰু অঞ্চলটোত স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰিবলৈ স্থানীয় মানৱতাবাদী সংস্থাসমূহক আহ্বান জনাইছে। এই বিস্ফোৰণ সংঘটিত হয়, যেতিয়া কিছুমান লোকে জেনেৰেটৰ ব্যৱহাৰ কৰি এখন টেংকাৰৰ পৰা আন এখন ট্ৰাকলৈ গেছ'লিন স্থানান্তৰ কৰিবলৈ চেষ্টা কৰি আছিল।

শোকাৱহ ঘটনা! তেল টেংকাৰ বিস্ফোৰণৰ ফলত ৭০জনকৈ লোকৰ মৃত্যু
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Updated On: 19 Jan 2025 10:06 AM

উত্তৰ-মধ্য নাইজেৰিয়াত সংঘটিত হৈছে  এক ভয়ংকৰ ঘটনা। তেলৰ টেংকাৰ বিস্ফোৰণ হোৱাৰ ফলত কমেও ৭০জন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে। দেশখনৰ জৰুৰীকালীন সঁহাৰি সংস্থাই জনোৱা অনুসৰি শনিবাৰে নাইজাৰৰ চুলেজা অঞ্চলৰ ওচৰত এই বিস্ফোৰণ সংঘটিত হয়, যেতিয়া কিছুমান লোকে জেনেৰেটৰ ব্যৱহাৰ কৰি এখন টেংকাৰৰ পৰা আন এখন ট্ৰাকলৈ গেছ’লিন স্থানান্তৰ কৰিবলৈ চেষ্টা কৰি আছিল।

ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাৰ হুছেইনি ইছাই কয় যে, বিস্ফোৰণটো ইন্ধন স্থানান্তৰৰ ফলত সংঘটিত হৈছে। যাৰ ফলত গেছ’লিন স্থানান্তৰকাৰীৰ লগতে তাত উপস্থিত থকা লোকৰ মৃত্যু হৈছিল। বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান.

গেছ’লিন টেংকাৰত বিস্ফোৰণ

এই সন্দৰ্ভত নাইজাৰৰ গভৰ্ণৰ মহম্মদ বাগোৱে  কয় যে, ৰাজ্যখনৰ ডিক্কো অঞ্চলৰ কেইবাজনো বাসিন্দা গেছ’লিন টেংকাৰৰ পৰা ইন্ধন উলিয়াবলৈ চেষ্টা কৰি থকা অৱস্থাত এক প্ৰচণ্ড বিস্ফোৰণ হয়। বাগোৱে কয়, ” বিস্ফোৰণত অগ্নিদগ্ধ হৈ বহতো লোকৰ মৃত্যু হয়। যিসকল টেংকাৰৰ ইমান ওচৰত নাছিল তেওঁলোক আঘাতপ্ৰাপ্ত হোৱাৰ পাছতে জীয়াই আছে।” তেওঁ ঘটনাটোক উদ্বেগজনক, হৃদয়বিদাৰক আৰু দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে।

৭০জন লোকৰ মৃত্যু

স্থানীয় সংবাদ মাধ্যমৰ পৰা পোৱা তথ্য অনুসৰি, এই ঘটনাত কমেও ৭০জন লোক নিহত হৈছে। নাইজাৰৰ ৰাজ্য চৰকাৰে এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ আৰু অঞ্চলটোত স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰিবলৈ স্থানীয় মানৱতাবাদী সংস্থাসমূহক আহ্বান জনাইছে। নাইজেৰিয়াত পেট্ৰ’ল টেংকাৰ বিস্ফোৰণ হোৱাটো অস্বাভাৱিক নহয়। যাৰ ফলত প্ৰায়ে বহু লোক হতাহত হয় আৰু দেশজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

পেট্ৰ’ল ভৰ্তি টেংকাৰত বিস্ফোৰণ

বিগত বৰ্ষৰ ছেপ্টেম্বৰত নাইজাৰৰ এটা ব্যস্ত ঘাইপথত পেট্ৰ’ল টেংকাৰ বিস্ফোৰণ হোৱাত কমেও ৪৮জন লোকৰ মৃত্যু হয়। যদিও বহুতো নাইজেৰিয়ানে সঘনাই সংঘটিত হোৱা ঘটনাৰ বাবে বৰ্তমানৰ অৰ্থনৈতিক দুৰ্দশাক দোষাৰোপ কৰিছে। যিয়ে মানুহক নিৰাশাজনক কাম কৰিবলৈ বাধ্য কৰিছে, যাৰ ভিতৰত আছে পৰি যোৱা টেংকাৰৰ পৰা গেছ’লিন আহৰণ কৰা। এই ক্ষেত্ৰত সজাগ লোকসকলে এনে দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ কঠোৰ যান-বাহন নিয়মৰ দাবী জনাইছে।

সুৰক্ষা প্ৰট”কলৰ ওপৰত পৰ্যালোচনা

অক্টোবৰত নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা টিনুবুৱে ইন্ধন পৰিবহন সুৰক্ষা প্ৰট”কলৰ দ্ৰুত পৰ্যালোচনা আৰু বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে আৰু এনে ঘটনা পুনৰ সংঘটিত নহ’বলৈ আৰক্ষীক বৰ্ধিত টহল, সুৰক্ষা নিয়মক কঠোৰভাৱে বলবৎ কৰা আৰু অন্যান্য ঘাইপথ সুৰক্ষা প্ৰণালীৰ দৰে পদক্ষেপ শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়ে।

Latest News